--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : মাতা সীতাৰ নেপাল, ৰাৱনৰ লংকাত পেট্ৰ’ল, ডিজেলৰ দাম কম কেনেকৈ? শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈ থকা এটা বাৰ্তাক সংসদত উত্থাপন কৰিলে বিৰোধী দলৰ সাংসদে। ভাৰতৰ তুলনাত নেপাল আৰু শ্ৰীলংকাত এই দুবিধ অত্যাৱশ্যকীয় ইন্ধনৰ দাম কম হোৱাৰ স্বত্তেও ৰামৰ ভূমি ভাৰতত ইয়াৰ দাম ইমান কিয় বেছি এই প্ৰশ্ন উত্থাপন কৰা হয় সংসদৰ মজিয়াত।

আৰু পঢ়িব পাৰিব : চৰকাৰৰ প্ৰতাৰণা! ৰাজ্যৰ প্ৰাথমিক শিক্ষকৰ অসহযোগ আন্দোলন

সমাজবাদী পাৰ্টীৰ সাংসদ বিশ্বম্ভৰ প্ৰসাদ নিষাদে প্ৰশ্ন উত্থাপন কৰে যে, ‘পেট্ৰ’ল মাতা সীতাৰ নেপাল আৰু ৰাৱনৰ লংকাত সস্তা। তেনেক্ষেত্ৰত চৰকাৰে ৰামৰ দেশত ইয়াৰ দাম হ্ৰাস কৰিবনে?’ বিগত কিছুদিন ধৰি এই বাৰ্তা ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈ আহিছে আৰু সাংসদগৰাকীয়ে এই প্ৰসংগক ৰাজ্যসভাত উত্থাপন কৰি মনযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব : মহাত্মা গান্ধী আছিল সৰ্বোৎকৃষ্ট আন্দোলনজীৱী : মোদীক কটাক্ষ চিদাম্বৰমৰ

এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, অতি কমসংখ্যক লোকে এই ইন্ধন ব্যৱহাৰ কৰা দেশ দুখনৰ সৈতে ভাৰতক তুলনা কৰাটো ভুল কথা। ‘আমি আমাৰ অৰ্থনীতিক ক্ষুদ্ৰ অৰ্থনীতিৰ সৈতে তুলনা কৰিম নে বৃহৎ অৰ্থনীতিৰ সৈতে? এইবোৰ দেশত সৰ্বসাধাৰণে অধিক ব্যৱহাৰ কৰা সামগ্ৰীৰ দাম বেছি। এইবোৰ দেশত কেৰাচিনৰ দাম আমাৰ দেশৰ তুলনাত অতি বেছি। বাংলাদেশ আৰু নেপালত প্ৰতিলিটাৰ কেৰাচিনৰ দাম প্ৰায় ৫৭ৰ পৰা ৫৯টকা। ভাৰতত ইয়াৰ দাম ৩২টকা লিটাৰহে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু