--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : মাতা সীতাৰ নেপাল, ৰাৱনৰ লংকাত পেট্ৰ’ল, ডিজেলৰ দাম কম কেনেকৈ? শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈ থকা এটা বাৰ্তাক সংসদত উত্থাপন কৰিলে বিৰোধী দলৰ সাংসদে। ভাৰতৰ তুলনাত নেপাল আৰু শ্ৰীলংকাত এই দুবিধ অত্যাৱশ্যকীয় ইন্ধনৰ দাম কম হোৱাৰ স্বত্তেও ৰামৰ ভূমি ভাৰতত ইয়াৰ দাম ইমান কিয় বেছি এই প্ৰশ্ন উত্থাপন কৰা হয় সংসদৰ মজিয়াত।

আৰু পঢ়িব পাৰিব : চৰকাৰৰ প্ৰতাৰণা! ৰাজ্যৰ প্ৰাথমিক শিক্ষকৰ অসহযোগ আন্দোলন

সমাজবাদী পাৰ্টীৰ সাংসদ বিশ্বম্ভৰ প্ৰসাদ নিষাদে প্ৰশ্ন উত্থাপন কৰে যে, ‘পেট্ৰ’ল মাতা সীতাৰ নেপাল আৰু ৰাৱনৰ লংকাত সস্তা। তেনেক্ষেত্ৰত চৰকাৰে ৰামৰ দেশত ইয়াৰ দাম হ্ৰাস কৰিবনে?’ বিগত কিছুদিন ধৰি এই বাৰ্তা ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈ আহিছে আৰু সাংসদগৰাকীয়ে এই প্ৰসংগক ৰাজ্যসভাত উত্থাপন কৰি মনযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব : মহাত্মা গান্ধী আছিল সৰ্বোৎকৃষ্ট আন্দোলনজীৱী : মোদীক কটাক্ষ চিদাম্বৰমৰ

এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, অতি কমসংখ্যক লোকে এই ইন্ধন ব্যৱহাৰ কৰা দেশ দুখনৰ সৈতে ভাৰতক তুলনা কৰাটো ভুল কথা। ‘আমি আমাৰ অৰ্থনীতিক ক্ষুদ্ৰ অৰ্থনীতিৰ সৈতে তুলনা কৰিম নে বৃহৎ অৰ্থনীতিৰ সৈতে? এইবোৰ দেশত সৰ্বসাধাৰণে অধিক ব্যৱহাৰ কৰা সামগ্ৰীৰ দাম বেছি। এইবোৰ দেশত কেৰাচিনৰ দাম আমাৰ দেশৰ তুলনাত অতি বেছি। বাংলাদেশ আৰু নেপালত প্ৰতিলিটাৰ কেৰাচিনৰ দাম প্ৰায় ৫৭ৰ পৰা ৫৯টকা। ভাৰতত ইয়াৰ দাম ৩২টকা লিটাৰহে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ