--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত অৱতৰণ কৰিলে চন্দ্ৰযান-৩য়ে। ভাৰতৰ এই তৃতীয় চন্দ্ৰ অভিযানৰ আঁৰত আছে বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মসৃণ পৰিচালনাৰ লগতে ১০টা চৰকাৰী আৰু ব্যক্তিগত সংস্থাৰ সহযোগিতা।

তিনি বছৰ ধৰি এই সংগঠনসমূহে তৃতীয় চন্দ্ৰযানক বিভিন্ন ধৰণে কাৰিকৰী সহায় আগবঢ়াই আহিছে। উল্লেখযোগ্য যে এই ১০টা ব্যৱসায়িক প্ৰতিষ্ঠানে যোৱা তিনি বছৰত ভাল উপাৰ্জন লাভ কৰিছে।

কোম্পানীসমূহৰ ভিতৰত বিশিষ্ট হৈছে চৰকাৰী হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল), ভেল। ১০টা কোম্পানীৰ তালিকাত ভাৰত আৰু বিশ্বৰ আন্তঃগাঁথনি নিৰ্মাণ উদ্যোগৰ অন্যতম আগশাৰীৰ কোম্পানী লাৰ্চেন এণ্ড টৌব্ৰ’ (এল এণ্ড টি) অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও মিশ্ৰ ধতু নিগম লিমিটেড, ৱালচান্দনগৰ ইণ্ডাষ্ট্ৰীজ, চেণ্টাম ইলেক্ট্ৰনিক্স, লিণ্ডে ইণ্ডিয়া, পৰশ প্ৰতিৰক্ষা আৰু মহাকাশ প্ৰযুক্তিৰ দৰে কোম্পানী আছে।

১০টা কোম্পানীৰ তালিকাত এমটিআৰ টেকন’লজিছ আৰু গডৰেজ এৰ’স্পেচকো অন্তৰ্ভুক্ত কৰা হৈছে। গডৰেজ এৰ’স্পেচ হৈছে ব্যৱসায়িক সংঘ গোড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ এটা বিভাগ। ইছৰোৰ এক সূত্ৰৰ মতে চন্দ্ৰযানৰ এক্সিলেটৰটো এল এণ্ড টি কোম্পানীয়ে প্ৰদান কৰিছে। মূলতঃ হেড এণ্ড ছেগমেণ্ট, মিডল ছেগমেণ্ট আৰু নজেল বাকেট ফ্লেঞ্জ পৱাই কাৰখানাত পৰীক্ষা কৰাৰ পিছত ইছৰ’ক গতাই দিয়া হৈছে।

চৰকাৰী প্ৰতিষ্ঠানটোৱে ভেল-এ চন্দ্ৰযানৰ অত্যাধুনিক বেটাৰী যোগান ধৰিছে। ভেইলৰ গৱেষণা শাখা ৱেল্ডিং ৰিচাৰ্চ ইনষ্টিটিউটে দুটা ধাতুৰে নিৰ্মিত বিশেষ এডাপ্টাৰ প্ৰদান কৰিছিল। ফলত অতি ঠাণ্ডা বতৰতো চন্দ্ৰযানৰ ইন্ধন জমা হোৱা নাছিল।

চন্দ্ৰযান উৎক্ষেপণ কৰা ৰকেটটো বিভিন্ন মিশ্ৰণেৰে গঠিত আছিল। এই ক্ষেত্ৰত মিশ্ৰ ধাতু নিগম লিমিটেডে সহায় কৰিছে। ইয়াৰ উপৰিও হালে চন্দ্ৰযানৰ বাবে বিভিন্ন সৰু-বৰ সামগ্ৰী যোগান ধৰিছে। মন কৰিবলগীয়া যে হাল আৰু এল এণ্টক যৌথভাৱে পাঁচটা উপগ্ৰহ নিৰ্মাণৰ ঠিকা প্ৰদান কৰিছে চৰকাৰী কোম্পানী নিউ স্পেচ ইণ্ডিয়া লিমিটেডে।

হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৱালচান্দনগৰ উদ্যোগেও এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত চন্দ্ৰযানক সহায় আগবঢ়াইছিল। অত্যধিক চাপতো ইন্ধনৰ টেংকিত যাতে কোনো সমস্যা নহয় তাৰ বাবে কোম্পানীটোৱে বিশেষ কাৰিকৰী সহায় আগবঢ়াইছে।

ইছৰোৰ তৃতীয় চন্দ্ৰ অভিযানত মুঠ ৬১৫ কোটি টকা ব্যয় হৈছিল। ইয়াৰে ৩৬৫ কোটি টকা কেৱল সফল উন্মোচনৰ বাবে ব্যয় কৰা হৈছে। লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞানৰ মূল্য ২৫০ কোটি টকা। ২০০৮ চনত ইছৰোৰ প্ৰথম চন্দ্ৰ অভিযানত ব্যয় হৈছিল ৩৬৫ কোটি টকা। ২০১৯ চনত চন্দ্ৰযান-৩ চন্দ্ৰলৈ প্ৰেৰণৰ ব্যয় আছিল ৯৭৮ কোটি টকা। সেই অভিযান অৱশ্যে বিফল হ’ল।





















FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ