--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ কেলিফর্নিয়াৰ চিনো হিলছত থকা বি এ পি এছ শ্রী স্বামীনাৰায়ণ হিন্দু মন্দিৰ শনিবাৰে দুস্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰে। বিশেষকৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি দুস্কৃতিকাৰীবোৰে মন্দিৰটোত লণ্ডভণ্ড কৰে। 

ইয়াৰ পাছতে চিনো হিলছ আৰু দক্ষিণ কেলিফর্নিয়াৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। ২০১২চনত উদ্বোধন কৰা এই মন্দিৰটো লণ্ডভণ্ড কৰাত খালিস্তানিপন্থী লোকৰ হাত আছে বুলি সন্দেহ কৰা হৈছে। 

দুস্কৃতিকাৰীবোৰে মন্দিৰটো লণ্ডভণ্ড কৰাৰ লগতে প্রধানমন্ত্রী মোদী আৰু হিন্দু বিৰোধী কিছুমান লেখা দেৱালত অংকণ বৰ্বৰ কাৰ্যক ভাৰতে তাৎক্ষনিকভাৱে গৰিহণা দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতে আমেৰিকাৰ স্থানীয় আইন প্রয়োগকাৰী কৰ্তৃপক্ষক এই কাৰ্য সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে। 

ভাৰতে লগতে হিন্দু উপাসনা থলীসমূহত পর্যাপ্ত নিৰাপত্তা নিশ্চিত কৰাৰ বাবেও মার্কিন প্রশাসনক অনুৰোধ 'জনায়। উল্লেখযোগ্য যে লছ এঞ্জেলছত হ'বলগীয়া 'খালিস্তান গণভোট' অনুষ্ঠানৰ পূৰ্বে এই ঘটনাটো ঘটে। হিন্দু সংগঠনসমূহে এই ঘটনাক কঠোৰভাৱে গৰিহণা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ