--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মানুহে ভাইৰেল হ’বৰ বাবে বহু নকৰিবলগীয়া কাণ্ড কৰে। এনে কৰিবলৈ যাওতে কেতিয়াবা অঘটনো ঘটে। উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। য’ত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ স্বাৰ্থত এগৰাকী ছোৱালীয়ে বুলেট বাইকত বিপজ্জনক ষ্টাণ্ট কৰি আইন উলংঘা কৰিছিল। 

ইনষ্টাগ্ৰামত ছোৱালীজনীৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগেই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীয়ে পোনপটীয়াকৈ ২২ হাজাৰ টকাৰ জৰিমনা বিহে যুৱতীগৰাকীক।

ছোৱালীজনীয়ে ফিল্মী ষ্টাইলত বাইক ষ্টাণ্ট কৰি ‘শ্বেৰ আকেলা ভাৰী হায়’ গীতটোৰ ভিডিঅ’ নিৰ্মাণ কৰিছিল। বুলেটৰ পৰা হাত এৰি নাচি নাচি ছোৱালীজনীয়ে ভিডিঅ’ কৰে আৰু ইনষ্টাগ্ৰামত এই ভিডিঅ’টো আপলোড কৰিলে। এই ভিডিঅ'টো দেখাৰ লগে লগে হাজাৰ হাজাৰ লাইক আৰু ভিউ পালে আৰু এই ভিডিঅ'টো ফিৰোজাবাদত বনজুইৰ দৰে ভাইৰেল হৈ পৰিল।

তথ্য অনুসৰি ছোৱালীজনীৰ ইনষ্টাগ্ৰাম আইডিৰ নাম bulletrani_3271 আৰু এই আইডিৰ সৈতে এই ষ্টাণ্ট ভিডিঅ’টো পোষ্ট কৰিছিল। ভিডিঅ’টোত স্পষ্টকৈ দেখা গ’ল যে ছোৱালীজনীয়ে বুলেট বাইকত হাত থৈ ষ্টাণ্ট কৰি নিজৰ জীৱনৰ লগতে আন পথচাৰীৰ জীৱনকো বিপদত পেলাইছিল।

ইনষ্টাগ্ৰামত ভাইৰেল হোৱাৰ পিছত এই ভিডিঅ’টো ট্ৰেফিক পুলিচৰ ওচৰ পালেহি। লগে লগে আৰক্ষীয়ে ভিডিঅ’টোৰ পৰা যুৱতীগৰাকীক চিনাক্ত কৰে। তদন্তত প্ৰকাশ পাইছে যে যুৱতীগৰাকী ফিৰোজাবাদৰ বাসিন্দা আৰু প্ৰতিদিনে ছ’চিয়েল মিডিয়াত এনে ষ্টাণ্ট ভিডিঅ’ আপলোড কৰে।

আৰক্ষীয়ে ছোৱালীজনীৰ বাইকৰ নম্বৰ অনুসন্ধান কৰি চমন কৰি থিতাতে ২২ হাজাৰ টকাৰ বিশাল পৰিমাণৰ চালান জাৰি কৰে। লগতে আৰক্ষীয়ে কঠোৰ নিৰ্দেশ দিয়ে যে যদি কোনোবাই পুনৰ এনে ষ্টাণ্ট কৰে তেন্তে গুৰুতৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ