--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বেছিভাগ মহিলাই মাহেকীয়াৰ সময়ত পেটৰ বিষ অনুভৱ কৰে। একাংশৰ ক্ষেত্ৰত পেট, কঁকালৰ বিষ ইমানেই বেছি হয় যে যন্ত্ৰণাৰ পৰা সকাহ পাবলৈ পিৰিয়ড পেইন কিলাৰ টেবলেট ব্যৱহাৰ কৰে। আনহাতে কিছুমান মহিলাই চকলেটৰ আশ্ৰয় লয়। বহু মহিলাৰ মতে পিৰিয়ডৰ সময়ত চকলেট খালে বিষৰ পৰা বহু পৰিমাণে সকাহ পায়। সেয়েহে মাহেকীয়াৰ সময়ত মহিলাসকলে বেছিকৈ খাবলৈ ভাল পোৱা খাদ্য সামগ্ৰীৰ ভিতৰত চকলেট অন্যতম। সাধাৰণতে ডাৰ্ক চকলেটে পিৰিয়ডৰ বিষৰ পৰা উপশম দিয়ে বুলি জনা যায়। কাৰণ ইয়াত ক’ক’ বিন থাকে, যিবোৰ ফ্লেভন’ইডৰ ভাল উৎস বুলি জনা যায়।

চকলেট আৰু পিৰিয়ড:-হৰম’নৰ পৰিৱৰ্তনৰ বাবেই এনে হয় বুলি কোৱা হয়। সেয়েহে বেছিভাগ মহিলাই মাহেকীয়াৰ সময়ত চকলেট খোৱাৰ অভ্যাস কৰে। এন চি বি আইৰ এক অধ্যয়ন অনুসৰি কলেজৰ ২৮.৯ শতাংশ মহিলাই মাহেকীয়াৰ সময়ত চকলেট খাব বিচাৰে বুলি জানিবলৈ দিয়ে। ।

ডাৰ্ক চকলেটক পিৰিয়ড পেইনৰ বাবে ভাল বুলি গণ্য কৰা হয়। ইয়াত অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে পিৰিয়ডৰ বিষ কমোৱাত সহায় কৰে। একাংশ মহিলাৰ মাহেকীয়া হোৱাৰ ঠিক আগতে চকলেট খোৱাৰ ইচ্ছা জাগে। 

পিৰিয়ডৰ সময়ত চকলেট কিয় খাব লাগে?
১) এনচিবিআইৰ প্ৰতিবেদন অনুসৰি চকলেট খালে মহিলাৰ মানসিক স্থিৰতা উন্নত কৰে। কাৰণ ডাৰ্ক চকলেটত চেৰ’টনিন নামৰ এবিধ এন্টিডিপ্ৰেছন পদাৰ্থ থাকে, মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব।
 
২) চকলেটে মাহেকীয়াৰ সময়ত মহিলাৰ মানসিক চাপ হ্ৰাস কৰে। পিৰিয়ডৰ ফলত হোৱা বিষৰ পৰা সকাহ দিয়া উপৰি চকলেটে ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰে।

৩) পিৰিয়ডৰ সমস্যা দূৰ কৰাত চকলেট উপকাৰী। বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষত ভুগিবলগীয়া হয়। সেই বিষৰ বাবে চকলেট হৈছে সৰ্বোত্তম সমাধান। ডাৰ্ক চকলেটত ফেনল আৰু ফ্লেভনয়ডৰ দৰে এন্টিঅক্সিডেন্ট থাকে। ইয়াৰ উপৰি ইয়াত কেলচিয়াম, পটাছিয়াম, আইৰণ, কিছু পৰিমাণে ওমেগা-৩ আৰু ৬ আৰু মেগনেছিয়াম আদি খনিজ পদাৰ্থ থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন