--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ককৰোচ জনতা পাৰ্টিৰ আহ্বানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি একগোট হ'ল হাজাৰ হাজাৰ শিক্ষাৰ্থী।

ডিজিটেল ডেস্ক: দিল্লীৰ যন্তৰ-মন্তৰত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ। অনলাইনৰ পৰা অফলাইন প্ৰতিবাদত নামিল ককৰোচ জনতা পাৰ্টি।  এজাক ‘পঁইতাচোৰা’ই কঁপাইছে দিল্লী। যন্তৰ মন্তৰত যুৱকণ্ঠৰ গৰ্জন। হাতত কিতাপ, বুকুত ক্ষোভ, মুখত এটাই শ্লোগান 'ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰক!'


দিল্লীৰ যন্তৰ মন্তৰ, দেশৰ ৰাজনৈতিক প্ৰতিবাদৰ প্ৰতীকস্থলী। আজি সেই স্থানেই ৰূপ ল’লে এক বিশাল ছাত্ৰ আৰু যুৱ আন্দোলনৰ মঞ্চত। ককৰোচ জনতা পাৰ্টিৰ আহ্বানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি একগোট হ'ল হাজাৰ হাজাৰ শিক্ষাৰ্থী।


কাৰোবাৰ হাতত জাতীয় পতাকা, কাৰোবাৰ হাতত কিতাপ। এই প্ৰতিবাদৰ অন্তৰ্নিহিত অভিযোগো বৰ্তমান হৈ পৰিছে স্পষ্ট। বছৰ বছৰ ধৰি চলি থকা পৰীক্ষা ব্যৱস্থাৰ অনিয়ম, প্ৰশ্নকাকত ফাদিল, ফলাফলত বিতৰ্ক আৰু নিয়োগ প্ৰক্ৰিয়াত অসংখ্য প্ৰশ্ন। 


যাৰবাবে লাখ লাখ শিক্ষাৰ্থীৰ সপোন বিপদত পৰিছে বুলি দাবী প্ৰতিবাদকাৰীৰ। সেয়েহে যন্তৰ মন্তৰত আজি প্ৰতিবাদকাৰীৰ স্পষ্ট দাবী যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব। ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজীত দীপকেই প্ৰতিবাদ আৰম্ভ হোৱাৰ পূৰ্বে সমৰ্থকসকললৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয় যে এই আন্দোলন ক্ষোভৰ, কিন্তু হিংসাৰ নহয়, এই যুঁজ পৰীক্ষাৰ নহয়, এই যুঁজ ভৱিষ্যতৰ।


তেওঁ প্ৰতিবাদকাৰীসকলক কিতাপ আৰু জাতীয় পতাকা লৈ আহিবলৈ আহ্বান জনোৱাৰ লগতে আৰক্ষীক ফুল দি সন্মান জনাবলৈও কয়। ছ’চিয়েল মিডিয়াত গঢ় লোৱা এই সংগঠনটোৱে প্ৰথমবাৰৰ বাবে ৰাজপথত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। শক্তি প্ৰদৰ্শনৰ কেন্দ্ৰবিন্দুত আছে দেশৰ যুৱ সমাজ। যন্তৰ মন্তৰৰ পৰা উত্থান হোৱা এই যুৱকণ্ঠ কেৱল দিল্লীতে সীমাবদ্ধ থাকিব ? নে দেশজুৰি এক বৃহৎ ছাত্ৰ-যুৱ আন্দোলনৰ ৰূপ ল'ব? কিন্তু আজিৰ দৃশ্যই স্পষ্ট কৰিলে যুৱ সমাজ নীৰৱ নহয়, তেওঁলোক প্ৰশ্ন কৰিছে, বিচাৰিছে উত্তৰ। নিজৰ ভৱিষ্যতৰ বাবে ৰাজপথলৈ নামিবলৈও সাজু আজিৰ যুৱপ্ৰজন্ম। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু