--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত অৱতৰণ কৰিলে চন্দ্ৰযান-৩য়ে। ভাৰতৰ এই তৃতীয় চন্দ্ৰ অভিযানৰ আঁৰত আছে বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মসৃণ পৰিচালনাৰ লগতে ১০টা চৰকাৰী আৰু ব্যক্তিগত সংস্থাৰ সহযোগিতা।

তিনি বছৰ ধৰি এই সংগঠনসমূহে তৃতীয় চন্দ্ৰযানক বিভিন্ন ধৰণে কাৰিকৰী সহায় আগবঢ়াই আহিছে। উল্লেখযোগ্য যে এই ১০টা ব্যৱসায়িক প্ৰতিষ্ঠানে যোৱা তিনি বছৰত ভাল উপাৰ্জন লাভ কৰিছে।

কোম্পানীসমূহৰ ভিতৰত বিশিষ্ট হৈছে চৰকাৰী হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল), ভেল। ১০টা কোম্পানীৰ তালিকাত ভাৰত আৰু বিশ্বৰ আন্তঃগাঁথনি নিৰ্মাণ উদ্যোগৰ অন্যতম আগশাৰীৰ কোম্পানী লাৰ্চেন এণ্ড টৌব্ৰ’ (এল এণ্ড টি) অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও মিশ্ৰ ধতু নিগম লিমিটেড, ৱালচান্দনগৰ ইণ্ডাষ্ট্ৰীজ, চেণ্টাম ইলেক্ট্ৰনিক্স, লিণ্ডে ইণ্ডিয়া, পৰশ প্ৰতিৰক্ষা আৰু মহাকাশ প্ৰযুক্তিৰ দৰে কোম্পানী আছে।

১০টা কোম্পানীৰ তালিকাত এমটিআৰ টেকন’লজিছ আৰু গডৰেজ এৰ’স্পেচকো অন্তৰ্ভুক্ত কৰা হৈছে। গডৰেজ এৰ’স্পেচ হৈছে ব্যৱসায়িক সংঘ গোড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ এটা বিভাগ। ইছৰোৰ এক সূত্ৰৰ মতে চন্দ্ৰযানৰ এক্সিলেটৰটো এল এণ্ড টি কোম্পানীয়ে প্ৰদান কৰিছে। মূলতঃ হেড এণ্ড ছেগমেণ্ট, মিডল ছেগমেণ্ট আৰু নজেল বাকেট ফ্লেঞ্জ পৱাই কাৰখানাত পৰীক্ষা কৰাৰ পিছত ইছৰ’ক গতাই দিয়া হৈছে।

চৰকাৰী প্ৰতিষ্ঠানটোৱে ভেল-এ চন্দ্ৰযানৰ অত্যাধুনিক বেটাৰী যোগান ধৰিছে। ভেইলৰ গৱেষণা শাখা ৱেল্ডিং ৰিচাৰ্চ ইনষ্টিটিউটে দুটা ধাতুৰে নিৰ্মিত বিশেষ এডাপ্টাৰ প্ৰদান কৰিছিল। ফলত অতি ঠাণ্ডা বতৰতো চন্দ্ৰযানৰ ইন্ধন জমা হোৱা নাছিল।

চন্দ্ৰযান উৎক্ষেপণ কৰা ৰকেটটো বিভিন্ন মিশ্ৰণেৰে গঠিত আছিল। এই ক্ষেত্ৰত মিশ্ৰ ধাতু নিগম লিমিটেডে সহায় কৰিছে। ইয়াৰ উপৰিও হালে চন্দ্ৰযানৰ বাবে বিভিন্ন সৰু-বৰ সামগ্ৰী যোগান ধৰিছে। মন কৰিবলগীয়া যে হাল আৰু এল এণ্টক যৌথভাৱে পাঁচটা উপগ্ৰহ নিৰ্মাণৰ ঠিকা প্ৰদান কৰিছে চৰকাৰী কোম্পানী নিউ স্পেচ ইণ্ডিয়া লিমিটেডে।

হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৱালচান্দনগৰ উদ্যোগেও এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত চন্দ্ৰযানক সহায় আগবঢ়াইছিল। অত্যধিক চাপতো ইন্ধনৰ টেংকিত যাতে কোনো সমস্যা নহয় তাৰ বাবে কোম্পানীটোৱে বিশেষ কাৰিকৰী সহায় আগবঢ়াইছে।

ইছৰোৰ তৃতীয় চন্দ্ৰ অভিযানত মুঠ ৬১৫ কোটি টকা ব্যয় হৈছিল। ইয়াৰে ৩৬৫ কোটি টকা কেৱল সফল উন্মোচনৰ বাবে ব্যয় কৰা হৈছে। লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞানৰ মূল্য ২৫০ কোটি টকা। ২০০৮ চনত ইছৰোৰ প্ৰথম চন্দ্ৰ অভিযানত ব্যয় হৈছিল ৩৬৫ কোটি টকা। ২০১৯ চনত চন্দ্ৰযান-৩ চন্দ্ৰলৈ প্ৰেৰণৰ ব্যয় আছিল ৯৭৮ কোটি টকা। সেই অভিযান অৱশ্যে বিফল হ’ল।





















FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান