--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি প্ৰতিখন ঘৰতে ভাতক প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰো। কিন্তু এই ভাত বনাওঁতে আমি জানিয়েই হওক বা অজানিতে হওক এটা ডাঙৰ ভুল কৰো, সেইটো হ’ল যে আমি ভাত বনাবলৈ চাউল ধুই সেই পানী পেলাই দিওঁ। দৰাচলতে চাউলৰ পানী স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেয়া কথা আমি বহু লোকে নাজানো। এই পানী বহু ৰোগ নিৰাময়ত ঔষধৰ দৰে কাম কৰে।ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, ফাইবাৰ এন্টিঅক্সিডেন্ট, কেলচিয়াম ডায়েটাৰী ফাইবাৰ, জিংক পটাছিয়াম আদি খনিজ পদাৰ্থ পোৱা যায়। গতিকে চাউলৰ পানীৰে কোনবোৰ সমস্যা নিৰাময় কৰিব পাৰি জানো আহক।

চাউলৰ পানী উপকাৰিতা-

১) চাউলৰ পানীত প্ৰচুৰ পৰিমাণে আঁহ থাকে বাবে পাচনতন্ত্ৰ শক্তিশালী  কৰে। নিয়মিতভাৱে এই পানী সেৱনে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে। ই অন্ত্ৰৰ ভাল বেক্টেৰিয়া সক্ৰিয় কৰে, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে।

২) গ্ৰীষ্মকালত যদি আপুনি ভাগৰুৱা লগতে শক্তিৰ অভাৱ অনুভৱ কৰে তেন্তে চাউলৰ পানী খাব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে বাবে দুৰ্বলতা দূৰ কৰিব পাৰে। চাউলৰ পানী খালে শৰীৰটো জলসিঞ্চিত আৰু শীতল কৰি ৰখাত সহায় কৰে।

৩) জ্বৰৰ সময়তো চাউলৰ পানী ব্যৱহাৰে শৰীৰৰ উষ্ণতা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ দ্বাৰা শৰীৰক ভিতৰৰ পৰা শীতল কৰি উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।

৪) চাউলৰ পানী ব্যৱহাৰ কৰিও ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰে।ইয়াৰ বাবে এটুকুৰা কপাহ লৈ চাউলৰ পানীত ডুবাই মুখত লগালে প্ৰাকৃতিকভাৱে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।

৫) চাউলৰ পানীয়ে চুলিক ভিতৰৰ পৰা পুষ্টি দি মজবুত কৰে, ইয়াত ইনোচিটল থাকে। ই একপ্ৰকাৰৰ কাৰ্বহাইড্ৰেট যিয়ে চুলিক শক্তিশালী কৰাত সহায় কৰিব পাৰে আৰু চুলি বৃদ্ধিটো সহায় কৰে। ইয়াৰ উপৰি উফি আৰু চুলি ফটা সমস্যা দূৰ হয়।

৬) ডায়েৰিয়া সমস্যা দূৰ কৰাটো চাউলৰ পানী আছে বহু উপকাৰী গুণ। ইয়াৰ দ্বাৰা আপুনি বহু পৰিমাণে ডায়েৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰে।

৭) চাউলৰ পানীয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে। ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ, ভিটামিন, আইৰণ, ফাইটোকেমিকেল, মেগনেছিয়াম আৰু পটাছিয়াম পোৱা যায়, যিয়ে উচ্চ বি পি হ্ৰাস কৰাত সহায় কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু