--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাস্ক পিন্ধাৰ দিন ঘূৰি আহিছে। চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নত কৰা হৈছে। কৰোনাৰ উপ-ভেৰিয়েন্ট ‘ফ্লাৰ্ট’ৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা এসপ্তাহত দুগুণ হোৱাৰ লগে লগে ছিংগাপুৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। অতিৰিক্ত টিকাকৰণৰ ওপৰতো গুৰুত্ব দিয়া হয়।

সেই দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৫-১১ মে’ৰ ভিতৰত Flirt sub variant ৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ২৫ হাজাৰ ৯০০ হৈছেগৈ। পূৰ্বৰ সপ্তাহত এই সংখ্যা আছিল ১৩,৭০০। অৰ্থাৎ এসপ্তাহত দুগুণ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। কমেও ২৫০জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। 

আশংকা হৈছে যে যদি এইদৰে ফ্লাৰ্টৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থাকে, তেন্তে স্বাস্থ্য আন্তঃগাঁথনিৰ ওপৰত হেঁচা পৰিব, যিটো চম্ভালিবলৈ কঠিন হ’ব। স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি জনবসতিপূৰ্ণ অঞ্চলত মাস্ক পৰিধান কৰিব লাগে।

যিসকল সংক্ৰমণৰ আশংকা বেছি, ‘উচ্চ বিপদজনক গোট’, তেওঁলোকক অতিৰিক্ত সাৱধানতাৰ প্ৰয়োজন। মন্ত্ৰালয়ে লগতে পৰামৰ্শ আগবঢ়াইছে যে যদি যোৱা ১২ মাহত ৬০ বছৰৰ ওপৰৰ কোনোবাই এই ভেকচিনৰ অতিৰিক্ত মাত্ৰা গ্ৰহণ কৰা নাই তেন্তে সোনকালে গ্ৰহণ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক