--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে ২৩ মে’ত বিশ্ব কাছ দিৱস পালন কৰা হয়। কাছৰ সুৰক্ষা আৰু সংৰক্ষণৰ সজাগতাৰ বাবে এই দিৱস পালন কৰা হয়। এই বিশেষ দিনটোত চিনাকি হও আহক জনাথনৰ সৈতে। জনাথন হৈছে এটা বৃহৎ কাছ। পৃথিৱীৰ আটাইতকৈ বয়সীয়াল জীৱিত প্ৰাণী হিচাপে স্বীকৃত জনাথন। জনাথনৰ বয়স ১৯২ বছৰ। 

পৃথিৱীৰ প্ৰাচীনতম জীৱ হৈছে কাছ। কাছ বহু বছৰ ধৰি জীয়াই থাকিব পাৰে। কাছবোৰ ১০০ বছৰতকৈও অধিক কাল জীয়াই থাকে। পৃথিৱীৰ আটাইতকৈ পুৰণি কাছ জনাথনে 'গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ'ত নিজৰ নাম সন্নিৱিষ্ট কৰিছে। 

আগতে এই অভিলেখটো টুই মালেলা নামৰ এটা কাছৰ নামত আছিল, যি প্ৰায় ১৮৮ বছৰ ধৰি জীয়াই আছিল। জনাথনৰ জন্ম হৈছিল ১৮৩২ চনত। ২০২৪ চনত জনাথন ১৯২ বছৰীয়া হয়। জনাথনক ১৮৮২ চনত চেচেলছৰ পৰা দক্ষিণ আটলাণ্টিক দ্বীপৰ ছেইণ্ট হেলেনালৈ অনা হৈছিল। তাৰ লগত আন তিনিটা কাছও আছিল। ১৯৩০ চনত চেইণ্ট হেলেনাৰ গভৰ্ণৰ স্পেন্সাৰ ডেভিছে কাছটোৰ নাম জনাথন দিয়ে। জনাথনে তাৰ জীৱনৰ বেছিভাগ সময় ৰাজ্যপালৰ ঘৰত অতিবাহিত কৰিছে, য'ত সি আন তিনিটা বিশাল কাছৰ সংগ উপভোগ কৰে। 

সম্ৰাট নেপোলিয়নৰ মৃত্যুৰ কিছুদিন পাছতেই তাৰ জন্ম হৈছিল। বহু ঘটনা-পৰিঘটনাৰ সাক্ষী সি। সময় বহু বাগৰি গল কিন্তু সি ৰৈ গ'ল। 

জনাথন মানুহৰ প্ৰতিও যথেষ্ট আগ্ৰহী। মানুহৰ সংগ সি ভালপায়। জনাথনৰ জন্মৰ সময়ছোৱাৰ পৰা পৃথিৱীত বহুতো আৱিষ্কাৰ হৈছে যেনে কম্পিউটাৰ, বাণিজ্যিক বিমান, প্ৰথম স্কাই স্ক্ৰেপাৰ আদি। আইফেল টাৱাৰো নিৰ্মাণ কৰা হৈছিল। পৃথিৱীৰ প্ৰথম মানৱ আলোকচিত্ৰ (১৮৩৮) তোলা হৈছিল আৰু এনে বহুতো উপাদান আৱিষ্কাৰ হৈছিল। 

উল্লেখ্য যে জনাথনে ছানবাথ কৰিবলৈ বৰ ভাল পায়। কিন্তু গৰমৰ দিনবোৰত সি ছাঁত জিৰাই ভালপায়। বন্ধাকবি, তিয়ঁহ, গাজৰ, আপেল, কল, চালাড পাত আৰু ঋতুৰ অন্যান্য ফলবোৰ জনাথনৰ প্ৰিয়। অৱশ্যে বৰ্ধিত বয়সৰ বাবে জনাথনৰ দৃষ্টিশক্তি কমিছে। গোন্ধ লোৱাৰ শক্তিও তাৰ নাইকিয়া হৈছে। কিন্তু জনাথনে কাণেৰে ভালদৰে শুনে।

বয়স বঢ়াৰ পিছতো জনাথনে মাত্ৰ ৫২ বছৰীয়া এমা নামৰ মাইকী কাছ এজনীৰ প্ৰতিও আকৰ্ষিত বুলি কৰ্তৃপক্ষই জনাইছে।

জনাথনক চোৱা-চিতা কৰা এগৰাকী কৰ্মচাৰীয়ে কয় যে জনাথনে এতিয়াও মাইকী কাছসকলৰ সংগ উপভোগ কৰে। বিশেষকৈ এমাৰ সৈতে জনাথনে বেছি সময় কটায়।

জনাথনৰ মূল যত্ন লোৱা অৱসৰপ্ৰাপ্ত পশু চিকিৎসক জো হলিন্সে কয় যে, সময় বহুত সলনি হ’ল। বিশ্বযুদ্ধ, ব্ৰিটিছ সাম্ৰাজ্যৰ উত্থান-পতন, বহুতো গৱৰ্ণৰ, ৰজা-ৰাণী গুচি গ’ল কিন্তু জনাথন একেই আছে আৰু আনন্দৰে সময় কটাই আছে।

জনাথনৰ মৃত্যুৰ পাছত তাৰ চলংটো ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা হ’ব বুলি জনাইছে কৰ্তৃপক্ষই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক