--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : লাডাখৰ ভাৰত-চীন সীমান্তত যোৱা বছৰ হোৱা ৰক্তক্ষয়ী সংঘাতৰ দুঃস্বপ্ন এতিয়াও দেশে পাহৰিব পৰা নাই। সম্প্ৰতি পৰিস্থিতি সামান্য সুস্থিৰ হৈ আছে যদিও চীনে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ যে চলাই আহিছে, সেইকথা সময়ে সময়ে প্ৰমাণ হৈ আহিছে। শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে চীনে নতুন ৰণকৌশল গ্ৰহণ কৰাৰ কথা পোহৰলৈ আহিছে। লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত অভি়যান চলাবলৈ চীনে গঠন কৰিছে বিশেষ বাহিনী।

তিব্বতৰ যুৱকসকলক সেনাবাহিনীত অন্তৰ্ভুক্ত কৰি এই বিশেষ বাহিনী গঠন কৰা হৈছে আৰু তেওঁলোকক বিশেষ প্ৰশিক্ষণো প্ৰদান কৰি থকা হৈছে। ভাৰত চৰকাৰৰ এক শীৰ্ষস্থানীয় সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰিছে যে, ‘আমি চোৰাংচোৱাৰ জৰিয়তে তথ্য লাভ কৰিছোঁ যে, চীনে তিব্বতৰ যুৱকসকলক সামৰিক বাহিনীত অন্তৰ্ভুক্ত কৰি এটা বিশেষ গোট গঠন কৰিছে। ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত অভিযান চলাবলৈ তেওঁলোকক নিয়মীয়া প্ৰশিক্ষণ দি থকা হৈছে। তিব্বতৰ এইসকল যুৱকক বিভিন্ন আনুগত্য পৰীক্ষাৰ মাজেৰে সেনাত যোগদানৰ বাবে নিৰ্বাচন কৰা হৈছে। মেইনলেণ্ড চাইনাৰ ভাষাৰ প্ৰশিক্ষণ, দালাই লামাৰ দৰে ধৰ্মগুৰুৰ প্ৰভাৱৰ ঊৰ্ধ্বলৈ গৈ চীনৰ কমিউনিষ্ট পাৰ্টীৰ আনুগত্য স্বীকাৰ কৰা আদিৰ দৰে দিশ পৰীক্ষা কৰা হৈছে। সূত্ৰটোৱে প্ৰকাশ কৰিছে যে, এই বছৰৰ আৰম্ভণিৰে পৰা এই পদক্ষেপ গ্ৰহণ কৰিছে চীনে। তিব্বতৰ পৰা পলাই আহি ভাৰতত শৰনাৰ্থী হিচাপে আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলক লৈ ভাৰতীয় সেনাই গঠন কৰা স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ’ৰ্চৰ কাৰ্যকৰিতাৰ প্ৰতি লক্ষ্য ৰাখি চীনে এই পদক্ষেপ গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে। স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ’ৰ্চ বা এছ এফ এফ ১৯৬২চনৰ যুদ্ধৰ পাছত গঠন কৰা হৈছিল। ভাৰতীয় সেনা আৰু আমেৰিকাৰ চিআইএ-ই যুটীয়াভাৱে প্ৰশিক্ষণ দিছিল এই বিশেষ সামৰিক গোটটোক। স্থানীয় তিব্বতীয় লোক আৰু তিব্বতৰ শৰনাৰ্থীসকলে এই গোটত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। চীনে তিব্বতৰ যুৱকসকলক লৈ বিশেষ সামৰিক গোট গঠন কৰাৰ জৰিয়তে তিব্বত স্বায়ত্তশাসিত অঞ্চলত নিজৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বিস্তাৰ কৰাৰ লগতে এলএচিৰ আশে-পাশে তেওঁলোকক ব্যৱহাৰ কৰি চীনা সৈন্যৰ চাপ হ্ৰাস কৰাৰ পৰিকল্পনা কৰা বুলি ধাৰণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ