--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় বেগী বলিং আক্ৰমণৰ দমনীয় প্ৰদৰ্শনত থৰকাচুটি হেৰুৱাই মঙ্গলবাৰে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত শোচনীয়ভাৱে পৰাস্ত হয় ইংলেণ্ড। আৰম্ভণিৰে পৰা বুমৰাহ-ছামি-প্ৰসিধ কৃষ্ণ-পাণ্ডিয়াৰে গঠিত ভাৰতৰ পেচ বলিং আক্ৰমণৰ সন্মুখত অসহায় হৈ পৰা ইংলেণ্ডে প্ৰথমে বেটিং কৰি মাত্ৰ ১১০ ৰানতে ইনিংছ সামৰাৰ পিছত ভাৰতে কোনো উইকেট নেহেৰুৱাকৈয়ে বিজয়ৰ লক্ষ্যত উপনীত হয়। এইদৰে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰে ভাৰতে।

মঙ্গলবাৰৰ মেচখনত ভাৰতৰ বলিং বিভাগে সন্মিলিত ৰূপত ইংলেণ্ড শিবিৰত আঘাত সানে যদিও ভাৰতৰ পেচ বলিং আক্ৰমণৰ মেৰুদণ্ড স্বৰূপ যশপ্ৰীত বুমৰাহ মূলত: জয়ৰ প্ৰধান নায়ক হিচাপে বিবেচিত হয়। নিজৰ স্পেলত ইংলেণ্ডৰ ছয়গৰাকী বেটাৰক পেভিলিয়নৰ মুখ দেখুৱাই একপ্ৰকাৰে ইংলেণ্ডক ধৰাশায়ী কৰি তোলে বুমৰাহে। বুমৰাহৰ সংগী  মহম্মদ ছামীয়েও গুৰুত্বপূৰ্ণ সহযোগ আগবঢ়াই দখল কৰে তিনিটা উইকেট।

মেচখনৰ প্ৰথম অৱস্থাত বুমৰাহে ইংলেণ্ডৰ বেটিংক্ৰমত আঘাত সনাৰ পিছত ছামিয়েও দলৰ অন্যতম প্ৰধান ভৰসা বেন ষ্ট’কছৰ উইকেট দখল কৰি নিজৰ উইকেটৰ খাটা খোলে। ইয়াৰ পিছতে দলৰ ভেঁটি চম্ভালিবলৈ প্ৰাণপণ চেষ্টা কৰা অধিনায়ক জছ বাটলাৰো ছামিৰ চিকাৰ হয়। বাটলাৰৰ উইকেট দখলৰ লগে লগে ছামিয়ে স্পৰ্শ কৰে এক ঈৰ্ষণীয় মাইলষ্ট’ন। 

ছামিৰ এদিনীয়া কেৰিয়াৰত ই আছিল ১৫০ সংখ্যক উইকেট। লগে লগে ছামি পৰিগণিত হয় এদিনীয়াত দ্ৰুতভাৱে ১৫০ উইকেট দখল কৰা ভাৰতীয় বলাৰ। এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে প্ৰাক্তন পেচাৰ অজিত আগাৰকৰক। আগাৰকাৰে ৯৭ খন এদিনীয়া মেচত ১৫০ উইকেট সম্পূৰ্ণ কৰিছিল। মহম্মদ ছামিয়ে এইক্ষেত্ৰত আগাৰকাৰতকৈ ১৭ খন এদিনীয়া কমকৈ খেলিয়ে নতুন ভাৰতীয় অভিলেখ স্থাপন কৰে।

অৱশ্যে সামগ্ৰিকভাৱে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত এই তালিকাত ছামি আফগানিস্তানৰ স্পিনাৰ ৰছিদ খানৰ সৈতে যুটীয়াভাৱে তৃতীয় স্থানত আছে। তালিকাৰ প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়াৰ পেচাৰ মিচেল ষ্টাৰ্ছ। ষ্টাৰ্কে ৭৭ খন মেচত এই কৃতিত্ব অৰ্জন কৰিছিল। আনহাতে দ্বিতীয় স্থানত থকা পাকিস্তানৰ ছাকলেইন মুস্তাকে ৭৮ খন মেচত ১৫০ টা উইকেটৰ সীমা স্পৰ্শ কৰিছিল। 

উল্লেখ্য যে বৰ্তমানলৈকে ছামিয়ে ৮০ খন আন্ত:ৰাষ্ট্ৰীয় এদিনীয়াত ১৫১ টা উইকেট দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু