--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকুযুৰিৰ সুস্থতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ কথা। চকুৰ অসুবিধা পোৱা মানেই জীৱনৰ বহু কামতে আউল লাগিব পাৰে। বৰ্তমান খাদ্যাভাস আৰু প্ৰদূষণ আদিৰ বাবে আমাৰ চকুযুৰিৰ বহু ক্ষতি হৈ আহিছে। সেয়ে চকুৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমি কেতবোৰ খাদ্য বিশেষভাবে গ্ৰহণ কৰা ভাল। চকু ভাল ৰাখিবলৈ আপুনি কি খাব?

তলত আমি আগবঢ়াইছো চকু ভালে ৰাখিবলৈ আপুনি খাব পৰা কেইবিধমান খাদ্য।

বাদামজাতীয় খাদ্য:
বাদামজাতীয় খাদ্যসমূহ চকুৰ ৰেটিনাৰ কাৰণে ভাল। এইসমূহে চকু ভালে ৰাখে আৰু অস্পষ্ট দৃষ্টি দূৰ কৰে।

বাদামজাতীয় খাদ্যসমূহ ভিটামিনেৰে ভৰপূৰ। কাঠ বাদাম, আমণ্ড আৰু ৱালনাট—আটাইবোৰেই স্বাস্থ্যৰ পক্ষে ভাল।দিনে এমুঠিমান বাদামজাতীয় শুকান ফল খালেই ই আপোনাৰ চকুৰ লগতে সম্পূৰ্ণ স্বাস্থ্য ভালে ৰাখিব।

 মাছ:
তেলযুক্ত মাছত অমেগা ৩ আৰু ৬ ফেটি এচিড থাকে। দেহৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনৰ লগতে আন প্ৰয়োজনীয়তাও মাছে পূৰণ কৰে।

চকু ভালে থাকিবলৈ চকুত পানী থকাৰ প্ৰয়োজন। ফেটি এচিডে চকুৰ পানী উৎপন্ন হোৱাত সহায় কৰে।
চকুৰ পানীয়ে চকু পৰিষ্কাৰ কৰি ৰখাৰ লগতে চকুৰ অৱসাদ দূৰ কৰে আৰু ইয়াক সুস্থ ৰাখে।

 গাজৰ:
গাজৰ ভিটামিন এ-ৰে সমৃদ্ধ। ভিটামিন-এ চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
গাজৰে চকুৰ সামগ্ৰিক স্বাস্থ্য ঠিক ৰখাৰ লগতে কুকুৰীকণা আদি সমস্যাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়।সেউজীয়া শাক-পাচলি নিয়মিত খোৱা কৰক।

পানীঃ প্ৰচুৰ পানী খাব। পানীয়ে চকৰুৰ লগতে দেহৰ আন অংগৰ সুস্থতা ৰক্ষাতো সহায় কৰে। কিছু সময় কাম কৰাৰ পিছত সেউজীয়া দৃশ্য চাবলৈ চেষ্টা কৰিব। এনে কৰিলে চকুযুৰিয়ে আৰাম পাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ