--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দলিতৰ ওপৰত নিৰ্যাতনৰ আন এক অমানৱীয় ঘটনাই দেশত আলোড়ন সৃষ্টি কৰিছে। একাংশ লোকে দলিতক ন্যুনতম মানৱীয় মৰ্যাদাৰ পৰাও বঞ্চিত কৰাৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে এই ঘটনা ঘটিছে দেশৰ ৰাজধানীত। ৰাজধানী দিল্লীত এগৰাকী ৯ বছৰীয়া দলিত কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰাৰ পাছত হত্যাকাৰীয়ে বলপূৰ্বক জ্বলাই দিয়ে কিশোৰীগৰাকীৰ মৃতদেহ। এই ঘটনা পোহৰলৈ অহাৰ পাছতে তুমুল চাঞ্চল্যৰ সৃষ্টি হয়। দিল্লীৰ নাংগল এলেকাত এই ঘটনা সংঘটিত হৈছিল। ঘটনাটো কিছু পলমকৈ পোহৰলৈ আহে। দেওবাৰে সংঘটিত হোৱা ঘটনাই পুনৰ হাথৰছৰ দৰে জঘন্য কাণ্ডৰ দুঃসহ স্মৃতি পুনৰ সজীৱ কৰি তুলিছে।

আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দুৰ্ভগীয়া কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ পাছত ৰাহুলে সংবাদ মাধ্যমৰ আগত কয়, ‘মই পৰিয়ালটোৰ সৈতে কথা পাতিলোঁ। তেওঁলোকে ন্যায় বিচাৰে, আন একো নহয়। তেওঁলোকে অভিযোগ কৰিছে যে, তেওঁলোকক ন্যায় দিয়া হোৱা নাই আৰু তেওঁলোকক সহায় কৰা উচিত। আমি সেই কাম কৰিম।

মই তেওঁলোকক কৈছোঁ যে, মই তেওঁলোকৰ কাষত ঠিয় হৈ থাকিম। ৰাহুল গান্ধী তেওঁলোকে ন্যায় নোপোৱালৈ তেওঁলোকৰ সৈতে ঠিয় হৈ থাকিব।’ কালিও ৰাহুলে এই সম্পৰ্কীয় বাতৰি সংলগ্ন কৰি টুইট কৰিছিল আৰু কিশোৰীগৰাকীক ‘দেশৰ জীয়ৰী’ আখ্যা দিছিল। এই মৰ্মান্তিক ঘটনাৰ বাতৰি এটা সংলগ্ন কৰি ৰাহুলে টুইটাৰত লিখিছিল, ‘দলিতৰ কন্যাও দেশৰে কন্যা।’ কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়েও টুইটযোগে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগক চোকা সমালোচনা কৰে।

তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীয়েও কেন্দ্ৰীয় গৃহমন্ত্ৰীক এই ঘটনাৰ প্ৰসংগত সমালোচনা কৰিছে। পুৰণি নাংগলত বসবাস কৰা পৰিয়ালটোৰ এই দুৰ্যোগৰ সময়ত দলিত নেতা তথা ভীম আর্মীৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদেও ঠিয় দিছে। তেওঁ পৰিয়ালটোক সাক্ষাৎ কৰিছে। ইফালে, স্থানীয় লোকসকলে দেওবাৰৰ পৰাই এই ঘটনাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। ইফালে, প্ৰবল প্ৰতিক্ৰিয়া সৃষ্টি কৰা এই ঘটনাৰ পাছত দিল্লী আৰক্ষীয়েও তৎপৰতাৰে ঘটনাৰ তদন্ত আৰম্ভ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু