--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে ২৩ মে’ত বিশ্ব কাছ দিৱস পালন কৰা হয়। কাছৰ সুৰক্ষা আৰু সংৰক্ষণৰ সজাগতাৰ বাবে এই দিৱস পালন কৰা হয়। এই বিশেষ দিনটোত চিনাকি হও আহক জনাথনৰ সৈতে। জনাথন হৈছে এটা বৃহৎ কাছ। পৃথিৱীৰ আটাইতকৈ বয়সীয়াল জীৱিত প্ৰাণী হিচাপে স্বীকৃত জনাথন। জনাথনৰ বয়স ১৯২ বছৰ। 

পৃথিৱীৰ প্ৰাচীনতম জীৱ হৈছে কাছ। কাছ বহু বছৰ ধৰি জীয়াই থাকিব পাৰে। কাছবোৰ ১০০ বছৰতকৈও অধিক কাল জীয়াই থাকে। পৃথিৱীৰ আটাইতকৈ পুৰণি কাছ জনাথনে 'গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ'ত নিজৰ নাম সন্নিৱিষ্ট কৰিছে। 

আগতে এই অভিলেখটো টুই মালেলা নামৰ এটা কাছৰ নামত আছিল, যি প্ৰায় ১৮৮ বছৰ ধৰি জীয়াই আছিল। জনাথনৰ জন্ম হৈছিল ১৮৩২ চনত। ২০২৪ চনত জনাথন ১৯২ বছৰীয়া হয়। জনাথনক ১৮৮২ চনত চেচেলছৰ পৰা দক্ষিণ আটলাণ্টিক দ্বীপৰ ছেইণ্ট হেলেনালৈ অনা হৈছিল। তাৰ লগত আন তিনিটা কাছও আছিল। ১৯৩০ চনত চেইণ্ট হেলেনাৰ গভৰ্ণৰ স্পেন্সাৰ ডেভিছে কাছটোৰ নাম জনাথন দিয়ে। জনাথনে তাৰ জীৱনৰ বেছিভাগ সময় ৰাজ্যপালৰ ঘৰত অতিবাহিত কৰিছে, য'ত সি আন তিনিটা বিশাল কাছৰ সংগ উপভোগ কৰে। 

সম্ৰাট নেপোলিয়নৰ মৃত্যুৰ কিছুদিন পাছতেই তাৰ জন্ম হৈছিল। বহু ঘটনা-পৰিঘটনাৰ সাক্ষী সি। সময় বহু বাগৰি গল কিন্তু সি ৰৈ গ'ল। 

জনাথন মানুহৰ প্ৰতিও যথেষ্ট আগ্ৰহী। মানুহৰ সংগ সি ভালপায়। জনাথনৰ জন্মৰ সময়ছোৱাৰ পৰা পৃথিৱীত বহুতো আৱিষ্কাৰ হৈছে যেনে কম্পিউটাৰ, বাণিজ্যিক বিমান, প্ৰথম স্কাই স্ক্ৰেপাৰ আদি। আইফেল টাৱাৰো নিৰ্মাণ কৰা হৈছিল। পৃথিৱীৰ প্ৰথম মানৱ আলোকচিত্ৰ (১৮৩৮) তোলা হৈছিল আৰু এনে বহুতো উপাদান আৱিষ্কাৰ হৈছিল। 

উল্লেখ্য যে জনাথনে ছানবাথ কৰিবলৈ বৰ ভাল পায়। কিন্তু গৰমৰ দিনবোৰত সি ছাঁত জিৰাই ভালপায়। বন্ধাকবি, তিয়ঁহ, গাজৰ, আপেল, কল, চালাড পাত আৰু ঋতুৰ অন্যান্য ফলবোৰ জনাথনৰ প্ৰিয়। অৱশ্যে বৰ্ধিত বয়সৰ বাবে জনাথনৰ দৃষ্টিশক্তি কমিছে। গোন্ধ লোৱাৰ শক্তিও তাৰ নাইকিয়া হৈছে। কিন্তু জনাথনে কাণেৰে ভালদৰে শুনে।

বয়স বঢ়াৰ পিছতো জনাথনে মাত্ৰ ৫২ বছৰীয়া এমা নামৰ মাইকী কাছ এজনীৰ প্ৰতিও আকৰ্ষিত বুলি কৰ্তৃপক্ষই জনাইছে।

জনাথনক চোৱা-চিতা কৰা এগৰাকী কৰ্মচাৰীয়ে কয় যে জনাথনে এতিয়াও মাইকী কাছসকলৰ সংগ উপভোগ কৰে। বিশেষকৈ এমাৰ সৈতে জনাথনে বেছি সময় কটায়।

জনাথনৰ মূল যত্ন লোৱা অৱসৰপ্ৰাপ্ত পশু চিকিৎসক জো হলিন্সে কয় যে, সময় বহুত সলনি হ’ল। বিশ্বযুদ্ধ, ব্ৰিটিছ সাম্ৰাজ্যৰ উত্থান-পতন, বহুতো গৱৰ্ণৰ, ৰজা-ৰাণী গুচি গ’ল কিন্তু জনাথন একেই আছে আৰু আনন্দৰে সময় কটাই আছে।

জনাথনৰ মৃত্যুৰ পাছত তাৰ চলংটো ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা হ’ব বুলি জনাইছে কৰ্তৃপক্ষই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন