--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি প্ৰতিখন ঘৰতে ভাতক প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰো। কিন্তু এই ভাত বনাওঁতে আমি জানিয়েই হওক বা অজানিতে হওক এটা ডাঙৰ ভুল কৰো, সেইটো হ’ল যে আমি ভাত বনাবলৈ চাউল ধুই সেই পানী পেলাই দিওঁ। দৰাচলতে চাউলৰ পানী স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেয়া কথা আমি বহু লোকে নাজানো। এই পানী বহু ৰোগ নিৰাময়ত ঔষধৰ দৰে কাম কৰে।ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, ফাইবাৰ এন্টিঅক্সিডেন্ট, কেলচিয়াম ডায়েটাৰী ফাইবাৰ, জিংক পটাছিয়াম আদি খনিজ পদাৰ্থ পোৱা যায়। গতিকে চাউলৰ পানীৰে কোনবোৰ সমস্যা নিৰাময় কৰিব পাৰি জানো আহক।

চাউলৰ পানী উপকাৰিতা-

১) চাউলৰ পানীত প্ৰচুৰ পৰিমাণে আঁহ থাকে বাবে পাচনতন্ত্ৰ শক্তিশালী  কৰে। নিয়মিতভাৱে এই পানী সেৱনে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে। ই অন্ত্ৰৰ ভাল বেক্টেৰিয়া সক্ৰিয় কৰে, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে।

২) গ্ৰীষ্মকালত যদি আপুনি ভাগৰুৱা লগতে শক্তিৰ অভাৱ অনুভৱ কৰে তেন্তে চাউলৰ পানী খাব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে বাবে দুৰ্বলতা দূৰ কৰিব পাৰে। চাউলৰ পানী খালে শৰীৰটো জলসিঞ্চিত আৰু শীতল কৰি ৰখাত সহায় কৰে।

৩) জ্বৰৰ সময়তো চাউলৰ পানী ব্যৱহাৰে শৰীৰৰ উষ্ণতা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ দ্বাৰা শৰীৰক ভিতৰৰ পৰা শীতল কৰি উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।

৪) চাউলৰ পানী ব্যৱহাৰ কৰিও ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰে।ইয়াৰ বাবে এটুকুৰা কপাহ লৈ চাউলৰ পানীত ডুবাই মুখত লগালে প্ৰাকৃতিকভাৱে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।

৫) চাউলৰ পানীয়ে চুলিক ভিতৰৰ পৰা পুষ্টি দি মজবুত কৰে, ইয়াত ইনোচিটল থাকে। ই একপ্ৰকাৰৰ কাৰ্বহাইড্ৰেট যিয়ে চুলিক শক্তিশালী কৰাত সহায় কৰিব পাৰে আৰু চুলি বৃদ্ধিটো সহায় কৰে। ইয়াৰ উপৰি উফি আৰু চুলি ফটা সমস্যা দূৰ হয়।

৬) ডায়েৰিয়া সমস্যা দূৰ কৰাটো চাউলৰ পানী আছে বহু উপকাৰী গুণ। ইয়াৰ দ্বাৰা আপুনি বহু পৰিমাণে ডায়েৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰে।

৭) চাউলৰ পানীয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে। ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ, ভিটামিন, আইৰণ, ফাইটোকেমিকেল, মেগনেছিয়াম আৰু পটাছিয়াম পোৱা যায়, যিয়ে উচ্চ বি পি হ্ৰাস কৰাত সহায় কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে