--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পশ্চিমবংগত উপস্থিত হৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে সৰব হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি ৰাজ্যখনৰ কোচবিহাৰত তেওঁ এখন জনসভাত অংশ লয় আৰু মমতা বেনাৰ্জীক তীব্ৰ আক্ৰমণ কৰে। পশ্চিবংগ দখলৰ বাবে মাৰ বান্ধি অগ্ৰসৰ হোৱা বিজেপিক নিৰ্বাচনী ৰণত নেতৃত্ব দিয়া শ্বাহে কয়, ‘সমগ্ৰ দেশ আৰু বিশ্বৰ কোটি কোটি লোকে জয় শ্ৰীৰাম ধ্বনি দি গৰ্ব অনুভৱ কৰে আৰু মমতা দিদিয়ে ইয়াক অপমান বুলি গন্য কৰে।

আৰু পঢ়িব পাৰিব : ডকাইতি কাণ্ডৰ তদন্তৰ বাবে আৰক্ষীক লাগে ৫০০০ আগধন

মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে, যেতিয়ালৈ নিৰ্বাচন শেষ হ’ব মমতা দিদিয়েও জয় শ্ৰীৰাম ক’বলৈ আৰম্ভ কৰিব।’ ‘জয় শ্ৰীৰাম ধ্বনি’ৰ প্ৰসংগৰে মমতা সমালোচনা কৰি শ্বাহে কয়, ‘বংগত জয় শ্ৰীৰাম বুলি কোৱাটোক আপুনি পাপ বুলি চিহ্নিত কৰিছে। বংগত যদি জয় শ্ৰীৰাম ধ্বনি নিদিয়ে তেন্তে পাকিস্তানত দিব নেকি?’ তেওঁ লগতে কয় যে, জয় শ্ৰীৰাম ধ্বনি দিয়াটো মমতা দিদিয়ে অপমান বুলি গন্য কৰে।

আৰু পঢ়িব পাৰিব : ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰ, ব্যৱস্থা গ্ৰহণক হুংকাৰ

পশ্চিমবংগত ভালেমান বিজেপি নেতা কৰ্মীৰ হত্যা হোৱাৰ অভিযোগ উত্থাপন কৰি শ্বাহে কয়, ‘টিএমচিৰ দুষ্কৃতিকাৰীয়ে এতিয়ালৈ ১৩০জন বিজেপি কৰ্মীক হত্যা কৰিছে। তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই। আমাৰ দল শাসনলৈ আহিলেই এই হত্যাকাৰীসকলক জেললৈ নিক্ষেপ কৰা হ’ব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু