--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰঙা চীনৰ নিষ্ঠুৰতা আৰু কঠোৰতাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। উইঘুৰ মুছলমানৰ ওপৰত অমানৱীয় নিৰ্যাতন চলাই অহা চীনৰ দুষ্কাৰ্যই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰি অহাৰ সময়তে এইবাৰ দেশখনৰ আন এক নিষ্ঠুৰতা পোহৰলৈ আহিছে। চৰকাৰৰ সমালোচনা কৰা বাবেই এগৰাকী সাংবাদিকক দেশখনে ঠেলি দিছে মৃত্যুৰ মুখলৈ। এই বাতৰি পোহৰলৈ অহাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে।


চীন চৰকাৰৰ বিৰুদ্ধাচৰণ কৰাৰ বিষম পৰিণতি ভুগিবলগীয়া হৈছে সেই দেশৰ এগৰাকী সাংবাদিকে। বিশ্ববিয়পা মহামাৰী কোভিডৰ উৎপত্তিস্থল বুলি ধাৰণা কৰা উহানত চীন চৰকাৰে প্ৰাথমিক পৰ্যায়ত পৰিস্থিতি চম্ভালাৰ ক্ষেত্ৰত দেখুওৱা শিথিলতাৰ কথা প্ৰকাশৰ অপৰাধত কাৰাগাৰলৈ নিক্ষেপ কৰা সংবাদিকগৰাকী এতিয়া মৃত্যুৰ গৰাহত পৰিছে বুলি তেওঁৰ পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে। কাৰাগাৰত অনশন কৰি থকা ‘নাগৰিক সাংবাদিক’গৰাকীৰ স্বাস্থ্য অতি শোচনীয় হৈ পৰা বুলি প্ৰকাশ কৰি তেওঁ তৎক্ষণাত মুকলি কৰি দিবলৈ বিভিন্ন সংগঠনে এতিয়া দাবী তুলিছে। ঝ্যাং ঝান নামৰ ৩৮ বছৰীয়া অধিবক্তা তথা সংবাদিকগৰাকীয়ে ২০২০চনত উহান ভ্ৰমণ কৰিছিল আৰু কোভিড মহামাৰীৰ অভিকেন্দ্ৰ উহানত কোভিড ব্যৱস্থাপনৰ বিশৃংখলাৰ বিষয়ে প্ৰকাশ কৰি ইয়াৰ ব্যৱস্থাপনাৰে জড়িত প্ৰশাসনৰ লোকৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।

নিজৰ স্মাৰ্টফোনৰ জৰিয়তে ভিডিঅ’ প্ৰস্তুত কৰি প্ৰকাশ কৰাৰ অভিযোগত তেওঁ ২০২০ চনৰ মে’ মাহত চীন চৰকাৰে আটক কৰে আৰু ডিচেম্বৰ মাহত ৪ বছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰে। তেওঁৰ বিৰুদ্ধে ‘সংঘাত সৃষ্টিৰ চেষ্টা আৰু সমস্যাক উচতনি দিয়া’ৰ অভিযোগ উত্থাপন কৰিছিল চৰকাৰে। কাৰাগৰাত ঝ্যাং ঝানে অনশন কৰি আছে আৰু কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক বলপূৰ্বকভাৱে নাকত পাইপ লগাই খুওৱাৰ ব্যৱস্থা কৰিছে। কিন্তু তেওঁৰ ভাতৃ ঝাং জুৱে সদৰি কৰিছে যে, তেওঁৰ ব্যাপক হাৰত ওজন হ্ৰাস হৈছে আৰু তেওঁ বেছিদিন বাছি নাথাকে। তেওঁৰ অধিবক্তাৰ হাততো তেওঁৰ বৰ্তমানৰ অৱস্থা সম্পৰ্কত কোনো তথ্য নাই বুলি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ