--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনক বিশ্বৰ ভিতৰতে অন্যতম শক্তিশালী দেশ বুলি গণ্য কৰা হয়। দেশখনৰ এক শক্তিশালী সেনা বাহিনী তথা অত্যাধুনিক অস্ত্র-শস্ত্রৰে সমৃদ্ধ বুলি জনা যায়। কিন্তু চীনৰ সামৰিক বাহিনীক লৈ আমেৰিকাৰ এক থিংক টেংকে প্রকাশ কৰা এখন প্রতিবেদনত বিপৰীত ছবিহে পৰিলক্ষিত হৈছে। আমেৰিকান থিংক টেংকে প্রকাশ কৰা প্রতিবেদনত কোৱা হৈছে যে চীনৰ সৈনিক যুদ্ধৰ বাবে সক্ষম নহয়। চীনত ক্ষমতাত থকা কমিউনিষ্ট পার্টিয়ে ক্ষমতাত বৰ্তি থাকিবৰ বাবেহে সেনা বাহিনীক শক্তিশালী তথা উন্নীতকৰণ কৰিছে, যুদ্ধৰ বাবে প্ৰস্তুত কৰি এই কাম কৰা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত যুদ্ধৰ দৰে পৰিস্থিতিত চীনৰ সৈনিকে কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে।

চি এন এনে এই প্রতিবেদনখন প্রকাশ কৰা প্ৰতিবেদন খনত কোৱা হৈছে যে কমিউনিষ্ট পার্টিয়ে দেশখনত নিজৰ নিয়ন্ত্ৰণ অব্যাহত ৰাখিবৰ কাৰণে চীনৰ সেনা বাহিনীক শক্তিশালী কৰিছে। বহিঃশত্ৰুৰ সৈতে যুঁজ দিবৰ বাবে সেনা বাহিনীক শক্তিশালী কৰা হোৱা নাই। প্রতিবেদনখন প্ৰস্তুত কৰা টিমথি হীথে কয়-চীনৰ সেনা বাহিনীৰ মনোযোগ কেৱল ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ শাসন অব্যাহত ৰখাতহে।

দেশখনৰ সেনা বাহিনীৰ আধুনিকীকৰণ কৰা হৈছে কমিউনিষ্ট পার্টিক শাসনক সকলোৱে মানি চলা আৰু আস্থা বৃদ্ধি কৰাৰ কাৰণেহে। তেওঁৰ মতে, চীনৰ পীপলছ লিবাৰেশ্যন আৰ্মিৰ (পি এল এ) সৈনিকসকলে প্রশিক্ষণৰ সময়ত ৪০% সময় ব্যয় কৰে ৰাজনৈতিক বিষয়ত আলোচনা কৰি। তেওঁৰ মতে, সৈনিকসকলে এই সময় যুদ্ধত দক্ষতা অৰ্জনৰ বাবে ব্যয় কৰিব পাৰিলেহেঁতেন, কিন্তু সেইটো কৰা নহয়। ৰাজনৈতিক নেতাই আনকি পি এল এৰ বিভিন্ন গোটৰ নেতৃত্বত দিছে। তেওঁলোকে যুদ্ধত দক্ষতা অর্জনতকৈ কমিউনিষ্ট পাৰ্টিৰ প্ৰতি আনুগত্যতহে গুৰুত্ব দিয়ে।

অৱশ্যে একাংশ বিশেষজ্ঞৰ মতে, জিনপিঙে তেওঁৰ সামৰিক বাহিনীক নিজৰ লক্ষ্য স্পষ্ট কৰি দিছে আৰু সেয়া হ'ল টাইৱান দখল কৰা আৰু দেশখন দখল কৰিবৰ বাবে চীন সাজু হৈছে। তেওঁ চীনৰ অত্যাধুনিক অস্ত্র-শস্ত্রক লৈ প্ৰশ্নৰ অৱতাৰণা কৰি কয় যে ইতিহাসে বাৰে বাৰে দেখুৱাই আহিছে যে সেনা প্রায়ে উন্নত অস্ত্র-শস্ত্র উপযুক্তভাৱে ব্যৱহাৰ কৰাত ব্যৰ্থ হৈছে। হীথৰ মতে, চীনৰ সামৰিক বাহিনীয়ে সৈনিকৰ অভাৱৰ লগতে দুর্নীতিৰ বিৰুদ্ধেও যুঁজ দিব লগা হৈছে।

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ