--°C
Loading...
Listen to Article
2 min read
80%

ভূপাল : তালিবান অধ্যুষিত আফগানিস্তানৰ পৰিস্থিতিয়ে এতিয়া সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি ৰাখিছে। প্ৰাণৰ সংশয়ত দেশ এৰি পলাইছে হাজাৰ হাজাৰ লোকে। তাত আবদ্ধ হৈ পৰা লোকসকলেও সংশয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিৰ মাজতে সস্তা পেট্ৰ’ল বিচাৰি আফগানিস্তানলৈ যোৱাৰ পৰামৰ্শ দিলে বিজেপি নেতাই।

ইন্ধনৰ দাম বৃদ্ধিক লৈ প্ৰশ্ন কৰাৰ সাংবাদিকক আফগানিস্তানলৈ যোৱাৰ পৰামৰ্শ দিলে নেতাজনে। আফগানিস্তানত পেট্ৰ’লৰ দাম কম বুলি উল্লেখ কৰি এই অপ্ৰীতিকৰ পৰামৰ্শ আগবঢ়ালে বিজেপি নেতাগৰাকীয়ে। মধ্যপ্ৰদেশৰ কাটনি জিলাৰ বিজেপিৰ সভাপতি ৰামৰতন পায়ালক সাংবাদিকে পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী দাম সম্পৰ্কত প্ৰশ্ন কৰিছিল।

তেওঁ সাংবাদিকগৰাকীক কটাক্ষ কৰি কয়, ‘তালিবানৰ কাষলৈ যাওক। আফগানিস্তানত প্ৰতিলিটাৰ পেট্ৰ’ল ৫০টকাকৈ দামত বিক্ৰী হয়। তাত গৈ পেট্ৰ’ল ভৰাওগৈ। তাত এতিয়া পেট্ৰ’ল ভৰাবলৈ কোনো নাই।’ ভালেমান সমাৰ্থকৰে পৰিৱেষ্টিত হৈ সাংবাদিকগৰাকীৰ এইবুলি কটাক্ষ কৰে বিজেপি নেতাজনে। আনহাতে তেওঁ কোভিড পৰিস্থিতি প্ৰধানমন্ত্ৰী মোডীয়ে অতি তৎপৰতাৰে চম্ভালি লোৱা বুলিও দাবী কৰে। ৮০ কোটি লোকক বিনামূলীয়া ৰেচন দি থকা কথা উল্লেখ কৰি সাংবাদিকজনক তীব্ৰ কটাক্ষ কৰে বিজেপি নেতাজনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ