--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৰালাই প্ৰথমবাৰলৈ ৰঞ্জি ট্ৰফী ক্ৰিকেটৰ ফাইনেলত প্ৰৱেশ কৰিছে। ঘৰুৱা ক্ৰিকেটৰ আগশাৰীৰ প্রতিযোগিতাখনত অভিষেক ঘটোৱাৰ দীৰ্ঘ ৬৮ বছৰৰ বিৰতিত এই প্ৰথমবাৰ খিতাপৰ যুঁজত উপনীত হোৱাৰ কৃতিত্ব অর্জন কৰে। 

গুজৰাটৰ বিৰুদ্ধে প্রথম ইনিংছত নাটকীয়ভাৱে ২ ৰানৰ অগ্ৰগতিৰ জৰিয়তে ফাইনেলত স্থান নিশ্চিত কৰে কেৰালাই। শুকুৰবাৰে পঞ্চম তথা অন্তিম দিনা ৭উইকেটত ৪২৯ ৰানৰ পৰা খেল আৰম্ভ কৰিছিল ঘৰুৱা গুজৰাটে। প্রথম ইনিংছত অগ্রগতি লাভৰ বাবে গুজৰাটক প্রয়োজন আছিল মাথোঁ ২৯ ৰানৰ। পিছে বাওঁহতীয়া স্পীনাৰ আদিত্য ছাৰৱাটেই দখল কৰা অন্তিম তিনিটা উইকেটৰ সহায়ত গুজৰাটক ১৭৪.৪ অ'ভাৰত ৪৫৫ ৰানত সীমিত ৰাখে কেৰালাই। প্রথম ইনিংছত কেৰালাই কৰিছিল ৪৫৭ ৰান।

অন্তিম দিনৰ অৱশিষ্ট সময়খিনিত কেৰালাই দ্বিতীয় ইনিংছ আৰম্ভ কৰি ৪ উইকেটত ১১৪ ৰান কৰাৰ সময়তে খেল ড্ৰৰে সমাপ্ত হয়। ইফালে, আনখন ছেমি ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন মুম্বাইক ৮০ ৰানত হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে বিদৰ্ভই। জয়ৰ বাবে প্রত্যাহ্বানমূলক স্ক'ৰ ৪০৬ ৰানৰ পিছ লোৱা মুম্বায়ে ৩২৫ ৰানত দ্বিতীয় ইনিংছ সামৰি পৰাজয়বৰণ কৰে। ছাৰ্দুল ঠাকুৰে ৬৬ ৰান কৰি যুঁজ দিলেও বাওঁহতীয়া স্পীনাৰ হৰ্ষ ডুবেই আগদিনা দখল কৰা দুটা উইকেটৰ লগতে শুকুৰবাৰে আন তিনিটা উইকেট দখল কৰি বিদৰ্ভই জয় কঢ়িয়াই আনে। সংক্ষিপ্ত স্ক'ৰঃ বিদর্ভঃ ৩৮৩ আৰু ২৯২। মুম্বাই: ২৭০ আৰু ৩২৫।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক