--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ছিৰিজত ভাৰতে ২-২ৰে সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে। ৰাজকোটত দক্ষিণ আফ্ৰিকা পৰাস্ত হোৱাৰ পাছত ১৯ জুনত বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত যুঁজ দিব ঋষভ পণ্ট বাহিনীয়ে। ৰাজকোটত অনুষ্ঠিত শৃংখলাৰ চতুৰ্থখন খেলত দীনেশ কাৰ্তিকে ২৭টা বলত ৫৫ ৰান সংগ্ৰহ কৰি ‘মেন অৱ দ্য মেচ’ৰ সন্মান লাভ কৰে। ভাৰতে ২০ অ’ভাৰত ৬ উইকেটত ১৬৯ ৰান সংগ্ৰহ কৰে, প্ৰত্যুত্তৰত ৮৭ ৰানতে আটাইকেইটা উইকেট হেৰুৱায় দক্ষিণ আফ্ৰিকাই। ইফালে, ৮২ ৰানত জয়লাভ কৰে ভাৰতে।

মেচখনৰ শেষত দীনেশ কাৰ্তিকে কয়, ‘মোৰ বৰ ভাল লাগিছে। এই চেটআপত মই নিজকে অতি নিৰাপদ অনুভৱ কৰিছো। বিগত মেচসমূহত মোৰ পৰিকল্পনা অনুযায়ী কাম হোৱা নাছিল। কিন্তু, এই মেচখনত মই নিজকে প্ৰকাশ কৰিছো। মই ভাবো,  ডিকে-ই এতিয়াও ভাল চিন্তা কৰি আছে আৰু তেওঁ মেচৰ পৰিস্থিতি অতি ভালদৰে পঢ়াৰ লগতে উন্নত অনুশীলনেৰে ইমান দূৰলৈ আহিছে।’

দীনেশ কাৰ্তিকে লগতে কয় যে, ‘নেটত কঠিন বলিংৰ সন্মুখীন হৈ মোক এনেদৰে প্ৰস্তুত কৰা মই মোৰ প্ৰশিক্ষকক ইয়াৰ ক্ৰেডিট দিব বিচাৰো। এই পিটচখন বেটিঙৰ বাবে সহজ নাছিল। বাউণ্ডেৰী হিটিং কৰাটো সহজ নাছিল। আমাৰ অ’পেনাৰসকলে এতিয়ালৈকে ভাল আৰম্ভণি কৰিছে। ক্ৰীজত উপস্থিত হওঁতে হাৰ্দিক পাণ্ডিয়াই মোক চেট কৰিবলৈ সময় উলিয়াবলৈ ক’লে। এই ধৰণৰ পিটচত এজন খেলুৱৈ থাকিব লাগিব। বাংগালুৰু মোৰ বাবে হোম গ্ৰাউণ্ডৰ দৰে। মই তাত আৰচিবিৰ হৈ খেলা নাছিলো কিন্তু তাত বহুত খেল খেলিছিলো।’

ভাৰতীয় দলটোৰ এই প্ৰত্যাৱৰ্তনৰ সৰহভাগ কৃতিত্ব ৰাহুল দ্ৰাবিড়ক দিয়ে দীনেশ কাৰ্তিকে। কাৰ্তিকে কয়, ‘এই শৃংখলাটো শেষলৈ চলি থকাটো ভাল কথা। তৃতীয় আৰু চতুৰ্থখন মেচত ভাৰতে হেঁচাৰ মাজতে যিদৰে প্ৰদৰ্শন আগবঢ়াইছে, সেয়া আছিল এক আনন্দৰ কথা। ইয়াৰ কৃতিত্ব ৰাহুল দ্ৰাবিড়লৈ। তেওঁৰ উপস্থিতিত বহুত শান্তি। ড্ৰেছিং ৰুমৰ পৰিৱেশ যথেষ্ট শান্ত।

’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু