--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুজি এবিধ সাধাৰণ খাদ্য। প্ৰায় মানুহৰ ঘৰত চুজি থাকেই। চুজি খাই বহুতেই ভালপায়। চুজি ৰান্ধি গৃহিণীয়েও বৰ ভালপায় কাৰণ অতি কম সময়তে ইয়াক ৰান্ধিব পাৰি। চুজি খালে পেটো ভৰি যায়। 

চুজিৰ হালৱা মানুহৰ মাজত অতি জনপ্ৰিয় এক খাদ্য। কিছুমান ধৰ্মীয় কামকাজত চুজিৰ হালৱাও প্ৰসাদ হিচাপে আগবঢ়োৱা হয়। চুজিৰ লাৰু খাবলৈও বৰ সোৱাদ। চুজিৰে পিঠাও বনাব পাৰি। ফাইবাৰ সমৃদ্ধ স্বাস্থ্যকৰ চুজি আমাৰ শৰীৰৰ পক্ষে বৰ উপকাৰী। 

চুজি গাখীৰ, চেনিৰ সৈতে মিঠা কৰি বা পাচলিৰ সৈতে মিহলাই নিমখীয়া কৰি খাব পৰা যায়। বেছিভাগ মানুহে মিঠা চুজি খায়ে ভাল পায়। ইয়াৰ পৰা শৰীৰে পুষ্টি আহৰণ কৰে। চুজিৰ সৈতে প্রটিন আৰু ফাইবাৰ সমৃদ্ধ খাদ্য যোগ কৰিলে শৰীৰৰ পক্ষে খুবেই ভাল। সুস্বাদু চুজিৰ আছে বহু উপকাৰী গুণ। আহকচোন জানো চুজিৰ উপকাৰিতাৰ বিষয়ে-

চুজিৰ নানা গুণ

১) ওজন হ্রাসত সহায় কৰে চুজিয়ে।

২) হার্টৰ বাবেও ভাল চুজি।

৩) চুজিত কলেষ্টেৰল নাথাকে।সেয়ে ই শৰীৰৰ কোনো ধৰণৰ ক্ষতি নকৰে।

৪) চুজিত আছে মেগনেছিয়াম, জিংক আৰু ফছফৰাছ ইত্যাদি বিভিন্ন উপাদান। এই উপাদানবোৰ আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী। এই উপাদানবোৰে আমাৰ স্নায়ুতন্ত্র সুস্থ ৰখাত সহায় কৰে।

৫)চুজিত থকা কেলচিয়ামে হাড় মজবুত কৰাত সহায় কৰে।

৬)ৰক্ত সঞ্চালননতো সহায় কৰে চুজিয়ে। 

৭)চুজিত প্রচুৰ পৰিমাণে আয়ৰণ থাকে, চুজি খালে শৰীৰত আয়ৰণৰ অভাৱ দূৰ হয়। 

৮)চুজিয়ে আমাৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। কাৰণ চুজি কার্বোহাইড্রেট সমৃদ্ধ হোৱাত ই খাদ্য শক্তি আৰু শক্তি বৃদ্ধিত সহায় কৰে।

গতিকে ফাষ্টফুড নাখাই ঘৰতে সহজতে ৰান্ধিব পৰা চুজি খাই আমি নিজকে আৰু আমাৰ পৰিয়ালটিক সুস্বাস্থ্যৱান কৰি ৰাখো আহক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ