--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম মালীত শনিবাৰে অবৈধভাৱে খনন কার্য চলোৱা এটা সোণৰ খনি খহি যোৱাৰ বাবে কমেও ৪৮গৰাকী লোকৰ মৃত্যু হয়। দেশখনৰ চৰকাৰী কর্তৃপক্ষ আৰু স্থানীয় সূত্রসমূহে সদৰী কৰা অনুসৰি, অবৈধ সোণৰ খনিটো ভূমিস্খলন হৈ খহি যোৱাৰ ফলত আজি ৪৮গৰাকী লোকৰ মৃত্যু হয় আৰু এই মৃত্যুৰ সংখ্যাকে লৈ এতিয়ালৈকে অবৈধ সোণৰ খনিত ভূমিস্খলন হৈ মুঠ ১৮০০ লোকৰ মৃত্যু হৈছে। 

উল্লেখযোগ্য যে আফ্রিকাৰ সোণ উৎপাদনকাৰী অগ্রণী দেশসমূহৰ ভিতৰত মালীও অন্যতম আৰু দেশখনৰ সোণৰ খনিসমূহত মাৰাত্মক ভূমিস্খলন আৰু দুর্ঘটনাসমূহ প্রায়ে হৈ থাকে। দেশখনত চলি থকা সোণৰ অবৈধ খনিবোৰক লেকাম লগাবলৈ চৰকাৰে চেষ্টা চলাই থাকিও ব্যর্থ হৈছে। শনিবাৰৰ দুর্ঘটনাটোৰ বিষয়ে আৰক্ষীয়ে কয় যে দুর্ঘটনাটোৰ কিছুমান ভুক্তভোগী পানীত পৰি যায় আৰু ইয়াৰ ভিতৰত এগৰাকী মহিলা আৰু তেওঁৰ শিশুটোও আছে। 

সূত্রসমূহে কয় যে চীনৰ এটা কোম্পানীয়ে পূর্বতে খননকার্য চলোৱা এটা পৰিত্যক্ত খনিত শনিবাৰে এই দুর্ঘটনাটো সংঘটিত হয়। বিগত জানুৱাৰীত দক্ষিণ মালীৰ এটা সোণৰ খনিত ভূমিস্খলন হৈ ১০জন লোকৰ মৃত্যু হৈছিল আৰু কেইবাজনো সন্ধানহীন হৈছিল। ঠিক এবছৰ পূর্বে, শনিবাৰে ভূমিস্খলন হোৱা একেটা অঞ্চলতে এটা সোণৰ খনিৰ সুৰংগ খহি যোৱাৰ ফলত ৭০গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ