--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী অধ্যাদেশ বিধেয়কক লৈ চলি থকা গৰ্জনকাৰী বিতৰ্কৰ ৰাজ্যসভাত  সংসদীয় অনুমোদনৰ লগে লগে অন্ত পৰে। এই বিধেয়কখনে কেন্দ্ৰই দিল্লীৰ আমোলাতন্ত্ৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ শক্তিশালী কৰাৰ পথ মুকলি কৰিব। INDIAৰ পৰাজয়ৰ মাজতে যিটোৱে বিপুল দৃষ্টি আকৰ্ষণ কৰিছিল সেয়া আছিল অসুস্থতাৰ মাজতো হুইল চেয়াৰত বহি অধিবেশনত অংশগ্ৰহণ কৰা বৰ্ষীয়ান ৰাজনীতিবিদ মনমোহন সিং।

উচ্চ সদনত বিধেয়ক বিফল কৰাত বিৰোধীয়ে হয়তো ব্যৰ্থ হ’লহেঁতেন, কিন্তু বিৰোধী নেতা মনমোহন সিঙে তেওঁৰ নিষ্ঠাৰ বাবে সকলোৰে হৃদয় জয় কৰিছিল। কিৰণ খেৰ, ছানি দেউল আৰু গৌতম গম্ভীৰৰ দৰে চেলিব্ৰিটী সাংসদতকৈ অধিক উপস্থিতিৰ বাবে ইণ্টাৰনেটত বহু লোকে জ্যেষ্ঠ ৰাজনীতিবিদজনক প্ৰশংসা কৰে।
   
আপৰ সাংসদ ৰাঘৱ চাদ্ধাই প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক তেওঁৰ নিষ্ঠাৰ বাবে প্ৰশংসা কৰে। ‘আজি ৰাজ্যসভাত ড০ মনমোহন সিঙে সততাৰ প্ৰতীক হিচাপে থিয় দি বিশেষকৈ অধ্যাদেশৰ বিৰুদ্ধে ভোট দিবলৈ আহিছিল। গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতা এক গভীৰ প্ৰেৰণা। 

কেৱল ৰাজনীতিবিদেই নহয়, বহু সংখ্যক টুইটাৰটিয়ে মনমোহন সিঙৰ কামৰ প্ৰতি থকা দৃঢ়তাক শলাগ লৈছিল। উল্লেখযোগ্য যে মনমোহন সিঙক বহুতে ‘ভাৰতৰ নীৰৱ প্ৰধানমন্ত্ৰী’ বুলি প্ৰায়ে আখ্যা দিয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক