--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চোৰৰ চকু পৰিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ পত্নী মল্লিকা নড্ডাৰ বাহনত৷ মল্লিকা নড্ডাৰ গাড়ীখন দিল্লীৰ গোবিন্দপুৰীৰ এটা চাৰ্ভিচ চেণ্টাৰৰ পৰা চুৰি হোৱাৰ খবৰ পোৱা গৈছে। মল্লিকা নড্ডাৰ ফৰ্চুনাৰ গাড়ীখন গোবিন্দপুৰীৰ এটা চাৰ্ভিচ চেণ্টাৰলৈ লৈ যোৱা হৈছিল৷আৰু পৰৱৰ্তী সময়ত গাড়ীখন চুৰি কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে।

গাড়ীখনৰ চালক যোগিন্দৰ সিঙে ১৯ মাৰ্চত এটা অভিযোগ দাখিল কৰিছিল। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছিল আৰু গাড়ীখন বিচাৰিবলৈ আৰম্ভ কৰিছিল।

চালকজনে অভিযোগটোত কৈছিল যে তেওঁ ১৯ মাৰ্চৰ আবেলি প্ৰায় ৩ বজাত গাড়ীখন চাৰ্ভিচ চেণ্টাৰটোত ৰখাইছিল আৰু দুপৰীয়াৰ আহাৰ খাবলৈ ঘৰলৈ গৈছিল। কিন্তু, তেওঁ ঘূৰি অহাৰ সময়ত গাড়ীখন সেইঠাইত নাছিল বুলি চালকজনে দাবী কৰিছিল।

আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি গাড়ীখন শেষবাৰৰ বাবে গুৰুগ্ৰামৰ ফালে যোৱা জানিব পাৰিছিল৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...