--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ সময় আৰু পৰিস্থিতিৰ দাস৷ বিধিৰ পাকচক্ৰত পৰি বহুলোক সৰ্বস্ৰান্ত হোৱাৰ উদাহৰণ বিদ্যমান৷আজিৰ এই প্ৰতিবেদনত উল্লেখ কৰিব বিচাৰিছোঁ ঠিক অনুৰূপ এক কাহিনী যিয়ে আপোনাকো হয়টো আচৰিত কৰি তুলিব৷

ঘটনাটো যোৱা ৪ মাৰ্চৰ৷ যোধপুৰৰ পৰা ২১২ কিলোমিটাৰ নিলগৰ বাড়মেৰত বাস কৰা পশু চিকিৎসক ওম প্ৰকাশ ছোনীৰ মোবাইল ফোনত এটা ফোনকল আহে। সন্মুখৰ পৰা ওম প্ৰকাশলৈ ভাঁহি অহা ফোনটোত কোৱা হৈছিল-“ আমি 'আপনা ঘৰ আশ্ৰম' ৰ পৰা ফোন কৰিছোঁ। আপোনাৰ ভাতৃ যশৰাজক যোধপুৰৰ দ্বাদশ পথত শ্ৰমিক হিচাপে কাম কৰি থকা অৱস্থাত পোৱা গৈছে। তেওঁ আমাৰ সৈতে সুৰক্ষিত অৱস্থাত আছে। আপুনি তেওঁক নিবলৈ আহিব পাৰিবনে?”

প্ৰথমতে ওম প্ৰকাশে ফোনকলটোৰ ওপৰত বিশ্বাস কৰা নাছিল। তাৰ পাছত আপনা ঘৰ আশ্ৰমৰ কৰ্তৃপক্ষই ওম প্ৰকাশক ভিডিঅ’ কলৰ জৰিয়তে যশৰাজৰ লগত কথা পাতিবলৈ দিয়ে। ৯ বছৰ আগতে ঘৰৰ পৰা ওলাই অহা পশু চিকিৎসক যশৰাজক চিনি পোৱাটো ওম প্ৰকাশৰ বাবে কঠিন হৈ পৰিছিল।যশৰাজৰ চুলিবোৰ বাঢ়ি গৈছিল আৰু অৱস্থাটো যথেষ্ট বেয়া আছিল। ইয়াৰ পাছতে ওম প্ৰকাশ ভাতৃ ডাঃ ৰবি শংকৰৰ সৈতে যোধপুৰলৈ ৰাওনা হয়।

৫ মাৰ্চ (মঙলবাৰ)ত যেতিয়া আশ্ৰম তেওঁলোক উপস্থিত হয়, তেতিয়া ওমপ্ৰকাশৰ কনিষ্ঠ ভাতৃ যশৰাজক দেখাৰ পাছত উৎফুল্লিত হৈ পৰে। দৌৰি গৈ ওম প্ৰকাশে যশৰাজক সাৱটি ধৰে আৰু দুচকু লোটকেৰে ভৰি পৰে। ভাতৃদ্বয়ৰ পুনৰ মিলন দেখি তাত উপস্থিত থকা সকলো লোক আৱেগিক হৈ পৰে।

আপনা ঘৰ আশ্ৰমৰ সেৱাদাৰ দেৱীলালে জনায় যে যোধপুৰৰ দ্বাদশ পথত যশৰাজৰ অৱস্থা আছিল অতি কৰুণ। যশৰাজে শ্ৰমিক হিচাপে কাম কৰি আছিল। আশ্ৰমৰ অভিযানৰ অধীনত এনেদৰে বসবাস কৰা লোকসকলক আশ্ৰমত সংস্থাপন কৰি পৰিয়ালৰ সৈতে পুনৰ একত্ৰিত কৰাৰ প্ৰয়াস কৰা হয়। ১ মাৰ্চত যশৰাজক আশ্ৰমলৈ লৈ অহাৰ পাছতে ঘৰৰ ঠিকনা আশ্ৰম কৰ্তৃপক্ষক জনায়৷

জ্যেষ্ঠ ভাতৃ ওম প্ৰকাশে কয় যে তিনিওজন ভাতৃয়ে পশু চিকিৎসক। ওম প্ৰকাশ নিজেই বাড়মেৰত এজন পশু চিকিৎসক। ছিৰোহীত পশু চিকিৎসক হিচাপে কৰ্মৰত ৰবি শংকৰ।আৰু ২০১৪ চনত যশৰাজে চৰকাৰী চাকৰি লাভ কৰে।তাৰ পাছত যশৰাজে বড়মেৰৰ শিৱ অঞ্চলত পশু চিকিৎসক হিচাপে নিযুক্তি লাভ কৰে।তাৰ পৰৱৰ্তী সময়ত ২০১৫ চনত বিয়া হৈছিল যশৰাজৰ।কিন্তু বিয়াৰ ৬ মাহৰ পাছত যশৰাজ ঘৰৰ পৰা ওলাই যায়৷

মাজু ভাতৃ ৰবি শংকৰে কয় যে- আমি তেওঁক বিচাৰিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু সফলতা লাভ নকৰিলোঁ।যশৰাজৰ হাতত এটা মোবাইল ফোনো আছিল। ফোন কৰিলে ল’কেচন আছিল উত্তৰ প্ৰদেশ। তাত পোৱাৰ আগতেই যশৰাজৰ ল’কেচন জয়পুৰলৈ আহিবলৈ ধৰিলে। জয়পুৰত পোৱাৰ পাছতেই যশৰাজৰ ল’কেচন অহা বন্ধ হৈ গ’ল। ২০১৭-১৮ চনলৈকে ব্যাপক অনুসন্ধান কৰা হ’ল যদিও যশৰাজক পোৱা নগ’ল। ইফালে দুবছৰ অপেক্ষা কৰি যশৰাজৰ পত্নীও ঘৰৰ পৰা আঁতৰি গ’ল।

তদুপৰি ৰবি শংকৰে কয় - পিতৃ ভূৰচান্দ ছোনী আৰু মাতৃ নিৰ্মলা দেৱীয়ে যশৰাজক পোৱাৰ আশাত যোৱা ৯ বছৰে সদায় খাদ্য খোৱাৰ আগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু তাৰ পাছতহে খাবলৈ আৰম্ভ কৰিছিল।বৰ্তমান পৰিয়ালটোৱে নিৰুদ্দিষ্ট সদস্যজনক লাভ কৰি উৎফুল্লিত হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু