--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন: ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ মানৱকুলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। দেশৰ শিশু-বৃদ্ধা কোনোৱে এই মহাপ্ৰলয়ৰ পৰা সাৰি যোৱা নাই। দেশৰ সমাজব্যৱস্থাত প্ৰভাৱ পৰাৰ লগতে অৰ্থনীতিও নিম্নগামী হোৱা দেখা গৈছে। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষকৰ এটা গোটে চলোৱা অধ্যয়নত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ক’ভিড-১৯ মহামাৰীৰ বাবে দেশজুৰি বলবৎ হোৱা লকডাউনে মহিলাৰ পুষ্টিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে বুলি গৱেষকসকলে জানিবলৈ দিছে। উত্তৰ-প্ৰদেশৰ মহাৰাজগঞ্জ, বিহাৰৰ মুংগেৰ, উড়িশাৰ কন্ধমাল আৰু কালাহাণ্ডিৰ ৪খন অৰ্থনৈতিকভাৱে পিছপৰা জিলাত টাটা-কৰ্নেল ইনষ্টিটিউট ফ’ৰ এগ্ৰিকালচাৰ এণ্ড নিউট্ৰিশ্যনৰ অধ্যয়নে মে’, ২০১৯-ৰ তুলনাত মে’, ২০২০ত ঘৰুৱা খাদ্যৰ ব্যয় আৰু মহিলাৰ আহাৰৰ বৈচিত্ৰতা হ্ৰাস পোৱা বুলি সদৰী কৰিছে।

বিশেষ ৰাজহুৱা বিতৰণ প্ৰণালী (পিডিএছ, অংগনৱাড়ীৰ পৰা প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ আৰু ৰেচন ক্ৰমান্বয়ে ৮০শতাংশ, ৫০শতাংশ আৰু ৩০শতাংশ জৰীপ কৰা পৰিয়ালতো এনে ঘটনা সংঘটিত হোৱাতো চিন্তাৰ বিষয় হিচাপে পৰিগণিত হৈছে। ইক’নমিকা পলিটিকা আলোচনীৰ শেহতীয়া সংখ্যাত প্ৰকাশ পোৱা মতে, ‘অৰ্থনৈতিক আঘাতৰ বাবে মহিলাৰ দুৰ্বলতা, নেট কাৰ্যসূচীৰ প্ৰভাৱ, বিভিন্ন পুষ্টিকৰ খাদ্যৰ প্ৰৱেশাধিকাৰ আৰু উপলব্ধতাৰ সীমিত বজাৰে শৰীৰত ব্যাপক প্ৰভাৱ পেলায়।’ টিচিআই-ৰ গৱেষণা অৰ্থনীতিবিদ সৌম্য গুপ্তাই টিচিআই-ৰ সঞ্চালক প্ৰভু পিঙ্গালীৰ সৈতে কৰা যুটীয়া অধ্যয়নত কোৱা আৰু কোৱা হৈছে যে, ‘মহামাৰীৰ আগেয়ে মহিলাৰ আহাৰত বিভিন্ন খাদ্যৰ অভাৱ আছিল, কিন্তু ক’ভিড-১৯ মহামাৰীয়ে পৰিস্থিতি অধিক তীব্ৰ কৰি তুলিছে।’
আমেৰিকা গৱেষকৰ এনে তথ্যই উদ্বিগ্ন কৰি তুলিছে দেশৰ সচেতন মহলক। এফালে দেশৰ নিম্নগামী অৰ্থনীতি আনফালে অভাৱনীয় মূল্যবৃদ্ধিয়ে স্বাভাৱিক জনজীৱন কোঙা কৰি পেলাইছে। ইয়াৰ মাজতে স্বাস্থ্য সুৰক্ষাজনিত দিশটোৰ সৈতে দেশে কিদৰে ফেৰ মাৰিব, সেয়াহে হ’ব লক্ষ্যণীয় বিষয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ