--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : পৰ্ণ ৰেকেট চলোৱাৰ দৰে গুৰুতৰ অভিযোগত স্বামী কাৰাবন্দী। স্বাভাৱিকতে বেয়া সময় চলিছে অভিনেত্ৰী শিল্পা শেট্টীৰ জীৱনত। ইয়াৰ মাজতে তেওঁ উভতিল ৰাজহুৱা জীৱনলৈ। ছুপাৰ ডান্সাৰ-৪ৰ ছেটলৈ উভতিল শিল্পা শেট্টী। কিন্তু কিয় চকু সেমেকিল শিল্পাৰ? কি দিলে তেওঁক ছুপাৰ ডান্সাৰ পৰিয়ালে? পৰ্ণোগ্ৰাফিক ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে স্বামী ৰাজ কুন্দ্ৰা। প্ৰায় এমাহে তেওঁ কাৰাগাৰৰ বন্ধ কোঠাতে দিন অতিবাহিত কৰিছে। তেওঁৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ তীব্ৰ তদন্ত চলিছে।

তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্যতো উঠিছে কঁপনি। স্বাভাৱিকেই এই কলংকৰ চেকা পৰিছে কুন্দ্ৰাৰ তাৰকা পত্নী, জনপ্ৰিয় অভিনেত্ৰী তথা ফিটনেছ আইকন শিল্পা শেট্টীৰ গাতো। তেৱোঁ আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছে আৰু অপমান, অপবাদৰ পাহাৰ এখন বৈ ফুৰিবলগীয়া হৈছে। তাৰ মাজতে এইবাৰ ৰাজহুৱা জীৱনলৈ প্ৰতাৱৰ্তন কৰিছে শিল্পাই। স্বামীৰ গ্ৰেপ্তাৰৰ পাছত দীঘলীয়া সময় নীৰৱে, সকলোৰে পৰা আঁতৰি ফুৰাৰ পাছত 'ছুপাৰ ডান্সাৰ 4'ৰ ছেটলৈ পুনৰ উভতিছে শিল্পা শেট্টী। এগৰাকী বিচাৰক হিচাপে তেওঁ এই জনপ্ৰিয় ৰিয়েলিটী শ্ব’টোৰ অংশীদাৰ হৈ আহিছে।

ছেটলৈ উভতি তেওঁ আগষ্টৰ খণ্ডটোৰ বাবে দৃশ্যগ্ৰহণ কৰে। এই প্ৰত্যাৱৰ্তন শিল্পাৰ কাৰণে আছিল ছাৰপ্ৰাইজভৰা। প্ৰযোজকসকলৰ আগ্ৰহ আৰু দুই সহ-বিচাৰক অনুৰাগ বসু আৰু গীতা কাপুৰৰ আন্তৰিক আদৰণিয়ে অতি সুখকৰ কৰি তুলিলে শিল্পাৰ প্ৰত্যাৱৰ্তন। ছুপাৰ ডান্সাৰ পৰিয়ালৰ আন্তৰিক আদৰণি আৰু আতিথ্যই চকু সেমেকাই তোলে শিল্পাৰ। ছেটলৈ ওভটাৰ ক্ষণটো আনন্দ অশ্ৰুৰে সজীৱ হৈ পৰিল শিল্পাৰ বাবে।

মন কৰিবলগীয়া যে, আগৰ এটা সাক্ষাৎকাৰত, সহ-বিচাৰক অনুৰাগ বসুৱে শিল্পাৰ অনুপস্থিতি অনুভৱ কৰা বুলি মন্তব্য কৰিছিল আৰু কৈছিল তেওঁলোকে তেওঁক হেৰুৱাব নিবিচাৰে। তেওঁ কৈছিল, আমি এটা সৰু পৰিয়াল আৰু যেতিয়া পৰিয়ালৰ এজন সদস্য ওচৰত নাথাকে, তেতিয়া বহুত কষ্ট হয়, তাতে শিল্পা সকলোৰে প্রিয়। স্বামীৰ জামিন আবেদন বাৰে বাৰে নাকচ হোৱা আৰু নানা নতুন অভিযোগে ভাৰাক্ৰান্ত কৰাৰ সময়তে শিল্পাৰ এই প্ৰত্যাৱৰ্তন আৰু তেওঁ লাভ কৰা আদৰণিয়ে তেওঁৰ গ্লানিৰ বোজা নিশ্চয় হ্ৰাস কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু