--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিফেণ্ডিং চেম্পিয়ন পাকিস্তানে আইচিচি চেম্পিয়নছ ট্ৰফীত পৰাজয়েৰে অভিযান আৰম্ভ কৰিছে। বুধবাৰে অনুষ্ঠিত প্রতিযোগিতাখনৰ উদ্বোধনী খেলখনত আয়োজক পাকিস্তানক ৬০ ৰানত সহজেই পৰাজিত কৰে নিউজিলেণ্ডে। 

প্রথমে বেট ধৰি ৫ উইকেটত ৩২০ ৰান কৰা নিউজিলেণ্ডে পৰৱৰ্তী সময়ত পাকিস্তানক ৪৭.২ অ'ভাৰত ২৬০ ৰানত সীমিত ৰাখে। খুচদিল শ্বাহ (৬৯) আৰু বাবৰ আজমে (৬৪) অর্ধ শতৰানৰ ইনিংছ খেলিলেও পাকিস্তানে পৰাজয়বৰণ কৰে। পাকিস্তানৰ ইনিংছত ছালমান আঘাই ৪২ আৰু ফখৰ জামানে ২৪ ৰান কৰে। 

ইয়াৰ আগেয়ে অ'পেনাৰ উইল ইয়ং আৰু মিডল অর্ডাৰৰ বেটাৰ টম লাথামৰ শতৰানৰ জৰিয়তে পোনতে বেট ধৰি নিউজিলেণ্ডে ৫ উইকেটত ৩২০ ৰান কৰিছিল। দলীয় স্ক'ৰ ৭৩ ৰানত আগশাৰীৰ তিনিটা উইকেট হেৰুৱালেও ইয়ং আৰু লাথামে শতৰান গোটাই নিউজিলেণ্ডৰ ইনিংছ মজবুত স্থিতিলৈ তুলি নিয়ে। 

ডেভন কনৱে (১০), কেন উইলিয়ামছন (১) আৰু ডাৰিল মিচেল (১০) ব্যর্থ হ'লেও ইয়ং আৰু লাথামৰ বেটিং বিক্ৰমৰ জৰিয়তে নিউজিলেণ্ডে ৫টা উইকেটত ৩২০ ৰানৰ শক্তিশালী স্ক'ৰ থিয় কৰে। গ্লেন ফিলিপছেও ৬১ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান যোগায়। ইয়ঙে ১১৩টা বলত ১২টা চাৰি আৰু ১টা ছয়েৰে নিজৰ ১০৭ ৰানৰ ইনিংছটো সজায়। আনহাতে, লাথামৰ ১০৪টা বলত অবিজিত ১১৮ ৰানৰ ইনিংছটোত সমাহাৰ ঘটে ১০টা চাৰি আৰু তিনিটা ছয়ৰ। পাকিস্তানৰ নঈম শ্বাহ আৰু হেৰিছ ৰৌফে দুটাকৈ উইকেট দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক