--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ৱাশ্বিংটন: ক’ভিড-১৯ মহামাৰীয়ে ২০২০ চনৰ তুলনাত চলিত বৰ্ষত সংঘৰ্ষগ্ৰস্ত আৰু দৰিদ্ৰ দেশসমূহক তীব্ৰ আঘাত কৰিছে। বহুতে অধিক কেছলোড আৰু বৰ্ধিত মৃত্যুৰ সন্মুখীন হৈছে বুলি সদৰী কৰিছে ৰাষ্ট্ৰসংঘৰ উপ-মানৱতাবাদী মুৰব্বী ৰমেশ ৰাজসিংহমে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক তেওঁ অৱগত কৰে যে, ‘ভেকছিনৰ প্ৰৱেশাধিকাৰৰ অভাৱ, ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা সুচল কৰা, সামাজিক সজাগতা বৃদ্ধি, আৰু ১৭খন বিধ্বস্ত ৰাষ্ট্ৰকে ধৰি কমেও ১২৪খন দেশলৈ ডেল্টা প্ৰকাৰৰ বিস্তাৰৰ ফলত দেশসমূহৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। লগতে তেওঁ কয়, ‘কৰ’না মহামাৰী এতিয়াও নিৰ্মূল হোৱা নাই। আমি আমাৰ পৃথিৱীৰ দৰিদ্ৰ লোকসকলৰ বাবে আটাইতকৈ বিপদজনক সময়ত আছোঁ। চলিত বৰ্ষত এতিয়ালৈকে মানৱীয় সাহায্যৰ প্ৰয়োজন হোৱা প্ৰায় তিনি-চতুৰ্থাংশ দেশত ২০২০ চনৰ তুলনাত অধিক ঘটনা বা মৃত্যু নথিভুক্ত কৰা হৈছে। বিগত বৰ্ষৰ তুলনাত এই সংখ্যা প্ৰায় ৩গুণৰো অধিক বৃদ্ধি পাইছে।’

কৰ’নাত মৃতকৰ এই সংখ্যাক তেওঁ ‘আইচবাৰ্গৰ চূড়া’ বুলি অভিহিত কৰি কয়, ‘আজি আমাৰ দুটা ধৰণৰ মহামাৰী হৈছে-বিশ্বৰ ধনী দেশৰ বাবে এটা গতিপথ, আৰু দৰিদ্ৰলোকৰ বাবে এটা - ভেকছিনৰ উপলব্ধতা,সংক্ৰমণৰ হাৰ আৰু নীতিগত সমৰ্থন প্ৰদান কৰাৰ সামৰ্থ্যৰ নাটকীয় পাৰ্থক্যৰ দ্বাৰা চিহ্নিত হৈছে।’ৰাজসিংহমে আন্তৰ্জাতিক সম্প্ৰদায়ক আটাইতকৈ দৰিদ্ৰ দেশবোৰে কৰ’না মহামাৰীৰ সৈতে যুঁজিবলৈ সুৰক্ষামূলক সঁজুলি, অক্সিজেন,পৰীক্ষাৰ বাবে উপযুক্ত পিপিই-কীট আৰু অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰী লাভৰ ক্ষেত্ৰত নিশ্চিত সঁহাৰিৰ আহ্বান জনাইছে। উল্লেখ্য যে, বিশ্বব্যাপী মানৱতাবাদী ব্যৱস্থাই ১৬১ নিযুত লোকক সহায় কৰিবলৈ ৩৬ বিলিয়ন আমেৰিকান ডলাৰৰ বাবে আবেদন-পত্ৰ প্ৰেৰণ কৰিছে। আনহাতে, ৰাষ্ট্ৰসংঘই মানৱীয় সহায়ৰ বাবে আবেদন কৰা দেশসমূহলৈ ৮০ নিযুত ভেকচিন ইতিমধ্যে প্ৰেৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement