--°C
Loading...
Listen to Article
2 min read
80%

মুম্ৱাইঃ অক্ষয় কুমাৰ, বাণী কাপুৰ, লাৰা দত্ত, হুমা কুৰেছী অভিনীত ‘বেল বটম’ ছবিখন ১৯ আগষ্টত ৰূপালী পৰ্দাত মুক্তি লাভ কৰে। বিশ্বব্যাপী মুক্তি পোৱা স্বত্বেও ছবিখনে চৌদি আৰৱ, কাটাৰ আৰু কুৱেইটত প্ৰদৰ্শিত কৰিব পৰা নগ’ল। তিনিওখন দেশতে নিষিদ্ধ কৰা হৈছে ‘বেল বটম’।


জানিবলৈ পোৱা মতে, 'বেল বটমৰ দ্বিতীয় অংশত অপহৰণকাৰীসকলে লাহোৰৰ পৰা ডুবাইলৈ বিমানখন লৈ যোৱা দেখা গৈছে। দৰাচলতে, ১৯৮৪ চনত সংঘটিত বিমান অপহৰণ কাণ্ডটো আৰৱ প্ৰতিৰক্ষা মন্ত্ৰী শ্বেখ মহম্মদ বিন ৰছিদ আল মাকতুমে নিজেই বিষয়টো চম্ভালিছিল আৰু অপহৰণকাৰীসকল আৰৱ চৰকাৰৰ তৎপৰতাত আটক কৰা হৈছিল। কিন্তু ছবিখনত ভাৰতীয় বিষয়াসকলে আৰৱ প্ৰতিৰক্ষা মন্ত্ৰীক অন্ধকাৰত ৰখা আৰু সমগ্ৰ অভিযানটো চলাই থকা দেখুওৱা হৈছে।‘ সম্ভৱতঃ এইকাৰণেই চৌদি আৰৱ, কাটাৰ আৰু কুৱেইটত ছবিখন প্ৰদৰ্শনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।


উল্লেখ্য যে, অক্ষয় কুমাৰে এইখন চলচ্চিত্ৰত স্পাই থ্ৰিলাৰত ৰ'ৰ এজেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ কোড নাম বেল বটম। আণ্ডাৰ ক’ভাৰ এজেণ্টজনক বিমান অপহৰণৰ সন্দৰ্ভত মাতি অনা হৈছিল। চলচ্চিত্ৰখনৰ কাহিনীটোৱে ২১০ জন বন্দীক কেনেদৰে উদ্ধাৰ কৰিব লাগে আৰু অপহৰণকাৰীসকলক সঠিক পাঠ শিকাব লাগে তাৰ পৰিকল্পনাৰ মাষ্টাৰপ্লেন প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰঞ্জিত তিৱাৰীৰ দ্বাৰা পৰিচালিত এই ছবিখন আন যিকোনো অক্ষয় কুমাৰ চলচ্চিত্ৰৰ দৰে বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখন ৭০ ৰ দশকৰ শেষৰ ফালে আৰু ৮০ ৰ দশকৰ আৰম্ভণিতে সংঘটিত দুটা ঘটনাৰ পটভূমিত নিৰ্মাণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ