--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ককৰোচ জনতা পাৰ্টিৰ আহ্বানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি একগোট হ'ল হাজাৰ হাজাৰ শিক্ষাৰ্থী।

ডিজিটেল ডেস্ক: দিল্লীৰ যন্তৰ-মন্তৰত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ। অনলাইনৰ পৰা অফলাইন প্ৰতিবাদত নামিল ককৰোচ জনতা পাৰ্টি।  এজাক ‘পঁইতাচোৰা’ই কঁপাইছে দিল্লী। যন্তৰ মন্তৰত যুৱকণ্ঠৰ গৰ্জন। হাতত কিতাপ, বুকুত ক্ষোভ, মুখত এটাই শ্লোগান 'ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰক!'


দিল্লীৰ যন্তৰ মন্তৰ, দেশৰ ৰাজনৈতিক প্ৰতিবাদৰ প্ৰতীকস্থলী। আজি সেই স্থানেই ৰূপ ল’লে এক বিশাল ছাত্ৰ আৰু যুৱ আন্দোলনৰ মঞ্চত। ককৰোচ জনতা পাৰ্টিৰ আহ্বানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি একগোট হ'ল হাজাৰ হাজাৰ শিক্ষাৰ্থী।


কাৰোবাৰ হাতত জাতীয় পতাকা, কাৰোবাৰ হাতত কিতাপ। এই প্ৰতিবাদৰ অন্তৰ্নিহিত অভিযোগো বৰ্তমান হৈ পৰিছে স্পষ্ট। বছৰ বছৰ ধৰি চলি থকা পৰীক্ষা ব্যৱস্থাৰ অনিয়ম, প্ৰশ্নকাকত ফাদিল, ফলাফলত বিতৰ্ক আৰু নিয়োগ প্ৰক্ৰিয়াত অসংখ্য প্ৰশ্ন। 


যাৰবাবে লাখ লাখ শিক্ষাৰ্থীৰ সপোন বিপদত পৰিছে বুলি দাবী প্ৰতিবাদকাৰীৰ। সেয়েহে যন্তৰ মন্তৰত আজি প্ৰতিবাদকাৰীৰ স্পষ্ট দাবী যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব। ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজীত দীপকেই প্ৰতিবাদ আৰম্ভ হোৱাৰ পূৰ্বে সমৰ্থকসকললৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয় যে এই আন্দোলন ক্ষোভৰ, কিন্তু হিংসাৰ নহয়, এই যুঁজ পৰীক্ষাৰ নহয়, এই যুঁজ ভৱিষ্যতৰ।


তেওঁ প্ৰতিবাদকাৰীসকলক কিতাপ আৰু জাতীয় পতাকা লৈ আহিবলৈ আহ্বান জনোৱাৰ লগতে আৰক্ষীক ফুল দি সন্মান জনাবলৈও কয়। ছ’চিয়েল মিডিয়াত গঢ় লোৱা এই সংগঠনটোৱে প্ৰথমবাৰৰ বাবে ৰাজপথত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। শক্তি প্ৰদৰ্শনৰ কেন্দ্ৰবিন্দুত আছে দেশৰ যুৱ সমাজ। যন্তৰ মন্তৰৰ পৰা উত্থান হোৱা এই যুৱকণ্ঠ কেৱল দিল্লীতে সীমাবদ্ধ থাকিব ? নে দেশজুৰি এক বৃহৎ ছাত্ৰ-যুৱ আন্দোলনৰ ৰূপ ল'ব? কিন্তু আজিৰ দৃশ্যই স্পষ্ট কৰিলে যুৱ সমাজ নীৰৱ নহয়, তেওঁলোক প্ৰশ্ন কৰিছে, বিচাৰিছে উত্তৰ। নিজৰ ভৱিষ্যতৰ বাবে ৰাজপথলৈ নামিবলৈও সাজু আজিৰ যুৱপ্ৰজন্ম। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement