--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিয়েগো মাৰাডোনাৰ মৃত্যু কেৱল এক স্বাভাৱিক মৃত্যু! নে ইয়াৰ আঁৰত আছে আন কিবা ৰহস্য? ফুটবলৰ ৰাজকুমাৰৰ মৃত্যুৰ বাবে দায়ী নেকি চিকিৎসক? আৰ্জেণ্টিনা চৰকাৰে আৰম্ভ কৰিছে তদন্ত আৰু সেই তদন্তৰ পৰিপ্ৰেক্ষিততে এইবাৰ ৪জন চিকিৎসককে ধৰি মুঠ ৮জন লোক আদালতত দ্বাৰস্থ হ’ব লাগিব।

স্মৰ্তব্য যে, ফুটবলৰ ৰাজকুমাৰ ডিয়েগো মাৰাডোনাৰ ২০২০ চনৰ ২৫ নৱেম্বৰত মৃত্যু হয়। তেওঁৰ বৰ্ণময় ফুটবল কেৰিয়াৰক লৈ যেনেদৰে বিতৰ্কৰ সৃষ্টি হৈছিল ঠিক তেনেদৰে মৃত্যুৰ পিছতো বিতৰ্কই লগ এৰা নাই এই মৃত্যুক। মাৰাডোনাৰ মৃত্যুৰ কাৰণ কি আছিল? চিকিৎসকৰ কিবা ভুল আছিল নেকি? তেওঁৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত কৰি আছে আৰ্জেণ্টিনা চৰকাৰে। সেই তদন্তৰ পৰিপ্ৰেক্ষিততে এইবাৰ আদালতে ৮জন লোকক কৰায়ত্ত কৰিছে।

ইয়াৰ ভিতৰত আছে মাৰাডোনাৰ বন্ধু তথা পৰিয়ালৰ চিকিৎসক লিঅ’পল্ড লুক, মনোৰোগ বিশেষজ্ঞ অগাষ্টিনা কোছাশ্বভ, মনোবিজ্ঞানী কাৰ্লোছ ডায়েজ আৰু চিকিৎসা সমন্বয়ক নেন্সি ফৰ্লিনি। দোষী সাব্যস্ত হ’লে ৮ৰ পৰা ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে অভিযুক্ত। মগজুত তেজ জমা হোৱাৰ ফলত মাৰাডোনাক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। কেইবাদিনৰ চিকিৎসাৰ অন্তত তেওঁৰ শাৰীৰিক অৱস্থাৰ ক্ৰমাত উন্নত হয়। ইয়াৰ পিছত ঘৰতে তেওঁৰ সকলো চিকিৎসা ব্যৱস্থা কৰা হয়। মাৰাডোনাৰ চিকিৎসাৰ দায়িত্বত আছিল এই ৮জন চিকিৎসাকৰ্মী। মাৰাডোনাৰ অৱস্থা ভাল হোৱাৰ পিছত পুনৰ কেনেকৈ অসুস্থ হৈ পৰিল? এই বিষয়ে নিৰৱচ্ছিন্ন তদন্ত চলাই গৈছে আৰ্জেণ্টিনা চৰকাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ