--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে আছিল বিৰাট কোহলীৰ জন্মদিন৷ দেশ-বিদেশৰ অনুৰাগীয়ে ৰৈ আছিল ৫ নৱেম্বৰৰ দিনটোলৈ৷ সেই দিনটোতে ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰে মুখামুখি হৈছিল ভাৰত৷ 

কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত তেওঁৰ ৪৯সংখ্যক এদিনীয়া শতক অৰ্জন কৰিছিল। ১১৯টা বলত ১০ টা চাৰিৰে ১০১ ৰাণ। বিৰাটে কলকাতাত শচীন তেণ্ডুলকাৰৰ অভিলেখ স্পৰ্শ কৰিছিল৷ কোহলীয়ে তেওঁৰ জন্মদিনত নিজকে দিছিল এই উপহাৰ। কৃতজ্ঞ হৈছিল দেশবাসীও৷ 

কিন্তু, কোহলীৰ বিশেষ দিনটোত সকলো থাকিও কোনোবাখিনিত কোহলী ৰিক্ত৷ কোহলীয়ে অনুভৱ কৰিছে প্ৰেয়সীপত্নী অনুষ্কাৰ উপস্থিতি৷ ইডেনৰ গেলেৰীত উপস্থিত নোহোৱা বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই তেওঁৰ স্বামী বিৰাটক শুভেচ্ছা জনাইছিল। 

ক্ৰিকেটত যিকোনো মাইলৰ খুঁটি স্পৰ্শ কৰাৰ পাছত বিৰাটে সাধাৰণতে প্ৰথমে গেলেৰীলৈ চায়। কিন্তু, দেওবাৰৰ দিনটো আছিল ব্যতিক্ৰম৷ জনাকীৰ্ণ ইডেনৰ গেলেৰীত নাছিল অনুষ্কা।

পিছে, কিয় উপস্থিত নাছিল অনুষ্কা?
অনুষ্কা দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে৷ বিগত এমাহ ধৰি এই খবৰটোক লৈ গুঞ্জন-গুজৱ অব্যাহত আছে৷ অনুষ্কাক ছেপ্টেম্বৰৰ শেষৰ ফালে এটা প্ৰসূতি ক্লিনিকৰ বাহিৰত দেখা গৈছিল। 

অৱশ্যে, অনুষ্কাৰ অনুৰোধত তেওঁৰ কোনো ফটো মুকলি কৰা হোৱা নাই। অনুষ্কাই আশ্বাস দিছিল যে তেওঁলোকে অচিৰেই তেওঁলোকৰ হৈ এটা আনুষ্ঠানিক ঘোষণা কৰিব। অৱশ্যে, বিৰুষ্কাই এতিয়াও ‘ভাল খবৰ’টো ঘোষণা কৰা নাই। 

ইডেন গাৰ্ডেনত অনুষ্কাৰ অনুপস্থিতিয়ে পৰোক্ষভাৱে সেই দিশকে আঙুলিয়াই দিয়ে নেকি?

অনুষ্কাই বিৰাটৰ অভিলেখ গঢ়া ইনিংছটোৰ প্ৰতি চকু ফুৰাব নোৱাৰিলে, যিহেতু তেওঁ গেলেৰীত নাছিল। অৱশ্যে, বিৰাটৰ শতকৰ পাছত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামীক ছ’চিয়েল মিডিয়াযোগে শুভেচ্ছা জনাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু