--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ যুৱ গায়কৰ কথা ক’লে শ্ৰেয়া ঘোষাল, নেহা কক্কৰ, সুনিধি চৌহান, অৰিজিত সিং আৰু আতিফ আছলামৰ নাম তালিকাত স্থান পায়। কণ্ঠৰ আধাৰত এই গায়ক সকলে অনুৰাগীৰ মন জয়ী কৰাৰ লগতে বহু টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ আটাইতকৈ ধনী পুৰুষ কন্ঠশিল্পী এআৰ ৰহমান যাৰ সম্পত্তিৰ পৰিমাণ ১৭২৮ কোটি টকা বুলি কোৱা হয়। কিন্তু দেশৰ আটাইতকৈ ধনী মহিলা গায়িকা কোন জানেনে?

Tulsi Kumar elated as Tanhaai crosses 100 million views on YouTube

ধনী গায়কৰ কথা শুনি হয়তো আপোনাৰ মনলৈ আহিছিল শ্ৰেয়া ঘোষাল, সুনিধি চৌহান বা নেহা কক্কাৰৰ নাম। কিন্তু তেওঁলোকৰ এগৰাকীও ধন-সম্পত্তিৰ তালিকাত শীৰ্ষত নাই। ভাৰতৰ ভিতৰতে সৰ্বাধিক ধন-সম্পত্তি থকা মহিলা গায়িকাগৰাকীৰ বয়স ৩৪ বছৰ আৰু তেওঁৰ বহু হিট গীত আছে। তেওঁ আন কোনো নহয়, ভাৰতীয় প্লেবেক গায়ক, ৰেডিঅ’ জকী আৰু সংগীতজ্ঞ তুলসী কুমাৰ। তুলসী টি ছিৰিজৰ মালিক গুলচন কুমাৰৰ পুত্ৰী আৰু তেওঁ অপৰিসীম ধনৰ মালিক। টি ছিৰিজৰ ইউটিউব চেনেল কিডছ হাটৰ স্বত্বাধিকাৰী তুলসী কুমাৰ। তেওঁৰ প্ৰতিটো গীতৰ বাবে ৭ৰ পৰা ১০ লাখ টকা লয়। এক তথ্য অনুসৰি তুলসী কুমাৰৰ সম্পত্তিৰ পৰিমাণ ২১০ কোটি টকা।

কোটি কোটি সম্পত্তিৰ অধিকাৰী তুলসী কুমাৰ ভাৰতৰ আটাইতকৈ ধনী গায়িকা হিচাপে পৰিগণিত হৈছে। বহু প্ৰবীণ গায়কক পৰাস্ত কৰিছে তুলসীয়ে। তুলসীৰ পিছত শ্ৰেয়া ঘোষাল ভাৰতৰ দ্বিতীয় ধনী মহিলা গায়িকা। বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্ৰেয়াৰ সম্পত্তিৰ পৰিমাণ ১৮০-১৮৫ কোটি টকা। ১০০-১১০ কোটি টকাৰ সম্পত্তিৰে তিনি নম্বৰ স্থানত আছে সুনিধি চৌহান। চাৰি নম্বৰত আছে আশা ভোছলে, যি ৮০-১০০ কোটি টকাৰ সম্পত্তিৰ গৰাকী।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ