--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে আছিল বিৰাট কোহলীৰ জন্মদিন৷ দেশ-বিদেশৰ অনুৰাগীয়ে ৰৈ আছিল ৫ নৱেম্বৰৰ দিনটোলৈ৷ সেই দিনটোতে ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰে মুখামুখি হৈছিল ভাৰত৷ 

কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত তেওঁৰ ৪৯সংখ্যক এদিনীয়া শতক অৰ্জন কৰিছিল। ১১৯টা বলত ১০ টা চাৰিৰে ১০১ ৰাণ। বিৰাটে কলকাতাত শচীন তেণ্ডুলকাৰৰ অভিলেখ স্পৰ্শ কৰিছিল৷ কোহলীয়ে তেওঁৰ জন্মদিনত নিজকে দিছিল এই উপহাৰ। কৃতজ্ঞ হৈছিল দেশবাসীও৷ 

কিন্তু, কোহলীৰ বিশেষ দিনটোত সকলো থাকিও কোনোবাখিনিত কোহলী ৰিক্ত৷ কোহলীয়ে অনুভৱ কৰিছে প্ৰেয়সীপত্নী অনুষ্কাৰ উপস্থিতি৷ ইডেনৰ গেলেৰীত উপস্থিত নোহোৱা বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই তেওঁৰ স্বামী বিৰাটক শুভেচ্ছা জনাইছিল। 

ক্ৰিকেটত যিকোনো মাইলৰ খুঁটি স্পৰ্শ কৰাৰ পাছত বিৰাটে সাধাৰণতে প্ৰথমে গেলেৰীলৈ চায়। কিন্তু, দেওবাৰৰ দিনটো আছিল ব্যতিক্ৰম৷ জনাকীৰ্ণ ইডেনৰ গেলেৰীত নাছিল অনুষ্কা।

পিছে, কিয় উপস্থিত নাছিল অনুষ্কা?
অনুষ্কা দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে৷ বিগত এমাহ ধৰি এই খবৰটোক লৈ গুঞ্জন-গুজৱ অব্যাহত আছে৷ অনুষ্কাক ছেপ্টেম্বৰৰ শেষৰ ফালে এটা প্ৰসূতি ক্লিনিকৰ বাহিৰত দেখা গৈছিল। 

অৱশ্যে, অনুষ্কাৰ অনুৰোধত তেওঁৰ কোনো ফটো মুকলি কৰা হোৱা নাই। অনুষ্কাই আশ্বাস দিছিল যে তেওঁলোকে অচিৰেই তেওঁলোকৰ হৈ এটা আনুষ্ঠানিক ঘোষণা কৰিব। অৱশ্যে, বিৰুষ্কাই এতিয়াও ‘ভাল খবৰ’টো ঘোষণা কৰা নাই। 

ইডেন গাৰ্ডেনত অনুষ্কাৰ অনুপস্থিতিয়ে পৰোক্ষভাৱে সেই দিশকে আঙুলিয়াই দিয়ে নেকি?

অনুষ্কাই বিৰাটৰ অভিলেখ গঢ়া ইনিংছটোৰ প্ৰতি চকু ফুৰাব নোৱাৰিলে, যিহেতু তেওঁ গেলেৰীত নাছিল। অৱশ্যে, বিৰাটৰ শতকৰ পাছত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামীক ছ’চিয়েল মিডিয়াযোগে শুভেচ্ছা জনাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ