--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিয়েগো মাৰাডোনাৰ মৃত্যু কেৱল এক স্বাভাৱিক মৃত্যু! নে ইয়াৰ আঁৰত আছে আন কিবা ৰহস্য? ফুটবলৰ ৰাজকুমাৰৰ মৃত্যুৰ বাবে দায়ী নেকি চিকিৎসক? আৰ্জেণ্টিনা চৰকাৰে আৰম্ভ কৰিছে তদন্ত আৰু সেই তদন্তৰ পৰিপ্ৰেক্ষিততে এইবাৰ ৪জন চিকিৎসককে ধৰি মুঠ ৮জন লোক আদালতত দ্বাৰস্থ হ’ব লাগিব।

স্মৰ্তব্য যে, ফুটবলৰ ৰাজকুমাৰ ডিয়েগো মাৰাডোনাৰ ২০২০ চনৰ ২৫ নৱেম্বৰত মৃত্যু হয়। তেওঁৰ বৰ্ণময় ফুটবল কেৰিয়াৰক লৈ যেনেদৰে বিতৰ্কৰ সৃষ্টি হৈছিল ঠিক তেনেদৰে মৃত্যুৰ পিছতো বিতৰ্কই লগ এৰা নাই এই মৃত্যুক। মাৰাডোনাৰ মৃত্যুৰ কাৰণ কি আছিল? চিকিৎসকৰ কিবা ভুল আছিল নেকি? তেওঁৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত কৰি আছে আৰ্জেণ্টিনা চৰকাৰে। সেই তদন্তৰ পৰিপ্ৰেক্ষিততে এইবাৰ আদালতে ৮জন লোকক কৰায়ত্ত কৰিছে।

ইয়াৰ ভিতৰত আছে মাৰাডোনাৰ বন্ধু তথা পৰিয়ালৰ চিকিৎসক লিঅ’পল্ড লুক, মনোৰোগ বিশেষজ্ঞ অগাষ্টিনা কোছাশ্বভ, মনোবিজ্ঞানী কাৰ্লোছ ডায়েজ আৰু চিকিৎসা সমন্বয়ক নেন্সি ফৰ্লিনি। দোষী সাব্যস্ত হ’লে ৮ৰ পৰা ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে অভিযুক্ত। মগজুত তেজ জমা হোৱাৰ ফলত মাৰাডোনাক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। কেইবাদিনৰ চিকিৎসাৰ অন্তত তেওঁৰ শাৰীৰিক অৱস্থাৰ ক্ৰমাত উন্নত হয়। ইয়াৰ পিছত ঘৰতে তেওঁৰ সকলো চিকিৎসা ব্যৱস্থা কৰা হয়। মাৰাডোনাৰ চিকিৎসাৰ দায়িত্বত আছিল এই ৮জন চিকিৎসাকৰ্মী। মাৰাডোনাৰ অৱস্থা ভাল হোৱাৰ পিছত পুনৰ কেনেকৈ অসুস্থ হৈ পৰিল? এই বিষয়ে নিৰৱচ্ছিন্ন তদন্ত চলাই গৈছে আৰ্জেণ্টিনা চৰকাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু