--°C
Loading...
Listen to Article
2 min read
80%

ডুবাই : ছৌডি আৰৱৰ ‘ৰেড লিষ্ট’ত ভাৰত। দেশখনৰ নাগৰিকে অহা তিনি বছৰলৈ ভাৰত ভ্ৰমণ কৰিব নোৱাৰিব আৰু এই নীতি উলংঘা কৰা লোকৰ বিৰুদ্ধে বৃহৎ জৰিমণা আৰোপ কৰা হ’ব। বুধবাৰে এই নিষেধাজ্ঞা জাৰি কৰিছে গাল্ফ ৰাষ্ট্ৰখনে। কেৱল ভাৰতেই নহয়, আন কেইবাখনো দেশ ভ্ৰমণৰ পৰা বাৰণ কৰা গৈছে ছৌডিৰ নাগৰিকক। কিন্তু কিহৰ বাবে এই কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে দেশখনে? ইয়াৰ কাৰণ হৈছে ক’ভিড-১৯।

ছোডি প্ৰেছ এজেন্সিত প্ৰকাশিত বাতৰি অনুসৰি দেশখনৰ চৰকাৰে মন্তব্য কৰিছে যে, ‘নিষিদ্ধ ঘোষণা কৰা ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিলে তাক ক’ভিড বিধি উলংঘা কৰা বুলি ধৰা হ’ব।’ সংবাদ সংস্থাটোৱে প্ৰকাশ কৰিছে যে, দেশখনৰ গৃহমন্ত্ৰীয়ে ‘নো ট্ৰেভেল’ লিষ্টত থকা দেশসমূহ ভ্ৰমণ নকৰিবলৈ ইয়াৰ নাগৰিকক সকীয়াই দিছে। ক’ভিড সংক্ৰমণ অব্যাহত থকা দেশসমূহ এই তালিকাত আছে।

ছৌডিৰে ৰেড তালিকাত থকা দেশসমূহ হৈছে, ইউ এ ই, লিবিয়া, ছিৰিয়া, লেবানন, য়েমেন, ইৰাণ, তুৰস্ক, আৰ্মেনিয়া, ইথিঅ’পিয়া, ছোমালিয়া, কংগো, আফগানিস্তান, ভেনিজুৱেলা, বেলাৰুছ, ভাৰত আৰু ভিয়েটনাম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক