--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ছিৰিজত ভাৰতে ২-২ৰে সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে। ৰাজকোটত দক্ষিণ আফ্ৰিকা পৰাস্ত হোৱাৰ পাছত ১৯ জুনত বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত যুঁজ দিব ঋষভ পণ্ট বাহিনীয়ে। ৰাজকোটত অনুষ্ঠিত শৃংখলাৰ চতুৰ্থখন খেলত দীনেশ কাৰ্তিকে ২৭টা বলত ৫৫ ৰান সংগ্ৰহ কৰি ‘মেন অৱ দ্য মেচ’ৰ সন্মান লাভ কৰে। ভাৰতে ২০ অ’ভাৰত ৬ উইকেটত ১৬৯ ৰান সংগ্ৰহ কৰে, প্ৰত্যুত্তৰত ৮৭ ৰানতে আটাইকেইটা উইকেট হেৰুৱায় দক্ষিণ আফ্ৰিকাই। ইফালে, ৮২ ৰানত জয়লাভ কৰে ভাৰতে।

মেচখনৰ শেষত দীনেশ কাৰ্তিকে কয়, ‘মোৰ বৰ ভাল লাগিছে। এই চেটআপত মই নিজকে অতি নিৰাপদ অনুভৱ কৰিছো। বিগত মেচসমূহত মোৰ পৰিকল্পনা অনুযায়ী কাম হোৱা নাছিল। কিন্তু, এই মেচখনত মই নিজকে প্ৰকাশ কৰিছো। মই ভাবো,  ডিকে-ই এতিয়াও ভাল চিন্তা কৰি আছে আৰু তেওঁ মেচৰ পৰিস্থিতি অতি ভালদৰে পঢ়াৰ লগতে উন্নত অনুশীলনেৰে ইমান দূৰলৈ আহিছে।’

দীনেশ কাৰ্তিকে লগতে কয় যে, ‘নেটত কঠিন বলিংৰ সন্মুখীন হৈ মোক এনেদৰে প্ৰস্তুত কৰা মই মোৰ প্ৰশিক্ষকক ইয়াৰ ক্ৰেডিট দিব বিচাৰো। এই পিটচখন বেটিঙৰ বাবে সহজ নাছিল। বাউণ্ডেৰী হিটিং কৰাটো সহজ নাছিল। আমাৰ অ’পেনাৰসকলে এতিয়ালৈকে ভাল আৰম্ভণি কৰিছে। ক্ৰীজত উপস্থিত হওঁতে হাৰ্দিক পাণ্ডিয়াই মোক চেট কৰিবলৈ সময় উলিয়াবলৈ ক’লে। এই ধৰণৰ পিটচত এজন খেলুৱৈ থাকিব লাগিব। বাংগালুৰু মোৰ বাবে হোম গ্ৰাউণ্ডৰ দৰে। মই তাত আৰচিবিৰ হৈ খেলা নাছিলো কিন্তু তাত বহুত খেল খেলিছিলো।’

ভাৰতীয় দলটোৰ এই প্ৰত্যাৱৰ্তনৰ সৰহভাগ কৃতিত্ব ৰাহুল দ্ৰাবিড়ক দিয়ে দীনেশ কাৰ্তিকে। কাৰ্তিকে কয়, ‘এই শৃংখলাটো শেষলৈ চলি থকাটো ভাল কথা। তৃতীয় আৰু চতুৰ্থখন মেচত ভাৰতে হেঁচাৰ মাজতে যিদৰে প্ৰদৰ্শন আগবঢ়াইছে, সেয়া আছিল এক আনন্দৰ কথা। ইয়াৰ কৃতিত্ব ৰাহুল দ্ৰাবিড়লৈ। তেওঁৰ উপস্থিতিত বহুত শান্তি। ড্ৰেছিং ৰুমৰ পৰিৱেশ যথেষ্ট শান্ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ