--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় বেগী বলিং আক্ৰমণৰ দমনীয় প্ৰদৰ্শনত থৰকাচুটি হেৰুৱাই মঙ্গলবাৰে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত শোচনীয়ভাৱে পৰাস্ত হয় ইংলেণ্ড। আৰম্ভণিৰে পৰা বুমৰাহ-ছামি-প্ৰসিধ কৃষ্ণ-পাণ্ডিয়াৰে গঠিত ভাৰতৰ পেচ বলিং আক্ৰমণৰ সন্মুখত অসহায় হৈ পৰা ইংলেণ্ডে প্ৰথমে বেটিং কৰি মাত্ৰ ১১০ ৰানতে ইনিংছ সামৰাৰ পিছত ভাৰতে কোনো উইকেট নেহেৰুৱাকৈয়ে বিজয়ৰ লক্ষ্যত উপনীত হয়। এইদৰে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰে ভাৰতে।

মঙ্গলবাৰৰ মেচখনত ভাৰতৰ বলিং বিভাগে সন্মিলিত ৰূপত ইংলেণ্ড শিবিৰত আঘাত সানে যদিও ভাৰতৰ পেচ বলিং আক্ৰমণৰ মেৰুদণ্ড স্বৰূপ যশপ্ৰীত বুমৰাহ মূলত: জয়ৰ প্ৰধান নায়ক হিচাপে বিবেচিত হয়। নিজৰ স্পেলত ইংলেণ্ডৰ ছয়গৰাকী বেটাৰক পেভিলিয়নৰ মুখ দেখুৱাই একপ্ৰকাৰে ইংলেণ্ডক ধৰাশায়ী কৰি তোলে বুমৰাহে। বুমৰাহৰ সংগী  মহম্মদ ছামীয়েও গুৰুত্বপূৰ্ণ সহযোগ আগবঢ়াই দখল কৰে তিনিটা উইকেট।

মেচখনৰ প্ৰথম অৱস্থাত বুমৰাহে ইংলেণ্ডৰ বেটিংক্ৰমত আঘাত সনাৰ পিছত ছামিয়েও দলৰ অন্যতম প্ৰধান ভৰসা বেন ষ্ট’কছৰ উইকেট দখল কৰি নিজৰ উইকেটৰ খাটা খোলে। ইয়াৰ পিছতে দলৰ ভেঁটি চম্ভালিবলৈ প্ৰাণপণ চেষ্টা কৰা অধিনায়ক জছ বাটলাৰো ছামিৰ চিকাৰ হয়। বাটলাৰৰ উইকেট দখলৰ লগে লগে ছামিয়ে স্পৰ্শ কৰে এক ঈৰ্ষণীয় মাইলষ্ট’ন। 

ছামিৰ এদিনীয়া কেৰিয়াৰত ই আছিল ১৫০ সংখ্যক উইকেট। লগে লগে ছামি পৰিগণিত হয় এদিনীয়াত দ্ৰুতভাৱে ১৫০ উইকেট দখল কৰা ভাৰতীয় বলাৰ। এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে প্ৰাক্তন পেচাৰ অজিত আগাৰকৰক। আগাৰকাৰে ৯৭ খন এদিনীয়া মেচত ১৫০ উইকেট সম্পূৰ্ণ কৰিছিল। মহম্মদ ছামিয়ে এইক্ষেত্ৰত আগাৰকাৰতকৈ ১৭ খন এদিনীয়া কমকৈ খেলিয়ে নতুন ভাৰতীয় অভিলেখ স্থাপন কৰে।

অৱশ্যে সামগ্ৰিকভাৱে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত এই তালিকাত ছামি আফগানিস্তানৰ স্পিনাৰ ৰছিদ খানৰ সৈতে যুটীয়াভাৱে তৃতীয় স্থানত আছে। তালিকাৰ প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়াৰ পেচাৰ মিচেল ষ্টাৰ্ছ। ষ্টাৰ্কে ৭৭ খন মেচত এই কৃতিত্ব অৰ্জন কৰিছিল। আনহাতে দ্বিতীয় স্থানত থকা পাকিস্তানৰ ছাকলেইন মুস্তাকে ৭৮ খন মেচত ১৫০ টা উইকেটৰ সীমা স্পৰ্শ কৰিছিল। 

উল্লেখ্য যে বৰ্তমানলৈকে ছামিয়ে ৮০ খন আন্ত:ৰাষ্ট্ৰীয় এদিনীয়াত ১৫১ টা উইকেট দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement