--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুজি এবিধ সাধাৰণ খাদ্য। প্ৰায় মানুহৰ ঘৰত চুজি থাকেই। চুজি খাই বহুতেই ভালপায়। চুজি ৰান্ধি গৃহিণীয়েও বৰ ভালপায় কাৰণ অতি কম সময়তে ইয়াক ৰান্ধিব পাৰি। চুজি খালে পেটো ভৰি যায়। 

চুজিৰ হালৱা মানুহৰ মাজত অতি জনপ্ৰিয় এক খাদ্য। কিছুমান ধৰ্মীয় কামকাজত চুজিৰ হালৱাও প্ৰসাদ হিচাপে আগবঢ়োৱা হয়। চুজিৰ লাৰু খাবলৈও বৰ সোৱাদ। চুজিৰে পিঠাও বনাব পাৰি। ফাইবাৰ সমৃদ্ধ স্বাস্থ্যকৰ চুজি আমাৰ শৰীৰৰ পক্ষে বৰ উপকাৰী। 

চুজি গাখীৰ, চেনিৰ সৈতে মিঠা কৰি বা পাচলিৰ সৈতে মিহলাই নিমখীয়া কৰি খাব পৰা যায়। বেছিভাগ মানুহে মিঠা চুজি খায়ে ভাল পায়। ইয়াৰ পৰা শৰীৰে পুষ্টি আহৰণ কৰে। চুজিৰ সৈতে প্রটিন আৰু ফাইবাৰ সমৃদ্ধ খাদ্য যোগ কৰিলে শৰীৰৰ পক্ষে খুবেই ভাল। সুস্বাদু চুজিৰ আছে বহু উপকাৰী গুণ। আহকচোন জানো চুজিৰ উপকাৰিতাৰ বিষয়ে-

চুজিৰ নানা গুণ

১) ওজন হ্রাসত সহায় কৰে চুজিয়ে।

২) হার্টৰ বাবেও ভাল চুজি।

৩) চুজিত কলেষ্টেৰল নাথাকে।সেয়ে ই শৰীৰৰ কোনো ধৰণৰ ক্ষতি নকৰে।

৪) চুজিত আছে মেগনেছিয়াম, জিংক আৰু ফছফৰাছ ইত্যাদি বিভিন্ন উপাদান। এই উপাদানবোৰ আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী। এই উপাদানবোৰে আমাৰ স্নায়ুতন্ত্র সুস্থ ৰখাত সহায় কৰে।

৫)চুজিত থকা কেলচিয়ামে হাড় মজবুত কৰাত সহায় কৰে।

৬)ৰক্ত সঞ্চালননতো সহায় কৰে চুজিয়ে। 

৭)চুজিত প্রচুৰ পৰিমাণে আয়ৰণ থাকে, চুজি খালে শৰীৰত আয়ৰণৰ অভাৱ দূৰ হয়। 

৮)চুজিয়ে আমাৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। কাৰণ চুজি কার্বোহাইড্রেট সমৃদ্ধ হোৱাত ই খাদ্য শক্তি আৰু শক্তি বৃদ্ধিত সহায় কৰে।

গতিকে ফাষ্টফুড নাখাই ঘৰতে সহজতে ৰান্ধিব পৰা চুজি খাই আমি নিজকে আৰু আমাৰ পৰিয়ালটিক সুস্বাস্থ্যৱান কৰি ৰাখো আহক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী