--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে নিজৰ নতুন উদ্ভাৱনেৰে মানুহক স্তম্ভিত কৰি ৰাখে। এই সময়তে চীনে পুনৰবাৰ পেমেণ্ট প্ৰযুক্তিৰ ক্ষেত্ৰত মানুহক আচৰিত কৰি তুলিছে। আচলতে পাকিস্তানী ক্ৰিকেটাৰ ৰানা হামজা ছাইফে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা এটা ভিডিঅ’ পোষ্ট কৰিছে যিটো যথেষ্ট ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত দেখা গৈছে যে কেনেকৈ চীনত কেৱল হাত জোকাৰি পেমেণ্ট কৰা হয়।

Tencent launches palm payments in Beijing, allowing metro passengers to pay  with the wave of a hand | South China Morning Post


এই ভিডিঅ'টোত ক্ৰিকেটাৰ হামজা আৰু তেওঁৰ বন্ধুসকলে এখন গেলামালৰ দোকানলৈ যায় য'ত তেওঁলোকক ‘পাম পেমেণ্ট চিষ্টেম’ৰ বিষয়ে দেখুওৱা হৈছিল। এই ভিডিঅ'টো চীনৰ জুঝৌ চহৰত বনোৱা হৈছে। ভিডিঅ’টোত কোৱা হৈছে যে যদি কোনো হাতৰ তলুৱা পঞ্জীয়ন কৰা হয় তেন্তে তেওঁ চীনৰ যিকোনো ঠাইতে হাতৰ তলুৱা জোকাৰি পেমেণ্ট কৰিব পাৰে।

উল্লেখযোগ্য যে কেৱল ছাইফৰ ভিডিঅ'টোৱেই নহয়, ইয়াৰ আগতেও ‘পাম পেমেণ্ট চিষ্টেম’ৰ বহু ভিডিঅ' ভাইৰেল হৈছিল। ইয়াৰ পূৰ্বে আৰ পি জি গ্ৰুপৰ অধ্যক্ষ হৰ্ষ গোৱেংকাইও নিজৰ এক্স হেণ্ডেলত একেধৰণৰ ভিডিঅ’ পোষ্ট কৰিছিল। সেই ভিডিঅ’টোত এগৰাকী মহিলাই বেইজিং মেট্ৰ’ত হাতৰ তলুৱাৰে ধন দি মানুহক আচৰিত কৰি তুলিছিল। মহিলাগৰাকীয়ে তেওঁলোকক জনাইছে যে চীনত নগদবিহীন ধন পৰিশোধ কৰাটো অতি দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াত মানুহে QR code আৰু face recognition technology  ব্যৱহাৰ কৰি আছে। এতিয়া হাতৰ তলুৱাৰ জৰিয়তে ধন পৰিশোধ কৰাটোও ৰাইজৰ মাজত দ্ৰুতগতিত বিয়পি পৰিছে।

চীনে নিজৰ নতুন উদ্ভাৱনেৰে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে। একে সময়তে চীনে ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত অতি দ্ৰুতগতিত আগবাঢ়িছে। চীনৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিশ্বতে বিয়পি পৰে ধন পৰিশোধ কৰাৰ নতুন পদ্ধতি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু