--°C
Loading...
Listen to Article
2 min read
80%

ৰাষ্ট্ৰসংঘ : তালিবান মানেই সন্ত্ৰাস, তালিবান মানেই আতংক। তালিবান মানেই নৃশংসতা। ছৰিয়ৎ আইনৰ নামত মৃত্যুৰ বিভীষিকা সৃষ্টি কৰা তালিবানে এইবাৰো নিজৰ নৃশংস ৰূপ প্ৰকট কৰি তুলিবলৈ আৰম্ভ কৰিছে। সমগ্ৰ দেশখনতে উদ্যত মাৰনাস্ত্ৰ লৈ ঘূৰি ফুৰা তালিবান সন্ত্ৰাসবাদীয়ে নিজৰ প্ৰতিপক্ষ বুলি ভবা লোকৰ ওপৰত আৰম্ভ কৰিছে অমানৱীয় নিৰ্যাতন। বিহা হৈছে মৃত্যুদণ্ড।

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘই এই সম্পৰ্কে অধিক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ চোৰাংচোৱাৰ তথ্য প্ৰকাশ পোৱা মতে তালিবানে ঘৰে ঘৰে গৈ তেওঁলোকৰ প্ৰতিদ্বন্দ্বী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ সন্ধান আৰম্ভ কৰিছে। এই তথ্যই এতিয়া উদ্বেগ অধিক বৃদ্ধি কৰিছে। সংবাদ প্ৰতিষ্ঠান এএফপিত প্ৰকাশ পাইছে যে, ৰাষ্ট্ৰসংঘৰ এক গোপনীয় প্ৰতিবেদনত প্ৰকাশ পাইছে যে, তালিবানে পৰিকল্পিতভাৱে মাৰ্কিন আৰু নাটো বাহিনীৰ হৈ কাম কৰা লোকসকলৰ সন্ধান চলাই আছে।

‘নৰৱিজেন চেণ্টাৰ ফৰ গ্লোবেল এনালাইছিছ’-এ এই প্ৰতিবেদন প্ৰস্তুত কৰিছে। এই প্ৰতিবেদনৰ মতে কাবুল এয়াৰপোৰ্টলৈ যোৱাৰ বাটতো আফগান নাগৰিকৰ ওপৰত তালাচী চলাইছে। যিসকল লোকে তালিবানৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ অস্বীকাৰ কৰিছে তেওঁলোকক ছৰিয়ৎ আইন অনুসৰি শাস্তি বা মৃত্যুদণ্ড দিয়া হৈছে। সংস্থাটোৰ মুৰব্বী খ্ৰীষ্টিয়ান নীলমেনে সংবাদ প্ৰতিষ্ঠান এএফপিৰ আগত এই কথা প্ৰকাশ কৰে। নাটো আৰু মাৰ্কিন বাহিনীৰ হৈ কাম কৰা লোকসকল তালিবানৰ নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকা অধিক বৃদ্ধি পোৱা বুলি তেওঁ মন্তব্য কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু