--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ভুৱা বাতৰি বা হিংসাত্মক কাৰ্যত উচতনি দিয়া তথ্য বিয়পোৱা কামত লিপ্ত হ'লে ভাৰতীয় আইনৰ অধীনত ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ'ব৷ আজি দেশৰ যোগাযোগ, বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে এই কথা ঘোষণা কৰে৷ তেওঁ লগতে কয় যে দেশত বাক স্বাধীনতা আছে কিন্তু অনুচ্ছেদ ১৯এ-অনুসৰি সেয়া যুক্তিসংগত নিষেধাজ্ঞাৰ অধীনত৷

আৰু পঢ়িব পাৰিব : হিমা দাসক অসম আৰক্ষীৰ ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে…

'আমি সামাজিক মাধ্যমক যথেষ্ট সন্মান কৰোঁ, ই সাধাৰণ লোকসকলক শক্তিশালী কৰিছে। ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীত সামাজিক মাধ্যমৰ এক ডাঙৰ ভূমিকা আছে। অৱশ্যে, যদি ভুৱা বাতৰি আৰু হিংসা বিয়পাবলৈ ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰা হয়, তেন্তে টুইটাৰ বা আন প্লেটফৰ্মৰ ওপৰত ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব৷' প্ৰসাদে কয়। তেওঁ লগতে কয় যে সকলো ছ'চিয়েল মিডিয়া মঞ্চই ভাৰতৰ সংবিধান মানি চলিব লাগিব।

আৰু পঢ়িব পাৰিব : উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি

ভাৰতীয় সংবিধানে চৰকাৰ আৰু প্ৰধানমন্ত্ৰীক সমালোচনা কৰিবলৈ অনুমতি দিয়ে, কিন্তু ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অনুমতি দিয়া নহ'ব বুলি তেওঁ কয়। তদুপৰি বিভিন্ন দেশত ছ'চিয়েল মিডিয়াৰ বাবে বেলেগ বেলেগ নিয়ম থাকিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে কেপিট’ল হিল আৰু লালকিল্লাত হিংসাত্মক কাৰ্যৰ বাবে ছ'চিয়েল মিডিয়াই যি ভূমিকা গ্ৰহণ কৰিছে সেয়া পৃথক হ'বলৈ দিব নোৱাৰি৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ