--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছিভাগ মানুহেই লিখাৰ বাবে সোঁহাতখন ব্যৱহাৰ কৰে। অৱশ্যে প্ৰায় ১০ শতাংশ জনসংখ্যাই বাওঁহাতেৰে লিখে। কিন্তু কিছু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক দুয়োহাতেৰে লিখিবলৈ শিকোৱা হয়। ভাৰততো এনে এখন বিদ্যালয় আছে।

মধ্যপ্ৰদেশৰ চিঙৰৌলিত এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে দুয়োহাতেৰে লিখিব পাৰে। চিঙৰৌলীৰ সেই বিদ্যালয়খনৰ নাম বীনা বাদিনী বিদ্যালয়। বীনা বাদিনী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দুয়োহাতেৰে লিখাৰ ক্ষমতা আছে।

মধ্যপ্ৰদেশৰ বীনা বাদিনী বিদ্যালয় ভাৰতৰ একমাত্ৰ ‘এম্বিডেক্সট্ৰাছ’ বিদ্যালয়, য’ত ১৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আছে। এই ছাত্ৰ-ছাত্ৰীসকলে একে সময়তে দুয়োহাতেৰে লিখিব পাৰে।

সেইসকল ছাত্ৰ-ছাত্ৰীৰ এটা বৈশিষ্ট্য হ’ল তেওঁলোকে মুঠ ছটা ভাষা ক’ব, পঢ়িব আৰু লিখিব পাৰে। ভাষাসমূহ হ’ল — হিন্দী, ইংৰাজী, উৰ্দু, সংস্কৃত, আৰবী আৰু ৰোমান।

সেই বিদ্যালয়ৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় ডেৰ ঘণ্টাত তিনিঘণ্টীয়া পৰীক্ষা শেষ কৰিব পাৰে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

বীনা বাদিনী বিদ্যালয়ৰ ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অসাধাৰণ প্ৰদৰ্শনৰ আঁৰত আছে প্ৰধান শিক্ষক বি পি শৰ্মা। ভাৰতীয় সেনাবাহিনীৰ এজন প্ৰাক্তন সেনা জোৱান।

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ দুহাতেৰে লিখাৰ ক্ষমতা আছিল। শৰ্মা তেওঁৰ পৰা অনুপ্ৰাণিত হৈছিল। সেই প্ৰেৰণাৰ পৰাই তেওঁ আৰু বহু ল’ৰা-ছোৱালীক দুহাতেৰে লিখিবলৈ শিকাবলৈ সিদ্ধান্ত ল’লে।

বীনা বাদিনী স্কুলত প্ৰথমে শিশুৱে প্ৰৱেশ কৰিলে এহাতেৰে লিখিবলৈ শিকোৱা হয়। এমাহৰ পাছত তেওঁলোকক আনখন হাত ব্যৱহাৰ কৰি লিখিবলৈ শিকাই দিয়া হ’ল। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক দুয়োখন হাত একেলগে ব্যৱহাৰ কৰি লিখিবলৈ শিকোৱা হয়। ৪৫ মিনিটৰ ক্লাছত সেই বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰই ১৫ মিনিটৰ বাবে দুয়োটা হাতৰ আখৰৰ অনুশীলন কৰে।

ৰিডাৰ ডাইজেষ্টত প্ৰকাশিত এটা প্ৰবন্ধ অনুসৰি বিশ্বৰ মাত্ৰ ১ শতাংশ জনসংখ্যাইহে দুয়োহাতেৰে লিখিব পাৰে। ৰাজেন্দ্ৰ প্ৰসাদৰ বাহিৰেও লিওনাৰ্ডো দা ভিঞ্চি, বেঞ্জামিন ফ্ৰেংকলিন, এলবাৰ্ট আইনষ্টাইনৰ দৰে বিখ্যাত ব্যক্তিয়ে দুয়োহাতেৰে লিখিব পাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক