--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। সেই ক্ৰিকেট প্ৰতিযোগিতাত খেলিব বিশ্বৰ আঠটা শ্ৰেষ্ঠ দলে। আয়োজন কৰাৰ বাবে ডাঙৰ টকা ঘোষণা কৰিলে আইচিচিয়ে। অৱশ্যে ভাৰতে সেই প্ৰতিযোগিতাত খেলিবলৈ পাকিস্তানলৈ যাত্ৰা কৰিব নে নকৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

আবণ্টিত ধনৰ পৰিমাণে পাকিস্তান ক্ৰিকেটৰ বহুখিনি উন্নতি সাধন কৰিব। এক সূত্ৰৰ মতে, আইচিচিয়ে পাকিস্তান ব’ৰ্ডক ১২৮০ কোটি টকা দিছে। পাকিস্তান ব’ৰ্ডৰ মুখ্য বিত্ত বিষয়া জাভেদ মুৰ্তাজা আৰু আইচিচিৰ মুখ্য বিত্ত বিষয়া অংকুৰ খান্নাই যৌথভাৱে এই ধনৰ পৰিমাণ নিৰ্ণয় কৰে। এই ধন চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’বলগীয়া তিনিটা স্থান – কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ব্যয় কৰা হ’ব।

শুনা গৈছে যে যোৱা বছৰৰ দৰে এছিয়া কাপ ‘হাইব্ৰিড মডেল’ত অনুষ্ঠিত হ’ব পাৰে। অৰ্থাৎ ভাৰতৰ মেচ আন দেশত খেলিব পাৰিব। অৱশ্যে সেই সিদ্ধান্তৰ পক্ষত নহয় পাক ব’ৰ্ড। তেওঁলোকে বিচাৰে ভাৰতে সেই দেশত গৈ খেলা।

দুয়োখন দেশৰ ক্ৰিকেট বিষয়াৰ মাজত মুখামুখি আলোচনাত সমস্যাৰ সমাধান পোৱা যায়। শেহতীয়াকৈ শ্ৰীলংকাৰ ৰাজধানীত সেই সুযোগৰ সৃষ্টি হৈছিল। আই চি চিৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গৈছিল দুয়োখন দেশৰ নেতাসকল। আইচিচিৰ এজন বিষয়াই কয়, “চেম্পিয়নছ ট্ৰফী কেনেকুৱা হ’ব, সেয়া এজেণ্ডাত নাছিল।” গতিকে এই সন্দৰ্ভত কোনো আলোচনা হোৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement