--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম মালীত শনিবাৰে অবৈধভাৱে খনন কার্য চলোৱা এটা সোণৰ খনি খহি যোৱাৰ বাবে কমেও ৪৮গৰাকী লোকৰ মৃত্যু হয়। দেশখনৰ চৰকাৰী কর্তৃপক্ষ আৰু স্থানীয় সূত্রসমূহে সদৰী কৰা অনুসৰি, অবৈধ সোণৰ খনিটো ভূমিস্খলন হৈ খহি যোৱাৰ ফলত আজি ৪৮গৰাকী লোকৰ মৃত্যু হয় আৰু এই মৃত্যুৰ সংখ্যাকে লৈ এতিয়ালৈকে অবৈধ সোণৰ খনিত ভূমিস্খলন হৈ মুঠ ১৮০০ লোকৰ মৃত্যু হৈছে। 

উল্লেখযোগ্য যে আফ্রিকাৰ সোণ উৎপাদনকাৰী অগ্রণী দেশসমূহৰ ভিতৰত মালীও অন্যতম আৰু দেশখনৰ সোণৰ খনিসমূহত মাৰাত্মক ভূমিস্খলন আৰু দুর্ঘটনাসমূহ প্রায়ে হৈ থাকে। দেশখনত চলি থকা সোণৰ অবৈধ খনিবোৰক লেকাম লগাবলৈ চৰকাৰে চেষ্টা চলাই থাকিও ব্যর্থ হৈছে। শনিবাৰৰ দুর্ঘটনাটোৰ বিষয়ে আৰক্ষীয়ে কয় যে দুর্ঘটনাটোৰ কিছুমান ভুক্তভোগী পানীত পৰি যায় আৰু ইয়াৰ ভিতৰত এগৰাকী মহিলা আৰু তেওঁৰ শিশুটোও আছে। 

সূত্রসমূহে কয় যে চীনৰ এটা কোম্পানীয়ে পূর্বতে খননকার্য চলোৱা এটা পৰিত্যক্ত খনিত শনিবাৰে এই দুর্ঘটনাটো সংঘটিত হয়। বিগত জানুৱাৰীত দক্ষিণ মালীৰ এটা সোণৰ খনিত ভূমিস্খলন হৈ ১০জন লোকৰ মৃত্যু হৈছিল আৰু কেইবাজনো সন্ধানহীন হৈছিল। ঠিক এবছৰ পূর্বে, শনিবাৰে ভূমিস্খলন হোৱা একেটা অঞ্চলতে এটা সোণৰ খনিৰ সুৰংগ খহি যোৱাৰ ফলত ৭০গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু