--°C
Loading...
Listen to Article
2 min read
80%

ৰাষ্ট্ৰসংঘ : তালিবান মানেই সন্ত্ৰাস, তালিবান মানেই আতংক। তালিবান মানেই নৃশংসতা। ছৰিয়ৎ আইনৰ নামত মৃত্যুৰ বিভীষিকা সৃষ্টি কৰা তালিবানে এইবাৰো নিজৰ নৃশংস ৰূপ প্ৰকট কৰি তুলিবলৈ আৰম্ভ কৰিছে। সমগ্ৰ দেশখনতে উদ্যত মাৰনাস্ত্ৰ লৈ ঘূৰি ফুৰা তালিবান সন্ত্ৰাসবাদীয়ে নিজৰ প্ৰতিপক্ষ বুলি ভবা লোকৰ ওপৰত আৰম্ভ কৰিছে অমানৱীয় নিৰ্যাতন। বিহা হৈছে মৃত্যুদণ্ড।

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘই এই সম্পৰ্কে অধিক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ চোৰাংচোৱাৰ তথ্য প্ৰকাশ পোৱা মতে তালিবানে ঘৰে ঘৰে গৈ তেওঁলোকৰ প্ৰতিদ্বন্দ্বী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ সন্ধান আৰম্ভ কৰিছে। এই তথ্যই এতিয়া উদ্বেগ অধিক বৃদ্ধি কৰিছে। সংবাদ প্ৰতিষ্ঠান এএফপিত প্ৰকাশ পাইছে যে, ৰাষ্ট্ৰসংঘৰ এক গোপনীয় প্ৰতিবেদনত প্ৰকাশ পাইছে যে, তালিবানে পৰিকল্পিতভাৱে মাৰ্কিন আৰু নাটো বাহিনীৰ হৈ কাম কৰা লোকসকলৰ সন্ধান চলাই আছে।

‘নৰৱিজেন চেণ্টাৰ ফৰ গ্লোবেল এনালাইছিছ’-এ এই প্ৰতিবেদন প্ৰস্তুত কৰিছে। এই প্ৰতিবেদনৰ মতে কাবুল এয়াৰপোৰ্টলৈ যোৱাৰ বাটতো আফগান নাগৰিকৰ ওপৰত তালাচী চলাইছে। যিসকল লোকে তালিবানৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ অস্বীকাৰ কৰিছে তেওঁলোকক ছৰিয়ৎ আইন অনুসৰি শাস্তি বা মৃত্যুদণ্ড দিয়া হৈছে। সংস্থাটোৰ মুৰব্বী খ্ৰীষ্টিয়ান নীলমেনে সংবাদ প্ৰতিষ্ঠান এএফপিৰ আগত এই কথা প্ৰকাশ কৰে। নাটো আৰু মাৰ্কিন বাহিনীৰ হৈ কাম কৰা লোকসকল তালিবানৰ নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকা অধিক বৃদ্ধি পোৱা বুলি তেওঁ মন্তব্য কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ