--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : লাডাখৰ ভাৰত-চীন সীমান্তত যোৱা বছৰ হোৱা ৰক্তক্ষয়ী সংঘাতৰ দুঃস্বপ্ন এতিয়াও দেশে পাহৰিব পৰা নাই। সম্প্ৰতি পৰিস্থিতি সামান্য সুস্থিৰ হৈ আছে যদিও চীনে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ যে চলাই আহিছে, সেইকথা সময়ে সময়ে প্ৰমাণ হৈ আহিছে। শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে চীনে নতুন ৰণকৌশল গ্ৰহণ কৰাৰ কথা পোহৰলৈ আহিছে। লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত অভি়যান চলাবলৈ চীনে গঠন কৰিছে বিশেষ বাহিনী।

তিব্বতৰ যুৱকসকলক সেনাবাহিনীত অন্তৰ্ভুক্ত কৰি এই বিশেষ বাহিনী গঠন কৰা হৈছে আৰু তেওঁলোকক বিশেষ প্ৰশিক্ষণো প্ৰদান কৰি থকা হৈছে। ভাৰত চৰকাৰৰ এক শীৰ্ষস্থানীয় সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰিছে যে, ‘আমি চোৰাংচোৱাৰ জৰিয়তে তথ্য লাভ কৰিছোঁ যে, চীনে তিব্বতৰ যুৱকসকলক সামৰিক বাহিনীত অন্তৰ্ভুক্ত কৰি এটা বিশেষ গোট গঠন কৰিছে। ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত অভিযান চলাবলৈ তেওঁলোকক নিয়মীয়া প্ৰশিক্ষণ দি থকা হৈছে। তিব্বতৰ এইসকল যুৱকক বিভিন্ন আনুগত্য পৰীক্ষাৰ মাজেৰে সেনাত যোগদানৰ বাবে নিৰ্বাচন কৰা হৈছে। মেইনলেণ্ড চাইনাৰ ভাষাৰ প্ৰশিক্ষণ, দালাই লামাৰ দৰে ধৰ্মগুৰুৰ প্ৰভাৱৰ ঊৰ্ধ্বলৈ গৈ চীনৰ কমিউনিষ্ট পাৰ্টীৰ আনুগত্য স্বীকাৰ কৰা আদিৰ দৰে দিশ পৰীক্ষা কৰা হৈছে। সূত্ৰটোৱে প্ৰকাশ কৰিছে যে, এই বছৰৰ আৰম্ভণিৰে পৰা এই পদক্ষেপ গ্ৰহণ কৰিছে চীনে। তিব্বতৰ পৰা পলাই আহি ভাৰতত শৰনাৰ্থী হিচাপে আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলক লৈ ভাৰতীয় সেনাই গঠন কৰা স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ’ৰ্চৰ কাৰ্যকৰিতাৰ প্ৰতি লক্ষ্য ৰাখি চীনে এই পদক্ষেপ গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে। স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ’ৰ্চ বা এছ এফ এফ ১৯৬২চনৰ যুদ্ধৰ পাছত গঠন কৰা হৈছিল। ভাৰতীয় সেনা আৰু আমেৰিকাৰ চিআইএ-ই যুটীয়াভাৱে প্ৰশিক্ষণ দিছিল এই বিশেষ সামৰিক গোটটোক। স্থানীয় তিব্বতীয় লোক আৰু তিব্বতৰ শৰনাৰ্থীসকলে এই গোটত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। চীনে তিব্বতৰ যুৱকসকলক লৈ বিশেষ সামৰিক গোট গঠন কৰাৰ জৰিয়তে তিব্বত স্বায়ত্তশাসিত অঞ্চলত নিজৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বিস্তাৰ কৰাৰ লগতে এলএচিৰ আশে-পাশে তেওঁলোকক ব্যৱহাৰ কৰি চীনা সৈন্যৰ চাপ হ্ৰাস কৰাৰ পৰিকল্পনা কৰা বুলি ধাৰণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক