--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া কৈ কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে এক প্ৰছ বিজ্ঞপ্তিৰ জৰিয়তে  কাজিৰঙাত অহা ২৬-২৯ নৱেম্বৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্ট (ITM) অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। পৰ্যটন মন্ত্ৰালয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যটকৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাক আলোকপাতৰ উদ্দেশ্যেৰে প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্ট অনুষ্ঠিত কৰি আহিছে। উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ পৰ্যটন ব্যৱসায়ী আৰু উদ্যোগীসকলক একত্ৰিতকৰণেৰে ক্ৰেতা, বিক্ৰেতা, সংবাদ মাধ্যম, চৰকাৰী সংস্থা আৰু আন-আন অংশীদাৰসকলৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ বৰ্ধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ভূমিকা পালন কৰি আহিছে এই অনুস্থানে।

ইউনেস্ক’ ক্ষেত্ৰ তথা এহিঙিয়া গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই অনুষ্ঠানৰ আকৰ্ষণ অধিক বৃদ্ধি কৰিব বুলি বিবৃতিত উল্লেখ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্টৰ দ্বাদশ সংস্কৰণৰ বিষয়ে সংবাদ মাধ্যমক সম্বোধন কৰি পৰ্যটনৰ ডিজি শ্ৰীমতী মুগ্ধা সিনহাই অৱগত কৰে যে এই অনুষ্ঠানত প্ৰায় ৪০০ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ট্যুৰ অপাৰেটৰ, হোটেলাৰ আৰু হোমষ্টেৰ গৰাকী, পৰ্যটন সেৱা প্ৰদানকাৰী, ইনফ্লুয়েন্সাৰ আৰু অপিনিয়ন মেকাৰ,ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ জ্যেষ্ঠ বিষয়া, সংবাদ মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আদি।

ডিজিয়ে আৰু জনায় যে উক্ত তিনি-দিনীয়া মাৰ্টত ৰাজ্য চৰকাৰসমূহৰ প্ৰেজেনটেচন, বি টু বি মিটিং, পেনেল আলোচনা, খাদ্য-সম্ভাৰ প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়া, লাইভ মিউজিক, এখন নৰ্থ-ইষ্ট বজাৰ আৰু উল্লেখযোগ্য ক্ষেত্ৰ ভাৰতৰ নতুন আৰু ৪৩ সংখ্যক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউৰ মৈদাম , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৫০ বছৰীয়দিৱস উদযাপন, হাতীখুলি চাহ বাগিচা তথা অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ্য উদ্যান কাৰিকৰীভাৱে দৰ্শনকে প্ৰমুখ্য কৰি একাধিক অনুষ্ঠান অনুষ্ঠিত হ’ব। লগতে উত্তৰ-পূৰ্বাঞ্চলত অধ্যয়নৰত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আৰু সমগ্ৰ বিশ্বৰ ইনফ্লুয়েন্সাৰসকলক জড়িতকৰণেৰে তেওঁলোকক অঞ্চলটোৰ চহকী সংস্কৃতিৰ প্ৰত্যক্ষ অন্তৰ্দৃষ্টি প্ৰদান কৰিব বুলি বিবৃতিত উল্লেখ কৰিছে৷

কাজিৰঙাত এই মাৰ্টৰ আয়োজনে পৰ্যটন মন্ত্ৰালয়ৰ ট্ৰেভেল ফৰ লাইফ পদক্ষেপৰে সংগতিপূৰ্ণ বহনক্ষমতাৰ প্ৰতি গভীৰ অংগীকাৰক প্ৰতিফলিত কৰিব বুলি উল্লেখ কৰাৰ লগতে পাৰিপাৰ্শ্বিক প্ৰভাৱ হ্ৰাস, শক্তিৰ দক্ষ পন্থাৰ প্ৰয়োগ আৰু এবাৰ ব্যৱহৃত প্লাষ্টিক নিৰ্মূলৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলিও উল্লেখ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ