--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা দুদিন ধৰি ছিৰিয়াত অব্যাহত থকা এই হিংসাত্মক ঘটনাত হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই হিংসা বৃহস্পতিবাৰে (৬ মাৰ্চ, ২০২৫) চৰকাৰী বাহিনী আৰু ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ সমৰ্থকৰ মাজত সংঘটিত হয়। দেশৰ ১৪ বছৰীয়া সংঘাতৰ এই হিংসা এতিয়ালৈকে সংঘটিত হোৱা অন্যতম মাৰাত্মক ঘটনা।

এক প্ৰতিবেদন অনুসৰি যুদ্ধ নিৰীক্ষণ গোটটোৱে এই হিংসাত ১০০০ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি জনাইছে। ব্ৰিটেইনস্থিত ছিৰিয়ান মানৱ অধিকাৰ মানৱ নিৰীক্ষণ কেন্দ্ৰই জনোৱা মতে, নিহতসকলৰ ভিতৰত আছে ৭৪৫ জন সাধাৰণ নাগৰিক, ইয়াৰে অধিকাংশই ওচৰৰ পৰা নিহত হোৱাৰ লগতে ১২৫ জন চৰকাৰী নিৰাপত্তাৰক্ষী আৰু আছাদৰ সৈতে জড়িত ১৪৮ জন উগ্ৰপন্থীও আছে।

মানৱ নিৰীক্ষণ কেন্দ্ৰৰ মতে, বৃহস্পতিবাৰৰ পৰাই যুদ্ধ আৰম্ভ হয় যেতিয়া নিৰাপত্তা বাহিনীয়ে জাবলেৰ সমীপত এজন লোকক আটক কৰিবলৈ চেষ্টা কৰে যদিও বাছাৰ আল আছাদৰ লোকে তেওঁক এম্বুছ কৰে। বিশেষ কথাটো হ’ল লাটাকিয়া প্ৰদেশৰ এক বৃহৎ অংশত বিদ্যুৎ আৰু খোৱাপানীও বন্ধ কৰি দিয়া হৈছে।

আলাৱী সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছে

ইয়াৰ পিছত শুকুৰবাৰে (৭ মাৰ্চ, ২০২৫) প্ৰতিশোধমূলক আক্ৰমণ আৰু বৃদ্ধি পালে। চৰকাৰৰ প্ৰতি আনুগত্যশীল চুন্নী মুছলমান বন্দুকধাৰীয়ে আছাদৰ সংখ্যালঘু আলাৱী পন্থাক লক্ষ্য কৰি লৈছিল। এই হিংসা হায়াত তাহৰিৰ আল শ্বামৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। আছাদক উৎখাত কৰাত সহায় কৰা গোটটো।

গাঁৱে-ভূঞে বসবাস কৰা লোকৰো মৃত্যু হয়

আলাৱী গাঁৱতো হত্যাকাণ্ডৰ খবৰ দিয়ে বাসিন্দাসকলে। বানিয়াছৰ পৰা অহা ৫৭ বছৰীয়া আলী শ্বেহাই কয় যে, "ৰাস্তাত মৃতদেহ পৰি আছিল। ১০০ মিটাৰতকৈও কম দূৰত্বত বন্দুকধাৰীয়ে ঘৰ আৰু বাসিন্দাক গুলীচালনা কৰিছিল।"

ফ্ৰান্সে দিলে গৰিহণা

ছিৰিয়া চৰকাৰে কয় যে আছাদৰ আনুগত্যবাদীয়ে দখল কৰা বেছিভাগ ভূখণ্ড পুনৰ দখল কৰিছে। ইফালে ফ্ৰান্সে এই হিংসাক গৰিহণা দিয়ে। বৈদেশিক মন্ত্ৰালয়ে কয় যে ধৰ্মীয় ভিত্তিত সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰক পেৰিছে তীব্ৰ গৰিহণা দিছে। ইফালে হাজাৰ হাজাৰ আলাউই পলায়ন কৰিছে, বহুতে ৰাছিয়াৰ হ্মেইমিম বিমানঘাটিত আশ্ৰয় লৈছে। লেবাননৰ সাংসদ হাইদাৰ নাছেৰে কয় যে আন্তঃৰাষ্ট্ৰীয় সমাজে নিজৰ দেশৰ প্ৰতি আনুগত্যশীল ছিৰিয়াৰ নাগৰিক আলাউইসকলক সুৰক্ষা দিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ