--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অসম-মিজোৰামৰ সীমা সমস্যা সমাধান কৰাৰ আহ্বান জনাই আজি অসমৰ বিজেপিৰ সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি প্ৰদান কৰিলে স্মাৰক-পত্ৰ৷ নিদিষ্ট সময়সীমাৰ ভিতৰত অসম-মিজোৰামৰ সীমা সমস্যা সমাধান কৰাৰ আহ্বান জনাই সাংসদসকলে৷

‘কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে টুইট কৰি সমস্যাটোৰ অধিক জটিল কৰিবলৈ চেষ্টা কৰিছে’- বুলি উল্লেখ কৰি কংগ্রেছক বিষয়টোক লৈ ৰাজনীতি নকৰিবলৈও আহ্বান জনায়৷ ১৫ বছৰত কংগ্রেছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বহুদূৰ পিছুৱাই নিলে বুলি অভিযোগ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক এক্ট ইষ্ট পলিচীৰ জৰিয়তে বহু আগুৱাই গৈছে৷

এই পৰিস্থিতিৰ সুযোগ যাতে কোনেও ৰাজনৈতিকভাৱে ল’ব নোৱাৰে, তাৰ বাবে চোকা নজৰ ৰাখিবলৈ সাংসদসকলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ শান্তি বৰ্তাই ৰাখিবলৈ সকলো ক্ষেত্রত নজৰ ৰাখিবলৈও সাংসদসকলক উপদেশ দিছে প্ৰধানমন্ত্ৰীয়ে৷

মিজোৰামৰ মাটিৰ পৰাই অসমলৈ গুলীচালনা কৰাটো ধ্ৰুৱ সত্য৷ গতিকে মিজোৰাম চৰকাৰে বিষয়টো অতি সাৱধানেৰে সমাধান কৰিব লাগিব বুলি কয় সাংসদসকলে৷ অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে বিষয়টো সমাধানৰ ক্ষেত্রত যি স্থিতি লৈছে তাক পূৰ্ণ সমৰ্থন আছে অসমৰ সাংসদসকলৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ