--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইম আউট! শ্ৰীলংকা-বাংলাদেশৰ মেচত এঞ্জেলো মেথিউজৰ ক্ষেত্ৰত সংঘটিত হোৱা এই কাণ্ডক লৈ তোলপাৰ লাগিছে ক্ৰিকেট জগত। পূৰ্বে এইধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলনে? তেতিয়া আউট দিয়া হৈছিলনে?

কেইবাবাৰো সংঘটিত হৈছিল। বিভিন্ন দেশৰ ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো এই কাণ্ড সংঘটিত হৈছিল। খোদ সৌৰভ গাংগুলীয়ে ক্ৰিজত প্ৰৱেশ কৰোতে এবাৰ পলম কৰিছিল। কিন্তু তেওঁক আউট দিয়া হোৱা নাছিল।

এই কাহিনীটো ২০০৭ চনত ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ। ভ্ৰমণৰ তৃতীয় আৰু অন্তিম টেষ্টখন হৈছিল কেপ টাউনত। ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। শৃংখলাটো তেতিয়ালৈকে ১-১ হৈ আছিল।

ভাৰতীয় অ’পেনাৰসকলে দ্বিতীয় ইনিংছৰ ১৪টা বলৰ ভিতৰতে ৰাওনা হোৱাৰ ফলত ভাৰত বিপদত পৰিল। অপেনাৰ আউট হোৱাৰ পাছত শচীন টেণ্ডুলকাৰে বেটিং কৰাৰ কথা আছিল যদিও তাৰ আগদিনা তেওঁ খেলপথাৰৰ বাহিৰত আছিল। সেয়ে নিয়ম অনুসৰি তেওঁ খেলপথাৰত অনুপস্থিত থকাৰ সমসংখ্যক সময়তহে পুনৰ প্ৰৱেশ কৰিব পাৰিব। বিপদত পৰিল টীম ইণ্ডিয়া।

চতুৰ্থ আম্পায়াৰ মাৰে ব্ৰাউনেও ভাৰতৰ ড্ৰেছিং ৰুমক এই কথা জনায়। অপ্ৰস্তুত ভাৰতীয় দলটোৱে হঠাতে সুকীয়া বেটছমেন বাছনি কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত খেলপথাৰলৈ পঠিয়াবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। বেটিং ক্ৰমত পৰৱৰ্তী বেটছমেন ভিভিএছ লক্ষ্মণে তেতিয়া গা ধুই আছিল, যাৰ ফলত ভাৰতীয় দলৰ পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছিল। শচীন আৰু ভিভিএছৰ অনুপস্থিতিত ৬ নম্বৰৰ বেটাৰ সৌৰভ গাংগুলীয়ে ক্ৰীজলৈ যাব লগা হ’ল। কিন্তু তেওঁ তেতিয়াও ট্ৰেকছুট পিন্ধি আছিল!

ট্ৰেকছুট খুলি জাৰ্চি পিন্ধি খেলপথাৰলৈ লৰালৰিকৈ গ’ল গাংগুলী। গাংগুলীয়ে ক্ৰীজত উপনীত হ’বলৈ ছয় মিনিট সময় লৈছিল। এমচিচিয়ে নিৰ্ধাৰণ কৰা নিয়মৰ বিৰুদ্ধে আছিল গাংগুলীৰ এই পলম। অৱশ্যে গ্ৰেম স্মিথৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ দলটোৱে 'টাইম আউট’ৰ আবেদন নকৰাৰ সিদ্ধান্ত লয়।

গতিকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত টাইম আউট হোৱা প্ৰথমজন খেলুৱৈ হোৱাৰ পৰা গাংগুলীয়ে অলপতে ৰক্ষা পৰিছিল। তাৰ পাছত তেওঁ ৪৬ ৰান সংগ্ৰহ কৰি ইনিংছৰ দ্বিতীয় সৰ্বাধিক স্ক’ৰাৰ হিচাপে পৰিগণিত হয়। গাংগুলীৰ ইনিংছে ভাৰতক বচাব নোৱাৰিলে আৰু দক্ষিণ আফ্ৰিকাই খেলখন পাঁচ উইকেটত জয়লাভ কৰে।

গ্ৰেম স্মিথে ভাৰতীয় দল আৰু ইয়াৰ অনুৰাগীৰ সন্মান অৰ্জন কৰিছিল। আইনত লিখাৰ বাবে তেওঁ সহজেই আবেদন কৰি সৌৰভ গাংগুলীক ঘূৰাই পঠিয়াব পাৰিলেহেঁতেন। কিন্তু তেওঁ আবেদন নকৰিলে। ইয়াকে কোৱা হয় স্পিৰিট অৱ ক্ৰিকেট!

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement