--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পশ্চিমবংগত উপস্থিত হৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে সৰব হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি ৰাজ্যখনৰ কোচবিহাৰত তেওঁ এখন জনসভাত অংশ লয় আৰু মমতা বেনাৰ্জীক তীব্ৰ আক্ৰমণ কৰে। পশ্চিবংগ দখলৰ বাবে মাৰ বান্ধি অগ্ৰসৰ হোৱা বিজেপিক নিৰ্বাচনী ৰণত নেতৃত্ব দিয়া শ্বাহে কয়, ‘সমগ্ৰ দেশ আৰু বিশ্বৰ কোটি কোটি লোকে জয় শ্ৰীৰাম ধ্বনি দি গৰ্ব অনুভৱ কৰে আৰু মমতা দিদিয়ে ইয়াক অপমান বুলি গন্য কৰে।

আৰু পঢ়িব পাৰিব : ডকাইতি কাণ্ডৰ তদন্তৰ বাবে আৰক্ষীক লাগে ৫০০০ আগধন

মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে, যেতিয়ালৈ নিৰ্বাচন শেষ হ’ব মমতা দিদিয়েও জয় শ্ৰীৰাম ক’বলৈ আৰম্ভ কৰিব।’ ‘জয় শ্ৰীৰাম ধ্বনি’ৰ প্ৰসংগৰে মমতা সমালোচনা কৰি শ্বাহে কয়, ‘বংগত জয় শ্ৰীৰাম বুলি কোৱাটোক আপুনি পাপ বুলি চিহ্নিত কৰিছে। বংগত যদি জয় শ্ৰীৰাম ধ্বনি নিদিয়ে তেন্তে পাকিস্তানত দিব নেকি?’ তেওঁ লগতে কয় যে, জয় শ্ৰীৰাম ধ্বনি দিয়াটো মমতা দিদিয়ে অপমান বুলি গন্য কৰে।

আৰু পঢ়িব পাৰিব : ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰ, ব্যৱস্থা গ্ৰহণক হুংকাৰ

পশ্চিমবংগত ভালেমান বিজেপি নেতা কৰ্মীৰ হত্যা হোৱাৰ অভিযোগ উত্থাপন কৰি শ্বাহে কয়, ‘টিএমচিৰ দুষ্কৃতিকাৰীয়ে এতিয়ালৈ ১৩০জন বিজেপি কৰ্মীক হত্যা কৰিছে। তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই। আমাৰ দল শাসনলৈ আহিলেই এই হত্যাকাৰীসকলক জেললৈ নিক্ষেপ কৰা হ’ব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ