--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ভুৱা বাতৰি বা হিংসাত্মক কাৰ্যত উচতনি দিয়া তথ্য বিয়পোৱা কামত লিপ্ত হ'লে ভাৰতীয় আইনৰ অধীনত ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ'ব৷ আজি দেশৰ যোগাযোগ, বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে এই কথা ঘোষণা কৰে৷ তেওঁ লগতে কয় যে দেশত বাক স্বাধীনতা আছে কিন্তু অনুচ্ছেদ ১৯এ-অনুসৰি সেয়া যুক্তিসংগত নিষেধাজ্ঞাৰ অধীনত৷

আৰু পঢ়িব পাৰিব : হিমা দাসক অসম আৰক্ষীৰ ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে…

'আমি সামাজিক মাধ্যমক যথেষ্ট সন্মান কৰোঁ, ই সাধাৰণ লোকসকলক শক্তিশালী কৰিছে। ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীত সামাজিক মাধ্যমৰ এক ডাঙৰ ভূমিকা আছে। অৱশ্যে, যদি ভুৱা বাতৰি আৰু হিংসা বিয়পাবলৈ ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰা হয়, তেন্তে টুইটাৰ বা আন প্লেটফৰ্মৰ ওপৰত ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব৷' প্ৰসাদে কয়। তেওঁ লগতে কয় যে সকলো ছ'চিয়েল মিডিয়া মঞ্চই ভাৰতৰ সংবিধান মানি চলিব লাগিব।

আৰু পঢ়িব পাৰিব : উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি

ভাৰতীয় সংবিধানে চৰকাৰ আৰু প্ৰধানমন্ত্ৰীক সমালোচনা কৰিবলৈ অনুমতি দিয়ে, কিন্তু ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অনুমতি দিয়া নহ'ব বুলি তেওঁ কয়। তদুপৰি বিভিন্ন দেশত ছ'চিয়েল মিডিয়াৰ বাবে বেলেগ বেলেগ নিয়ম থাকিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে কেপিট’ল হিল আৰু লালকিল্লাত হিংসাত্মক কাৰ্যৰ বাবে ছ'চিয়েল মিডিয়াই যি ভূমিকা গ্ৰহণ কৰিছে সেয়া পৃথক হ'বলৈ দিব নোৱাৰি৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু