--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দলিতৰ ওপৰত নিৰ্যাতনৰ আন এক অমানৱীয় ঘটনাই দেশত আলোড়ন সৃষ্টি কৰিছে। একাংশ লোকে দলিতক ন্যুনতম মানৱীয় মৰ্যাদাৰ পৰাও বঞ্চিত কৰাৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে এই ঘটনা ঘটিছে দেশৰ ৰাজধানীত। ৰাজধানী দিল্লীত এগৰাকী ৯ বছৰীয়া দলিত কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰাৰ পাছত হত্যাকাৰীয়ে বলপূৰ্বক জ্বলাই দিয়ে কিশোৰীগৰাকীৰ মৃতদেহ। এই ঘটনা পোহৰলৈ অহাৰ পাছতে তুমুল চাঞ্চল্যৰ সৃষ্টি হয়। দিল্লীৰ নাংগল এলেকাত এই ঘটনা সংঘটিত হৈছিল। ঘটনাটো কিছু পলমকৈ পোহৰলৈ আহে। দেওবাৰে সংঘটিত হোৱা ঘটনাই পুনৰ হাথৰছৰ দৰে জঘন্য কাণ্ডৰ দুঃসহ স্মৃতি পুনৰ সজীৱ কৰি তুলিছে।

আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দুৰ্ভগীয়া কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ পাছত ৰাহুলে সংবাদ মাধ্যমৰ আগত কয়, ‘মই পৰিয়ালটোৰ সৈতে কথা পাতিলোঁ। তেওঁলোকে ন্যায় বিচাৰে, আন একো নহয়। তেওঁলোকে অভিযোগ কৰিছে যে, তেওঁলোকক ন্যায় দিয়া হোৱা নাই আৰু তেওঁলোকক সহায় কৰা উচিত। আমি সেই কাম কৰিম।

মই তেওঁলোকক কৈছোঁ যে, মই তেওঁলোকৰ কাষত ঠিয় হৈ থাকিম। ৰাহুল গান্ধী তেওঁলোকে ন্যায় নোপোৱালৈ তেওঁলোকৰ সৈতে ঠিয় হৈ থাকিব।’ কালিও ৰাহুলে এই সম্পৰ্কীয় বাতৰি সংলগ্ন কৰি টুইট কৰিছিল আৰু কিশোৰীগৰাকীক ‘দেশৰ জীয়ৰী’ আখ্যা দিছিল। এই মৰ্মান্তিক ঘটনাৰ বাতৰি এটা সংলগ্ন কৰি ৰাহুলে টুইটাৰত লিখিছিল, ‘দলিতৰ কন্যাও দেশৰে কন্যা।’ কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়েও টুইটযোগে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগক চোকা সমালোচনা কৰে।

তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীয়েও কেন্দ্ৰীয় গৃহমন্ত্ৰীক এই ঘটনাৰ প্ৰসংগত সমালোচনা কৰিছে। পুৰণি নাংগলত বসবাস কৰা পৰিয়ালটোৰ এই দুৰ্যোগৰ সময়ত দলিত নেতা তথা ভীম আর্মীৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদেও ঠিয় দিছে। তেওঁ পৰিয়ালটোক সাক্ষাৎ কৰিছে। ইফালে, স্থানীয় লোকসকলে দেওবাৰৰ পৰাই এই ঘটনাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। ইফালে, প্ৰবল প্ৰতিক্ৰিয়া সৃষ্টি কৰা এই ঘটনাৰ পাছত দিল্লী আৰক্ষীয়েও তৎপৰতাৰে ঘটনাৰ তদন্ত আৰম্ভ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ