--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত 'ৰেড' আৰু 'অ'ৰেঞ্জ' এলাৰ্ট জাৰি কৰাৰ পাছতেই চৰকাৰে চাৰিধাম যাত্রা স্থগিত ৰখাৰ সিদ্ধান্ত লয়।

ডিজিটেল ডেস্ক : বতৰৰ পৰিৱৰ্তন, ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত ৰাখিছে উত্তৰাখণ্ড চৰকাৰে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত 'ৰেড' আৰু 'অ'ৰেঞ্জ' এলাৰ্ট জাৰি কৰাৰ পাছতেই চৰকাৰে চাৰিধাম যাত্রা স্থগিত ৰখাৰ সিদ্ধান্ত লয়। 

ৰাজ্যখনৰ বহু পাহাৰীয়া স্থানত ভূমিস্খলনৰ তথ্য পোৱা গৈছে। কেদাৰনাথ, বদ্রীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীলৈ যোৱা তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখিয়ে উত্তৰাখণ্ড চৰকাৰে যাত্ৰা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লয়। বৰষুণ কমিলে আৰু ভূমিস্খলন বন্ধ হ'লে এই তীর্থযাত্রা পুনৰ আৰম্ভ কৰা হ'ব। 

উল্লেখযোগ্য যে চলিত বৰ্ষত দেওবাৰে সন্ধিয়া পর্যন্ত ৪৪,৮৪, ৪২৯গৰাকী তীর্থযাত্ৰীয়ে চাৰিধামৰ লগতে হেমকুণ্ড চাহিব ভ্রমণ কৰিছে। ইয়াৰে ১৫,২১,৩৮১জনে বদ্রীনাথ, ১৪,০৯,৬৬৮জনে কেদাৰনাথ, ৬,৯৯,৩৮৭জনে গংগোত্রী। ৬,৪৬,২৩৫জনে যমুনোত্রী ভ্রমণ কৰিছে। আনহাতে, ২০,৭,৭৫৮জনে হেমকুণ্ড চাহিব পৰিদৰ্শন কৰিছে। উৎস : দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক