--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাজনৈতিক নেতাসকলৰ লগতে বহুকেগৰাকী বলিউডৰ তাৰকাইও অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নেটিজেনৰ ৰোষত পৰিছে শ্ৰদ্ধা কাপুৰ৷ অভিনেত্ৰীগৰাকীক শপত গ্ৰহণ অনুষ্ঠানত  দেখাৰ পিছত একাংশ নেটিজেনে ২০১৯ চনৰ এটা ঘটনাক লৈ সৰৱ হৈ পৰিছে। 

২০১৯ চনত দেবেন্দ্ৰ ফাড়নবিছ বিজেপি শাসিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী থকাৰ সময়ত প্ৰশাসনে মুম্বাইৰ এটা প্ৰকল্পৰ বাবে ৩০০০ গছ কাটিবলৈ উদ্যোগ লৈছিল। আৰু প্ৰশাসনৰ এই প্ৰকল্পৰ বিৰুদ্ধে শ্ৰদ্ধা কাপুৰ সৰৱ হৈ পৰিছিল। হাতে হাতে প্লেকাৰ্ড লৈ বিৰোধ প্ৰদৰ্শন কৰিছিল বহু লোকে অভিনেত্ৰীগৰাকীৰ টি-চাৰ্টতো পৰিলক্ষিত হৈছিল প্ৰতিবাদৰ বাৰ্তা। ২০২০ত উদ্ধৱ থাকৰে মুখ্যমন্ত্রী নির্বাচিত হোৱাত সেই বিশেষ প্রকল্পটোৰ কাম বন্ধ কৰে৷ এই সিদ্ধান্তৰ বাবে উদ্ধৱ থাকৰেক প্ৰশংসা কৰিছিল অভিনেত্ৰীগৰাকীয়ে৷ 

শেহতীয়াকৈ দেবেন্দ্ৰ ফাড়নবিছৰ শপত গ্ৰহণত অভিনেত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰাৰ পাছত পুনৰ ভাইৰেল হৈ পৰিছে এই পুৰণি ঘটনাটোৰ ভিডিঅ’। সেইলৈ বৃহস্পতিবাৰে দক্ষিণ মুম্বাইৰ আজাদ ময়দানত শপত গ্ৰহণ অনুষ্ঠানত শ্ৰদ্ধাৰ উপস্থিতি সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হৈছে। ২০১৯ চনত শ্ৰদ্ধা কাপুৰে তেওঁৰ ছবি ‘ছাহো’ৰ প্ৰচাৰৰ বাবে গছ কটাৰ প্ৰতিবাদত যোগদান কৰিছিল বুলি সমালোচিত হৈছে। 

নেটিজেনসকলে সমালোচনা কৰি কয় যে প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অভিনেত্ৰী গৰাকীয়ে এই উদযাপনত অংশগ্ৰহণ কৰিছে। সেই একে সুবিধাৰ আশাত শপত গ্ৰহণ অনুষ্ঠানটোলৈ তেওঁ কিমান নিৰ্লজ্জভাৱে অংশগ্ৰহণ কৰিছে বুলিও সমালোচিত হৈছে৷  

উল্শলেখনীয় যে শপত গ্ৰহণ অনুষ্ঠানত জাহ্নৱী কাপুৰ,ছলমান খান, শ্বাহৰুখ খান, ৰণবীৰ সিং, ৰণবীৰ কাপুৰ, মাধুৰী দীক্ষিত নেনে, বৰুণ ধৱন, অৰ্জুন কাপুৰ আদি বলিউডৰ তাৰকা  উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ