--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনক বিশ্বৰ ভিতৰতে অন্যতম শক্তিশালী দেশ বুলি গণ্য কৰা হয়। দেশখনৰ এক শক্তিশালী সেনা বাহিনী তথা অত্যাধুনিক অস্ত্র-শস্ত্রৰে সমৃদ্ধ বুলি জনা যায়। কিন্তু চীনৰ সামৰিক বাহিনীক লৈ আমেৰিকাৰ এক থিংক টেংকে প্রকাশ কৰা এখন প্রতিবেদনত বিপৰীত ছবিহে পৰিলক্ষিত হৈছে। আমেৰিকান থিংক টেংকে প্রকাশ কৰা প্রতিবেদনত কোৱা হৈছে যে চীনৰ সৈনিক যুদ্ধৰ বাবে সক্ষম নহয়। চীনত ক্ষমতাত থকা কমিউনিষ্ট পার্টিয়ে ক্ষমতাত বৰ্তি থাকিবৰ বাবেহে সেনা বাহিনীক শক্তিশালী তথা উন্নীতকৰণ কৰিছে, যুদ্ধৰ বাবে প্ৰস্তুত কৰি এই কাম কৰা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত যুদ্ধৰ দৰে পৰিস্থিতিত চীনৰ সৈনিকে কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে।

চি এন এনে এই প্রতিবেদনখন প্রকাশ কৰা প্ৰতিবেদন খনত কোৱা হৈছে যে কমিউনিষ্ট পার্টিয়ে দেশখনত নিজৰ নিয়ন্ত্ৰণ অব্যাহত ৰাখিবৰ কাৰণে চীনৰ সেনা বাহিনীক শক্তিশালী কৰিছে। বহিঃশত্ৰুৰ সৈতে যুঁজ দিবৰ বাবে সেনা বাহিনীক শক্তিশালী কৰা হোৱা নাই। প্রতিবেদনখন প্ৰস্তুত কৰা টিমথি হীথে কয়-চীনৰ সেনা বাহিনীৰ মনোযোগ কেৱল ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ শাসন অব্যাহত ৰখাতহে।

দেশখনৰ সেনা বাহিনীৰ আধুনিকীকৰণ কৰা হৈছে কমিউনিষ্ট পার্টিক শাসনক সকলোৱে মানি চলা আৰু আস্থা বৃদ্ধি কৰাৰ কাৰণেহে। তেওঁৰ মতে, চীনৰ পীপলছ লিবাৰেশ্যন আৰ্মিৰ (পি এল এ) সৈনিকসকলে প্রশিক্ষণৰ সময়ত ৪০% সময় ব্যয় কৰে ৰাজনৈতিক বিষয়ত আলোচনা কৰি। তেওঁৰ মতে, সৈনিকসকলে এই সময় যুদ্ধত দক্ষতা অৰ্জনৰ বাবে ব্যয় কৰিব পাৰিলেহেঁতেন, কিন্তু সেইটো কৰা নহয়। ৰাজনৈতিক নেতাই আনকি পি এল এৰ বিভিন্ন গোটৰ নেতৃত্বত দিছে। তেওঁলোকে যুদ্ধত দক্ষতা অর্জনতকৈ কমিউনিষ্ট পাৰ্টিৰ প্ৰতি আনুগত্যতহে গুৰুত্ব দিয়ে।

অৱশ্যে একাংশ বিশেষজ্ঞৰ মতে, জিনপিঙে তেওঁৰ সামৰিক বাহিনীক নিজৰ লক্ষ্য স্পষ্ট কৰি দিছে আৰু সেয়া হ'ল টাইৱান দখল কৰা আৰু দেশখন দখল কৰিবৰ বাবে চীন সাজু হৈছে। তেওঁ চীনৰ অত্যাধুনিক অস্ত্র-শস্ত্রক লৈ প্ৰশ্নৰ অৱতাৰণা কৰি কয় যে ইতিহাসে বাৰে বাৰে দেখুৱাই আহিছে যে সেনা প্রায়ে উন্নত অস্ত্র-শস্ত্র উপযুক্তভাৱে ব্যৱহাৰ কৰাত ব্যৰ্থ হৈছে। হীথৰ মতে, চীনৰ সামৰিক বাহিনীয়ে সৈনিকৰ অভাৱৰ লগতে দুর্নীতিৰ বিৰুদ্ধেও যুঁজ দিব লগা হৈছে।

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু