--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতত চলি আছে ক্ৰিকেট জগতৰ সৰ্ববৃহৎ টুৰ্নামেণ্ট এদিনীয়া বিশ্বকাপ৷ চলি থকা আই চি চি বিশ্বকাপ ২০২৩ত ভাৰতীয় ক্ৰিকেট দলটোৱে এই পৰ্যন্ত আঠখন খেলতে জয়লাভ কৰি ছেমি-ফাইনেলত স্থান নিশ্চিত কৰিছে। ৰোহিত শৰ্মাৰ নেতৃত্বত,বিৰাট কোহলী, মহম্মদ ছিৰাজৰ দৰে খেলুৱৈৰ উপৰিও মহম্মদ শ্বামী, শুভমন গীল, ৰবীন্দ্ৰ জাডেজা, কে এল ৰাহুল,আদিয়ে অতীৱ সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। কিন্তু ভাৰতীয় দলত স্থান লাভৰ যাত্ৰা এইসকল খেলুৱৈৰ বাবে সহজ হোৱা নাছিল৷ যিসকলে নিজৰ সকলো শক্তি প্ৰশিক্ষণৰ বাবে উৎসৰ্গা কৰিছিল, আনকি কিছুমানে ক্ৰিকেটৰ প্ৰতি থকা অনুৰাগত আগুৱাই নিবলৈ উচ্চ শিক্ষাও ত্যাগ কৰিছিল। জানো আহক অধিনায়ক ৰোহিত শৰ্মা আৰু তেওঁৰ সতীৰ্থসকলৰ শৈক্ষিক অৰ্হতা।

ৰোহিত শৰ্মা- ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰে বৈলাংকন্নী হাইস্কুলত। পাছলৈ তেওঁ স্বামী বিবেকানন্দ স্কুললৈ  যায় আৰু স্কুল ক্ৰিকেট প্ৰতিযোগিতাত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে ৰোহিতক বৃত্তিৰে সন্মানিত কৰা হয়। হিটমেন নামেৰেও পৰিচিত শৰ্মাই দ্বাদশ বৰ্ড পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও ক্ৰিকেটত মনোনিৱেশ কৰিবলৈ ৰিজৱী কলেজৰ পৰা পৰৱৰ্তী শিক্ষা বাদ দিছিল।

কে এল ৰাহুল- ৩১ বছৰীয়া ভাৰতীয় উইকেটকীপাৰ বেটছমেনগৰাকীয়ে সুৰাথকালৰ এন আই টি কে ইংৰাজী মিডিয়াম স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰি পাছলৈ ছেইণ্ট এলয়ছিয়াছ কলেজত অধ্যয়ন কৰে। ক্ৰিকেট কেৰিয়াৰত মনোনিৱেশ কৰাৰ উপৰিও কে এল ৰাহুলে বেংগালুৰুৰ শ্ৰী ভগৱান মহাবীৰ জৈন মহাবিদ্যালয়ৰ পৰাও বাণিজ্য শাখাত স্নাতক (বি.কম) ডিগ্ৰী লাভ কৰে।

শ্ৰেয়ছ আয়াৰ- ২০২৩ চনৰ আই চি চি বিশ্বকাপ আৰম্ভ হোৱাৰ ঠিক আগতেই মধ্যপ্ৰদেশৰ ইন্দোৰৰ হোলকাৰ ক্ৰিকেট ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিজৰ উজ্জ্বল শতকেৰে সকলোকে আপ্লুত কৰিছিল শ্ৰেয়াছ আয়েৰে। মুম্বাইত জন্মগ্ৰহণ কৰা আয়াৰে ডন বস্ক’ হাইস্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰি ৰামনীৰঞ্জন আনন্দিলাল পোদ্দাৰৰ কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

বিৰাট কোহলী- বিশ্বৰ অন্যতম প্ৰতিভাৱান ক্ৰিকেটাৰ বিৰাট কোহলীয়ে দিল্লীৰ বিশাল ভাৰতী পাব্লিক স্কুলত নৱম শ্ৰেণীলৈকে পঢ়িছিল আৰু তাৰ পাছত পশ্চিমম বিহাৰৰ ছেভিয়াৰ কনভেণ্ট স্কুললৈ গুচি গৈছিল আৰু তাৰ পৰাই তেওঁ দ্বাদশ শ্ৰেণীলৈকে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল৷ 

শুভমন গীল-ভাৰতীয় ক্ৰিকেটৰ ৰাজকুমাৰ হিচাপে জনপ্ৰিয় শুভমন গীলে ১৭ বছৰ বয়সত ভাৰতীয় ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলত যোগদান কৰে।আৰম্ভণিৰ সফলতাৰ বাবে গীলে মানৱ মংগল বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছতে শিক্ষা সাং কৰে আৰু ক্ৰিকেটত মনোনিৱেশ কৰে৷

সূৰ্যকুমাৰ যাদৱ- মুম্বাইত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা সূৰ্যকুমাৰ যাদৱে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত বেটিং প্ৰদৰ্শনৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে খ্যাতি অৰ্জন কৰিছিল। বৰ্তমান ভাৰতীয় টি-২০ আই দলৰ ভাইচ অধিনায়ক যাদৱে পিল্লাই কলেজ অৱ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্সৰ পৰা কমাৰ্চত (বি.কম) স্নাতক ডিগ্ৰী লাভ কৰিছে।

ৰবীন্দ্ৰ জাদেজা- অল ৰাউণ্ড প্ৰদৰ্শন আৰু মেচ জয়ৰ ক্ষমতাৰ বাবে সুপৰিচিত ৰবীন্দ্ৰ জাডেজাই ২০০৮ চনত ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ ভাইচ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি জাদেজাই বাছি লৈছিল গুজৰাটৰ শাৰদাগ্ৰাম স্কুলত শিক্ষা সম্পূৰ্ণ কৰি কলেজ এৰি ক্ৰিকেট কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ।

ৰবিচন্দ্ৰন অশ্বিন- বৰ্তমান টেষ্ট ক্ৰিকেটৰ সৰ্বোচ্চ ৰেংকিঙত থকা বলাৰ অশ্বিন৷ ৰাইট আৰ্ম অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে ক্ৰিকেট জগতত খ্যাতি অৰ্জন কৰাৰ পূৰ্বে চেন্নাইৰ এছ এছ এন কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা ইনফৰ্মেচন টেকন’লজিত বি টেক ডিগ্ৰী লাভ কৰিছে৷

মহম্মদ শ্বামী- প্ৰায়সমূহ সতীৰ্থৰ দৰেই ভাৰতীয় পেচাৰ মহম্মদ ছামীয়েও উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ আমিৰ হাছান খান কলেজত অধ্যয়ন সম্পূৰ্ণ কৰি ক্ৰিকেটত মনোনিৱেশ কৰিছিল। 

যশপ্ৰীত বুমৰাহ- ভাৰতৰ বলিং আক্ৰমণৰ নেতৃত্ব দিয়াৰ বাবে পৰিচিত যশপ্ৰীত বুমৰাহে আহমেদাবাদৰ নিৰ্মাণ হাইস্কুলত স্কুলীয়া শিক্ষা সম্পন্ন কৰিছিল। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পেচাৰ হিচাপে গণ্য কৰা তেওঁ ২০১৮ চনত অষ্ট্ৰেলিয়াৰ ইণ্ডিয়া ট্যুৰৰ সময়ত মিচেল ষ্টাৰ্ক আৰু পেট কামিন্সক আউটপেচ কৰিছিল কৰি ১৫৩ কিলোমিটাৰ প্ৰতি ঘণ্টাত বলিং কৰিছিল।

মহম্মদ ছিৰাজ- ২৯ বছৰীয়া সোঁহাতৰ বেগী বলাৰগৰাকীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে এছিয়া কাপ ২০২৩ৰ ফাইনেলত ছয়জন শ্ৰীলংকাৰ খেলুৱৈক আউট কৰিছিল। কোহলী,ৰোহিত শৰ্মা, আৰু কেইজনমান ভাৰতীয় ক্ৰিকেটাৰৰ দৰেই ছিৰাজেও দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰিছে বুলি বিভিন্ন অনলাইন প্ৰতিবেদনত প্ৰকাশ পাইছে।প্ৰতিবেদনৰ মতে ছিৰাজে হায়দৰাবাদৰ নামপল্লীৰ ছাফা জুনিয়ৰ কলেজত অধ্যয়ন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন