--°C
Loading...
Listen to Article
2 min read
80%

কাবুল: আফগানিস্তানত শান্তি-সম্প্ৰীতি ৰক্ষা কৰাৰ তালিবানৰ প্ৰতিশ্ৰুতি চূড়ান্ত ভুৱা বুলি প্ৰমাণ হৈছে। মহিলা, শিশু, কিশোৰ-যুৱকক নিৰ্যাতন চলাই তালিবানে এতিয়া লক্ষ্য কৰি লৈছে সাংবাদিকসকলক। সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব নহ’ব বুলি কোৱা তালিবানীয়ে এতিয়া সম্পূৰ্ণ বিপৰীতমুখী স্থিতি লৈছে। সাংবাদিকক বিচাৰি এতিয়া ঘৰে ঘৰে অভিযান চলাইছে তালিবান যোদ্ধাই।

সম্প্ৰতি পশ্চিমীয়া সংবাদ মাধ্যমৰ সাংবাদিকক শত্ৰু হিচাপে চিহ্নিত কৰিছে তালিবানীয়ে। পশ্চিমীয়া দেশৰ সংবাদ মাধ্যমৰ সাংবাদিকৰ সন্ধান পালেই হত্যা অথবা নিৰ্যাতনৰ লক্ষ্য কৰি লৈছে তালিবানীয়ে। বৃহস্পতিবাৰে কাবুলত জাৰ্মান সংবাদ সংস্থা DWৰ এগৰাকী আফগান সাংবাদিকৰ ঘৰত অভিযান চলায় তালিবানীয়ে।

কিন্তু ঘৰত সাংবাদিকগৰাকীক বিচাৰি নাপাই ক্ৰোধান্বিত তালিবানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰে ভয়ংকৰ কাণ্ড। তালিবানীয়ে গুলীয়াই হত্যা কৰে পৰিয়ালৰ এজন সদস্যক আৰু আহত কৰে পৰিয়ালৰ আন এগৰাকী সদস্যক। এই ঘটনাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বজুৰি।

সাংবাদিকৰ পৰিয়ালৰ ওপৰত আক্ৰমণৰ তীব্ৰ গৰিহণা দিছে DW সংবাদ সংস্থাই। আফগানিস্তানৰ সকলো সাংবাদিকৰ জীৱন বিপদাপন্ন বুলি মন্তব্য DWৰ পৰিচালক সঞ্চালক পিটাৰ লিমবুৰ্গৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ