--°C
Loading...
Listen to Article
2 min read
80%

ইছলামাবাদঃ চৰম বিত্তীয় সংকটত পাকিস্তান! বিত্তীয় সংকটৰ সৈতে মোকাবিলা কৰিবলৈ গৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ পাকিস্তান চৰকাৰৰ। ভাৰাত দিয়া হৈছে প্ৰধানমন্ত্ৰী ইমৰান খানৰ বাসগৃহ। ইছলামাবাদত প্ৰধানমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহ ভাৰাত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে পাকিস্তান প্ৰশাসনে প্ৰধানমন্ত্ৰীৰ বাসভৱনক এখন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ দিছিল।

সিদ্ধান্তটো ২০১৯ চনৰ আগষ্টত লোৱা হৈছিল। তেতিয়াই ইমৰান খানে এখন শিক্ষানুষ্ঠান নিৰ্মাণৰ বাবে চৰকাৰী বাসভৱন ত্যাগ কৰিছিল। কিন্তু সেই প্ৰস্তাৱ এতিয়া অতীত। সম্প্ৰতি, প্ৰশাসনে বিত্তীয় সংকটৰ মোকাবিলা কৰিবলৈ সেই বাসস্থানটো ভাৰাত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পাকিস্তানী চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইছলামাবাদৰ ৰেড জ’নত থকা প্ৰধানমন্ত্ৰীৰ বাসগৃহ এতিয়াৰে পৰা সাংস্কৃতিক, ফেশ্বন, শিক্ষা আৰু অন্যান্য অনুষ্ঠানৰ বাবে ভাৰাত দিয়া হ'ব। এই সন্দৰ্ভত দুখনকৈ সমিতি গঠন কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ভাৰাৰপৰা প্ৰাপ্ত ধনসংগ্ৰহ কৰাটো কেনেকৈ সম্ভৱ, সেই বিষয়ে কেবিনেটৰ বৈঠকত আলোচনা কৰা হ'ব বুলিও জানিবলৈ পোৱা গৈছে।

আন্তৰ্জাতিক মানৰ আলোচনা-চক্ৰৰ বাবেও গৃহনিৰ্মাণৰ ব্যৱস্থা হাতত হোৱা হৈছে। পাক-প্ৰধানমন্ত্ৰীয়ে পূৰ্বে একাধিকবাৰ সদৰী কৰিছিল যে, চৰকাৰী কোষাগাৰত ৰাজহুৱা কল্যাণমূলক আঁচনি চলাবলৈ পৰ্যাপ্ত ধন নাই। প্ৰশাসনৰ সিদ্ধান্তটো চৰকাৰী কোষাগাৰৰ বিত্তীয় পৰিমাণ পূৰণৰ লক্ষ্যৰে লোৱা বুলি ধাৰণা কৰা হৈছে। ইমৰান খানে দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰীৰ বাসগৃহ ব্যৱহাৰ কৰা নাই। সম্প্ৰতি তেওঁ বানীগালাৰ বাসগৃহত বাস কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ