--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বেছিভাগ মহিলাই মাহেকীয়াৰ সময়ত পেটৰ বিষ অনুভৱ কৰে। একাংশৰ ক্ষেত্ৰত পেট, কঁকালৰ বিষ ইমানেই বেছি হয় যে যন্ত্ৰণাৰ পৰা সকাহ পাবলৈ পিৰিয়ড পেইন কিলাৰ টেবলেট ব্যৱহাৰ কৰে। আনহাতে কিছুমান মহিলাই চকলেটৰ আশ্ৰয় লয়। বহু মহিলাৰ মতে পিৰিয়ডৰ সময়ত চকলেট খালে বিষৰ পৰা বহু পৰিমাণে সকাহ পায়। সেয়েহে মাহেকীয়াৰ সময়ত মহিলাসকলে বেছিকৈ খাবলৈ ভাল পোৱা খাদ্য সামগ্ৰীৰ ভিতৰত চকলেট অন্যতম। সাধাৰণতে ডাৰ্ক চকলেটে পিৰিয়ডৰ বিষৰ পৰা উপশম দিয়ে বুলি জনা যায়। কাৰণ ইয়াত ক’ক’ বিন থাকে, যিবোৰ ফ্লেভন’ইডৰ ভাল উৎস বুলি জনা যায়।

চকলেট আৰু পিৰিয়ড:-হৰম’নৰ পৰিৱৰ্তনৰ বাবেই এনে হয় বুলি কোৱা হয়। সেয়েহে বেছিভাগ মহিলাই মাহেকীয়াৰ সময়ত চকলেট খোৱাৰ অভ্যাস কৰে। এন চি বি আইৰ এক অধ্যয়ন অনুসৰি কলেজৰ ২৮.৯ শতাংশ মহিলাই মাহেকীয়াৰ সময়ত চকলেট খাব বিচাৰে বুলি জানিবলৈ দিয়ে। ।

ডাৰ্ক চকলেটক পিৰিয়ড পেইনৰ বাবে ভাল বুলি গণ্য কৰা হয়। ইয়াত অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে পিৰিয়ডৰ বিষ কমোৱাত সহায় কৰে। একাংশ মহিলাৰ মাহেকীয়া হোৱাৰ ঠিক আগতে চকলেট খোৱাৰ ইচ্ছা জাগে। 

পিৰিয়ডৰ সময়ত চকলেট কিয় খাব লাগে?
১) এনচিবিআইৰ প্ৰতিবেদন অনুসৰি চকলেট খালে মহিলাৰ মানসিক স্থিৰতা উন্নত কৰে। কাৰণ ডাৰ্ক চকলেটত চেৰ’টনিন নামৰ এবিধ এন্টিডিপ্ৰেছন পদাৰ্থ থাকে, মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব।
 
২) চকলেটে মাহেকীয়াৰ সময়ত মহিলাৰ মানসিক চাপ হ্ৰাস কৰে। পিৰিয়ডৰ ফলত হোৱা বিষৰ পৰা সকাহ দিয়া উপৰি চকলেটে ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰে।

৩) পিৰিয়ডৰ সমস্যা দূৰ কৰাত চকলেট উপকাৰী। বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষত ভুগিবলগীয়া হয়। সেই বিষৰ বাবে চকলেট হৈছে সৰ্বোত্তম সমাধান। ডাৰ্ক চকলেটত ফেনল আৰু ফ্লেভনয়ডৰ দৰে এন্টিঅক্সিডেন্ট থাকে। ইয়াৰ উপৰি ইয়াত কেলচিয়াম, পটাছিয়াম, আইৰণ, কিছু পৰিমাণে ওমেগা-৩ আৰু ৬ আৰু মেগনেছিয়াম আদি খনিজ পদাৰ্থ থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস