--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : পৰ্ণ ৰেকেট চলোৱাৰ দৰে গুৰুতৰ অভিযোগত স্বামী কাৰাবন্দী। স্বাভাৱিকতে বেয়া সময় চলিছে অভিনেত্ৰী শিল্পা শেট্টীৰ জীৱনত। ইয়াৰ মাজতে তেওঁ উভতিল ৰাজহুৱা জীৱনলৈ। ছুপাৰ ডান্সাৰ-৪ৰ ছেটলৈ উভতিল শিল্পা শেট্টী। কিন্তু কিয় চকু সেমেকিল শিল্পাৰ? কি দিলে তেওঁক ছুপাৰ ডান্সাৰ পৰিয়ালে? পৰ্ণোগ্ৰাফিক ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে স্বামী ৰাজ কুন্দ্ৰা। প্ৰায় এমাহে তেওঁ কাৰাগাৰৰ বন্ধ কোঠাতে দিন অতিবাহিত কৰিছে। তেওঁৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ তীব্ৰ তদন্ত চলিছে।

তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্যতো উঠিছে কঁপনি। স্বাভাৱিকেই এই কলংকৰ চেকা পৰিছে কুন্দ্ৰাৰ তাৰকা পত্নী, জনপ্ৰিয় অভিনেত্ৰী তথা ফিটনেছ আইকন শিল্পা শেট্টীৰ গাতো। তেৱোঁ আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছে আৰু অপমান, অপবাদৰ পাহাৰ এখন বৈ ফুৰিবলগীয়া হৈছে। তাৰ মাজতে এইবাৰ ৰাজহুৱা জীৱনলৈ প্ৰতাৱৰ্তন কৰিছে শিল্পাই। স্বামীৰ গ্ৰেপ্তাৰৰ পাছত দীঘলীয়া সময় নীৰৱে, সকলোৰে পৰা আঁতৰি ফুৰাৰ পাছত 'ছুপাৰ ডান্সাৰ 4'ৰ ছেটলৈ পুনৰ উভতিছে শিল্পা শেট্টী। এগৰাকী বিচাৰক হিচাপে তেওঁ এই জনপ্ৰিয় ৰিয়েলিটী শ্ব’টোৰ অংশীদাৰ হৈ আহিছে।

ছেটলৈ উভতি তেওঁ আগষ্টৰ খণ্ডটোৰ বাবে দৃশ্যগ্ৰহণ কৰে। এই প্ৰত্যাৱৰ্তন শিল্পাৰ কাৰণে আছিল ছাৰপ্ৰাইজভৰা। প্ৰযোজকসকলৰ আগ্ৰহ আৰু দুই সহ-বিচাৰক অনুৰাগ বসু আৰু গীতা কাপুৰৰ আন্তৰিক আদৰণিয়ে অতি সুখকৰ কৰি তুলিলে শিল্পাৰ প্ৰত্যাৱৰ্তন। ছুপাৰ ডান্সাৰ পৰিয়ালৰ আন্তৰিক আদৰণি আৰু আতিথ্যই চকু সেমেকাই তোলে শিল্পাৰ। ছেটলৈ ওভটাৰ ক্ষণটো আনন্দ অশ্ৰুৰে সজীৱ হৈ পৰিল শিল্পাৰ বাবে।

মন কৰিবলগীয়া যে, আগৰ এটা সাক্ষাৎকাৰত, সহ-বিচাৰক অনুৰাগ বসুৱে শিল্পাৰ অনুপস্থিতি অনুভৱ কৰা বুলি মন্তব্য কৰিছিল আৰু কৈছিল তেওঁলোকে তেওঁক হেৰুৱাব নিবিচাৰে। তেওঁ কৈছিল, আমি এটা সৰু পৰিয়াল আৰু যেতিয়া পৰিয়ালৰ এজন সদস্য ওচৰত নাথাকে, তেতিয়া বহুত কষ্ট হয়, তাতে শিল্পা সকলোৰে প্রিয়। স্বামীৰ জামিন আবেদন বাৰে বাৰে নাকচ হোৱা আৰু নানা নতুন অভিযোগে ভাৰাক্ৰান্ত কৰাৰ সময়তে শিল্পাৰ এই প্ৰত্যাৱৰ্তন আৰু তেওঁ লাভ কৰা আদৰণিয়ে তেওঁৰ গ্লানিৰ বোজা নিশ্চয় হ্ৰাস কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ