--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মানুহে ভাইৰেল হ’বৰ বাবে বহু নকৰিবলগীয়া কাণ্ড কৰে। এনে কৰিবলৈ যাওতে কেতিয়াবা অঘটনো ঘটে। উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। য’ত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ স্বাৰ্থত এগৰাকী ছোৱালীয়ে বুলেট বাইকত বিপজ্জনক ষ্টাণ্ট কৰি আইন উলংঘা কৰিছিল। 

ইনষ্টাগ্ৰামত ছোৱালীজনীৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগেই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীয়ে পোনপটীয়াকৈ ২২ হাজাৰ টকাৰ জৰিমনা বিহে যুৱতীগৰাকীক।

ছোৱালীজনীয়ে ফিল্মী ষ্টাইলত বাইক ষ্টাণ্ট কৰি ‘শ্বেৰ আকেলা ভাৰী হায়’ গীতটোৰ ভিডিঅ’ নিৰ্মাণ কৰিছিল। বুলেটৰ পৰা হাত এৰি নাচি নাচি ছোৱালীজনীয়ে ভিডিঅ’ কৰে আৰু ইনষ্টাগ্ৰামত এই ভিডিঅ’টো আপলোড কৰিলে। এই ভিডিঅ'টো দেখাৰ লগে লগে হাজাৰ হাজাৰ লাইক আৰু ভিউ পালে আৰু এই ভিডিঅ'টো ফিৰোজাবাদত বনজুইৰ দৰে ভাইৰেল হৈ পৰিল।

তথ্য অনুসৰি ছোৱালীজনীৰ ইনষ্টাগ্ৰাম আইডিৰ নাম bulletrani_3271 আৰু এই আইডিৰ সৈতে এই ষ্টাণ্ট ভিডিঅ’টো পোষ্ট কৰিছিল। ভিডিঅ’টোত স্পষ্টকৈ দেখা গ’ল যে ছোৱালীজনীয়ে বুলেট বাইকত হাত থৈ ষ্টাণ্ট কৰি নিজৰ জীৱনৰ লগতে আন পথচাৰীৰ জীৱনকো বিপদত পেলাইছিল।

ইনষ্টাগ্ৰামত ভাইৰেল হোৱাৰ পিছত এই ভিডিঅ’টো ট্ৰেফিক পুলিচৰ ওচৰ পালেহি। লগে লগে আৰক্ষীয়ে ভিডিঅ’টোৰ পৰা যুৱতীগৰাকীক চিনাক্ত কৰে। তদন্তত প্ৰকাশ পাইছে যে যুৱতীগৰাকী ফিৰোজাবাদৰ বাসিন্দা আৰু প্ৰতিদিনে ছ’চিয়েল মিডিয়াত এনে ষ্টাণ্ট ভিডিঅ’ আপলোড কৰে।

আৰক্ষীয়ে ছোৱালীজনীৰ বাইকৰ নম্বৰ অনুসন্ধান কৰি চমন কৰি থিতাতে ২২ হাজাৰ টকাৰ বিশাল পৰিমাণৰ চালান জাৰি কৰে। লগতে আৰক্ষীয়ে কঠোৰ নিৰ্দেশ দিয়ে যে যদি কোনোবাই পুনৰ এনে ষ্টাণ্ট কৰে তেন্তে গুৰুতৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক