--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত 'ৰেড' আৰু 'অ'ৰেঞ্জ' এলাৰ্ট জাৰি কৰাৰ পাছতেই চৰকাৰে চাৰিধাম যাত্রা স্থগিত ৰখাৰ সিদ্ধান্ত লয়।

ডিজিটেল ডেস্ক : বতৰৰ পৰিৱৰ্তন, ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত ৰাখিছে উত্তৰাখণ্ড চৰকাৰে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত 'ৰেড' আৰু 'অ'ৰেঞ্জ' এলাৰ্ট জাৰি কৰাৰ পাছতেই চৰকাৰে চাৰিধাম যাত্রা স্থগিত ৰখাৰ সিদ্ধান্ত লয়। 


ৰাজ্যখনৰ বহু পাহাৰীয়া স্থানত ভূমিস্খলনৰ তথ্য পোৱা গৈছে। কেদাৰনাথ, বদ্রীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীলৈ যোৱা তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখিয়ে উত্তৰাখণ্ড চৰকাৰে যাত্ৰা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লয়। বৰষুণ কমিলে আৰু ভূমিস্খলন বন্ধ হ'লে এই তীর্থযাত্রা পুনৰ আৰম্ভ কৰা হ'ব। 


উল্লেখযোগ্য যে চলিত বৰ্ষত দেওবাৰে সন্ধিয়া পর্যন্ত ৪৪,৮৪, ৪২৯গৰাকী তীর্থযাত্ৰীয়ে চাৰিধামৰ লগতে হেমকুণ্ড চাহিব ভ্রমণ কৰিছে। ইয়াৰে ১৫,২১,৩৮১জনে বদ্রীনাথ, ১৪,০৯,৬৬৮জনে কেদাৰনাথ, ৬,৯৯,৩৮৭জনে গংগোত্রী। ৬,৪৬,২৩৫জনে যমুনোত্রী ভ্রমণ কৰিছে। আনহাতে, ২০,৭,৭৫৮জনে হেমকুণ্ড চাহিব পৰিদৰ্শন কৰিছে। উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ