--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিনক দিনে বৃদ্ধি পাইছে মোবাইল, লেপটপৰ ব্যৱহাৰ। সময়ৰ লগে লগে চকুৰ ওপৰত চাপো বাঢ়ি যায়। গতিকে দৈনন্দিন খাদ্যত কিবা এটা থাকিবই লাগিব, যিয়ে চকু ভাল কৰি ৰাখিব। আমি সকলোৱে জানো যে কামৰ বোজা বৃদ্ধি হোৱাৰ লগে লগে চকুৰ ওপৰত চাপ বাঢ়ি যায়। বহুতে কম্পিউটাৰৰ সন্মুখত দিনটোত আঠৰ পৰা ন ঘণ্টা কাম কৰিব লগা হয়। ঘৰলৈ উভতি আহি টিভি চাওক বা বিচনাত নেটফ্লিক্স চাওক। গোটেই দিনটো নেটৰ মাজেৰে ঘূৰি ফুৰে। এই সকলোবোৰৰ মাজতো  চকুৰ যত্ন কেনেকৈ লব? ইয়াৰ সমাধান খাদ্যত পোৱা যায়।

১. চকুৰ স্বাস্থ্য বজাই ৰাখিবলৈ ওমেগা-৩ ফেটি এচিডৰ প্ৰয়োজন। শৰীৰৰ বাবে প্ৰয়োজনীয় ওমেগা-৩ ফেটি এচিড বিভিন্ন ধৰণৰ সাগৰীয় মাছত পোৱা যায়। ভাৰতত এতিয়া চাৰ্ডিন, ছালমন বা টুনা মাছও পোৱা যায়। এইবিধ মাছৰ তেল চকুৰ বাবে অতি উপকাৰী।

২. চকুৰ যত্নত বিলাহী অতি ফলপ্ৰসূ। বিলাহীত থকা বিটা-কেৰটিন বা ভিটামিন এ চকুৰ বাবে অতি প্ৰয়োজনীয়। নিয়মিতভাৱে বিলাহী খালে চকুৰ সংক্ৰমণৰ সম্ভাৱনা কমি যায়। ভিটামিন এয়ে চকুৰ যত্ন লয়।

৩. কণীতো ভিটামিন এ পোৱা যায়। ইয়াৰ উপৰিও কণীত জিংক আৰু লুটিন থাকে। জিংকে চকুৰ বগা অংশ সুস্থ কৰি ৰখাত সহায় কৰে। বিশেষকৈ দৈনিক কণীৰ কুহুম খোৱাটো চকুৰ বাবে উপকাৰী।

৪. কেৱল ভিটামিন এয়েই যথেষ্ট নহয়। চকুৰ স্বাস্থ্যৰ বাবে ভিটামিন চিৰ প্ৰয়োজন। আৰু নেমু ভিটামিন চিৰ উত্তম উৎস। নিয়মিতভাৱে মৌচুমী বা নেমু খালে সেই প্ৰয়োজন পূৰণ কৰিব পাৰি।

৫. চকুৰ যত্নৰ বাবে গাখীৰ বা যিকোনো দুগ্ধজাত খাদ্য উপযোগী। গাখীৰ আৰু দৈত ভিটামিন এ আৰু জিংক প্ৰচুৰ পৰিমাণে থাকে। চকুৰ যত্নত দুয়োটা উপাদান অতি প্ৰয়োজনীয়। যিসকলে গৰুৰ গাখীৰ সেৱন কৰিব নোৱাৰে তেওঁলোকে মাটিমাহৰ পৰা পোৱা গাখীৰও সেৱন কৰিব পাৰে। চকুৰ বাবেও ই উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু