--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত চাইকেল চলাই বিৰোধিতা বিৰোধীৰ। কিছুদিন পূৰ্বে, পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দিল্লীৰ ছাউথ এভিনিউৰ দলীয় কাৰ্যালয়ৰ পৰা তৃণমূল সাংসদে চাইকেল চলাই সংসদলৈ গৈছিল। একেপথেই যেন অনুসৰণ কৰিছে ৰাহুল গান্ধীয়ে! তৃণমূলৰ সাংসদসকলৰ পাছত ৰাহুলকে ধৰি বিৰোধী পক্ষৰ একাংশই চাইকেল চলাই সংসদলৈ ৰাওনা হয়। ইয়াৰ পূৰ্বে, ৰাহুলক সংসদলৈ ট্ৰেক্টৰ চলাই যোৱা দেখা গৈছিল। কেইবাজনো বিৰোধী নেতাৰ সৈতে এখন বৈঠক অনুষ্ঠিত হৈছিল।

বৈঠকত সংসদীয় ৰণনীতিৰ বিষয়ে আলোচনা কৰা বুলি জানিবলৈ পোৱা গৈছে। ৰাহুল গান্ধীয়ে আজি পুৱা দিল্লীত এখন প্ৰাতঃভোজন সভাৰ আহ্বান কৰিছিল। প্ৰায় এঘণ্টা ধৰি চলা ৰুদ্ধদ্বাৰ বৈঠকৰ পাছত বিৰোধীৰ স্থিতি শক্তিশালী কৰাৰ ৰণকৌশল তৈয়াৰৰ উপৰি বৈঠকৰ পাছত ৰাহুলে চাইকেলেৰে সংসদলৈ ৰাওনা হৈছিল। উল্লেখ্য যে, উক্ত বৈঠকখনত তৃণমূল, এনচিপি, শিৱসেনা, চিপিএম, চিপিআই, আৰএছপিৰ প্ৰতিনিধি উপস্থিত আছিল।


আনহাতে, দেশব্যাপী শিহৰণ তোলা পেগাচাছ বিষয়টোৱে সংসদৰ দুয়োখন সদনতে তিক্ত বিতৰ্কৰ সৃষ্টি কৰিছিল। পেগাচাছকে ধৰি কেইবাটাও বিষয়ত সম্প্ৰতি সদন অস্থিৰ হৈ আছে। বিৰোধীয়ে ‘প্লে-কাৰ্ড’ লৈ প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হৈছে। পেগাচাছকে ধৰি কেইবাটাও বিষয়ত সংসদৰ বৰ্ষাকালীন অধিৱেশন চলি আছে। কৃষক আন্দোলনৰ সৈতে সংহতি স্থাপন তেওঁৰ মূল উদ্দেশ্য বুলি ৰাহুল গান্ধীয়ে সদৰী কৰিছে। প্ৰণিধানযোগ্য যে, দেশজুৰি তোলপাৰ লগোৱা কৃষি আইন প্ৰত্যাহাৰৰ দাবীও কৰিছিল ৰাহুলে। তেওঁ কয়, ‘মই কৃষকসকলৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ বাৰ্তা প্ৰদান কৰিবলৈ সংসদলৈ আহিছো।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ