--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ভোটাৰক প্ৰভাৱিত কৰিবলৈ আমেৰিকাৰ ২ কোটি ডলাৰৰ পুঁজি বন্ধ কৰাৰ সিদ্ধান্তৰ পক্ষ লয়। ভাৰতৰ দৰে দেশক এনে সাহায্য দিয়াৰ প্ৰয়োজনীয়তাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে।

ড’নাল্ড ট্ৰাম্পে কয় যে ‘‘আমি কিয় ভাৰতক ২ কোটি ডলাৰ দিম? ভাৰতৰ বহুত টকা আছে। বিশ্বৰ সৰ্বাধিক কৰ সংগ্ৰাহক দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। তেওঁলোকৰ শুল্কও অতি বেছি। মই ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক বহুত সন্মান কৰো কিন্তু ভোটাৰৰ ভোটদানৰ বাবে ২ কোটি টকা কিয় দিব লাগে?’’

উল্লেখ্য যে ১৬ ফেব্ৰুৱাৰীত ইলন মাস্কৰ নেতৃত্বত DOGEয়ে বিভিন্ন দেশলৈ পুঁজি দিয়া বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল, য’ত ভাৰতত ভোটদানৰ প্ৰসাৰৰ বাবেও ২ কোটি ডলাৰৰ ধনৰাশি অন্তৰ্ভুক্ত কৰা হৈছিল। DOGEয়ে কৈছিল যে ভাৰতত ভোটদানৰ শতকৰা হাৰ বৃদ্ধিৰ বাবে আমেৰিকাই কৰা ২ কোটি ডলাৰৰ কাৰ্যসূচী কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে।

আচলতে আমেৰিকাই ভাৰতত নিৰ্বাচনৰ সময়ত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে ২ কোটি ডলাৰ দিছিল। কিন্তু এতিয়া ভাৰতে এই পুঁজি নাপাব।

ভাৰতৰ বৰ্ধিত শুল্ক সন্দৰ্ভত ট্ৰাম্পে বহুবাৰ বক্তব্য দিছে। তেওঁ কৈছে যে যিবোৰ দেশত সৰ্বাধিক শুল্ক আছে সেইবোৰ দেশৰ ভিতৰত ভাৰত অন্যতম।

DOGE কি?

DOGE কি আৰু ট্ৰাম্পৰ এই নতুন বিভাগটোৰ নাম ক’ৰ পৰা আহিছে? আচলতে Dogecoin এটা জনপ্ৰিয় ক্ৰিপ্টোকাৰেন্সী আৰু ইয়াৰ সৃষ্টি হৈছিল ২০১৩ চনত। ২০১৩ চনত বিলি মাৰ্কাছ আৰু জেকচন পামৰে Dogecoin মুকলি কৰিছিল। তাত Shiba Inu কুকুৰৰ ফটো আছে।

আমোদজনক কথাটো হ’ল যে Dogecoin বিটকইন আৰু অন্যান্য ক্ৰিপ্টোকাৰেন্সীক উপহাস কৰিবলৈ সৃষ্টি কৰা হৈছিল যদিও এই ক্ৰিপ্টোকাৰেন্সী ২০২১ চনত আলোচনাৰ মাজলৈ আহিছিল। ই আলোচনালৈ অহাৰ কাৰণ আছিল ইলন মাস্ক।

এই মুদ্ৰাৰ বিষয়ে তেওঁ টুইট কৰিবলৈ আৰম্ভ কৰিলে আৰু মানুহে ইয়াৰ প্ৰতি মনোযোগ দিবলৈ আৰম্ভ কৰিলে। Dogecoin ৰ ল'গ'টোৰ নাম Doge। ইয়াৰ মিমবোৰ ভাইৰেল হোৱাৰ পিছত ক্ৰিপ্টোকাৰেন্সীৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ